গোলনেমু আৰু নেমুৰ কুমলীয়া পাতৰ সৈতে মুৰ্গী মাংস

মৌচুমী শৰ্মা

 

প্ৰয়োজনীয় সামগ্ৰী: ৫০০ গ্ৰাম মুৰ্গী মাংস, গোলনেমুৰ কুমলীয়া পাত, গোলনেমু, আদা-নহৰু পেষ্ট, সৰিয়হৰ তেল, পিঁয়াজ, জিৰা পাউদাৰ, ধনীয়া পাউদাৰ, গৰম মচলা, সৰহকৈ জালুকৰ গুৰি, জলকীয়াৰ গুৰি, হালধি, নিমখ জোখ মতে৷

প্ৰণালী: প্ৰথমে মাংসখিনি ভালদৰে ধুই লোৱা হ’ল৷ কেৰাহীত তেল গৰম হবলৈ দি তাত আদা-নহৰু আৰু পিঁয়াজ খিনি দি ভালদৰে ৰঙচুৱা হোৱালৈ ভাজি লোৱা হ’ল৷ মচলাখিনিৰ পৰা যেতিয়া তেল এৰিবলৈ ধৰিব তেতিয়া তাত শুকান মচলা খিনি দি ভালদৰে অকণমান সময় লৰাই মাংস খিনি দিয়া হ’ল৷ মাংসখিনি ভাজি যেতিয়া তেল ওলাবলৈ ধৰিব তেতিয়া তাত আগতে ধুই থোৱা গোলনেমুৰ কুমলীয়া পাত কেইটা আৰু ৰস খিনি দি ভালদৰে মাংসখিনি সিজিবলৈ দিয়া হ’ল। তাৰপিছত তাত অকণমান পানী দি ঢাকোন দি অকণমান সময় ৰখাৰ পিছত পৰিবেশনৰ বাবে সাজু হৈ উঠিব। এইটো ৰেচিপি পানী নিদিয়াকৈ শুকানে ও বনাব পাৰি। ভাতৰ লগত বা ৰুটিৰ লগত খাবলৈ ভাল।

মন্তব্য

পঢ়িব পাৰে

বাঁহৰ চুঙাত দিয়া গাহৰিৰ মাংস

অপূৰ্ব দাস উপকৰণ : ২৫০ গ্ৰাম ছাল আৰু হাড় নথকা গাহৰিৰ মাংস (গাহৰি মাসৰ সলনি …