কৰ্মক্ষেত্ৰত আত্মবিশ্বাসী হোৱাৰ ১০ টি সহজ পন্থা

কৰ্মই ধৰ্ম৷ কৰ্ম অবিহনে জীৱন অসাৰ৷ দৈনন্দিন জীৱনৰ কৰ্মব্যস্ততাই মানুহৰ জীৱন ভাগৰুৱা কৰি তোলে৷ সপ্তাহটিৰ অন্তত অৱসাদ দুৰ কৰিব বিচাৰিও আমি সময়ৰ অভাৱৰ বাবে নোৱাৰো৷ নোৱাৰো আপোনজনৰ লগত মনে বিচৰামতে কিছু মুহুৰ্ত কটাব৷ কেনেকৈনো কৰ্মক্ষেত্ৰখনৰ কামবোৰ সূচাৰুকৈ আৰু কম সময়ত কৰিব পাৰো তাৰে কেইটিমান টিপচ্‌ চাওঁ আহকচোন-

১/ সৰু কামবোৰ আগতে কৰক– দিনটোৰ আৰম্ভণিতে অফিচ গৈ সৰু সৰু কামবোৰ প্ৰথমে কৰা অভ্যাস কৰক৷ সৰু কামবোৰ শেষ কৰি ল’লে ডাঙৰ কাম কৰিব আগ্ৰহ জন্মিব৷

২/ অৱসৰ বা বিৰতি লওঁক– দৈনন্দিন কামৰ মাজে মাজে বিৰতি লওঁক৷ কামৰ ফাঁকে ফাঁকে লঘু ব্যায়াম কৰা অভ্যাস কৰক৷ ব্যায়ামে শৰীৰ আৰু মন দুয়োটাকে উৎফুল্লিত কৰি ৰাখে৷

৩/ দৈনন্দিন কামৰ তালিকা তৈয়াৰ কৰক– প্ৰতিদিন কি কাম কৰিব তাৰে তালিকা এখন নিৰ্দিষ্ট কৰি লওঁক৷ তেনে কৰিলে কোনো কাম এৰা পৰাৰ কথা নাথাকে৷ তদুপৰি নিজৰ বাবেও সময় উলিয়াব পাৰিব৷

৪/ সামাজিক মাধ্যমৰ সীমিত ব্যৱহাৰ– বৰ্তমান যুগ ছ’চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ যুগ৷ অতিপাত এই মাধ্যমৰ ব্যৱহাৰ এৰি নিজৰ প্ৰয়োজনতহে ব্যৱহাৰ কৰক৷ ম’বাইল, হোৱাটচ এপ আদিৰ অতিমাত্ৰা ব্যৱহাৰে মানুহৰ মন ক্লান্ত কৰি তোলে৷

৫/ কিছুসময় নিজৰ বাবে ৰাখক– দিনটোৰ সকলো কামৰ অন্তত কিছু সময় নিজৰ বাবে ৰাখক৷ এইখিনি সময়ত ভাললগা চিনেমা উপভোগ কৰক নহ’লে মৃদু সংগীত শুনা অভ্যাস কৰক৷ মনলৈ সতেজতা আহিব৷

৬/ নিয়ম মাফিক সময়ৰ ব্যৱহাৰ– ধৰি লওঁক অফিচৰ মিটিং আছে ১১বজাত৷ পৰাপক্ষত ৫ মিনিট আগত উপস্থিত হওঁক৷ কিন্তু ৫ মিনিট দেৰিকৈ উপস্থিত হৈ নিজৰ ভাৱমুৰ্তি নষ্ট নকৰিব৷ সময়ৰ নিয়ম মাফিক ব্যৱহাৰ কৰিব শিকক৷

৭/ আলোচনা কৰক– অফিচৰ কামত সমস্যা আহিলে সহকৰ্মীৰ লগত আলোচনা কৰক৷ ইয়ে সহকৰ্মীৰ লগত সম্পৰ্ক সুদৃঢ় কৰাই নহয় সকলো কাম সুকলমে কৰি আত্মবিশ্বাসী হোৱাত সহায় কৰিব৷

৮/ পুৱাৰ সময়খিনিৰ সৎ ব্যৱহাৰ– পুৱা শুই উঠি কাৰ্যক্ষেত্ৰলৈ যোৱাৰ আগৰ সময়খিনি সৎ ব্যৱহাৰ কৰক৷ বাতৰি কাকত পঢ়াৰ অভ্যাস কৰক৷ সময়মতে কাৰ্যক্ষেত্ৰত উপস্থিত হওঁক৷

৯/ আনৰ মতামতক ধৈৰ্য্যৰে গ্ৰহণ– বহুক্ষেত্ৰত এনে হয় আনে কোনো বিষয়ত মতামত দিলে শুনাৰ বাবে সাজু হোৱা নাযায়৷ কিন্তু কিছুক্ষেত্ৰত আনৰ মতামত জানি আগবাঢ়িলে বিপদত পৰাৰ সম্ভাৱনা কম হয়৷ কাৰ্যক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা আত্মবিশ্বাসী হোৱাৰ ক্ষেত্ৰত অৰিহণা পোৱা যায়৷

১০/ ১% সময় নিজৰ উন্নয়নত ব্যৱহাৰ– দিনটোৰ ব্যস্ততাৰ মাজত ১% সময় নিজক দিয়ক৷ দেখিব এইকণ সময়ে আপোনাক আত্মবিশ্বাসী কৰি তোলাত যথেষ্ট প্ৰভাৱ পেলাইছে৷

image Source: Internet

মন্তব্য

পঢ়িব পাৰে

কেঁচা গাজি মগুৰ উপকাৰিতা জানো আহক

ডা: মনোজ কুমাৰ শইকীয়া (সংগ্ৰহীত) প্ৰতিদিনে ৫০ গ্ৰাম গাজি মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ …