চেনেলী বিহু, ৰেপ বিহু আৰু চেনেলৰ ৰুচিবোধ সৃষ্টিৰ দায়িত্ব

ধীৰেন শইকীয়া

এইবাৰো আৰম্ভ হৈ গ’ল আমাৰ অসমত ‘চেনেলী বিহু’। নিউজ চেনেলবোৰে মাৰ্চৰ পোন্ধৰ তাৰিখ আহিলেই প্ৰতিবছৰে আৰম্ভ কৰি দিয়ে ৰঙালী বিহু আহিছে বুলি জাননী দিয়াৰ কৰ্মভাগি। এইবাৰো এৰা নাই। আমাৰ দৰে হেজাৰজনৰ হাঁহি উঠে কাৰবাৰবোৰ দেখি। এইবাৰ ৰঙালী বিহুৰ বিশেষ আকৰ্ষণ হেনো কেইবাজনো গায়কৰ ৰেপ মিশ্ৰিত বিহুসুৰীয়া অসমীয়া গীত। সঁচাই আচৰিত ধৰণৰ সংগীত আহিছে ৰাজ্যখনৰ সাংস্কৃতিক জগতলৈ। তাহানিতে বিহুৰ ওজা খগেন মহন্তদেৱে ধিক্কাৰ দিছিল এই বস্তুবিধক। পিছে ৰাইজে আজি আদৰি লোৱা দেখি শিল্পীসকলৰো যেন গাঁত আহৰি নাইকিয়া হৈছে। দৰ্শকে এই ৰেপ গানসমুহৰ ৰেপ অংশৰ শাৰীকেইটা বুজক নুবুজক তালৈ গায়কৰ ভ্ৰুক্ষেপ নাই। গায়ককেইজনে এটা অদ্ভুত মাত উলিওৱাৰ লগতে শৰীৰটোত সৰ্পসদৃশ ভাজ উলিয়াই শ্ৰোতাৰ যিখনহে ৰং চায়! এইবোৰ দেখি গানৰ বিষয়বস্তু কৰবাতে লুকায়। সঁচাই ডেকা ল’ৰা ছোৱালীৰ অদ্ভুত আগ্ৰহৰ এই সংগীতবিধ পিছে অসমত বৰ্তমানলৈকে বেছি নহয়। কিন্তু গৱেষণা চলি থকাৰ উমান পাইছো। ডুৱেল মিনিঙ যেন এইবিধ গীতৰ প্ৰতিপাদ্য বিষয় ।
বিগত দুটা বছৰত দুৱেল মিনিঙৰ আন এবিধ গীতেৰেও সুৰৰ পৰীক্ষা নিৰীক্ষা কৰা বুলি সুধীজনে ‘চাইদ কাঁটে’ বিষয়টোৰ পৰা। দুই এজনৰ বাহিৰে বেছিভাগ আজিকালিৰ গীতিকাৰে দিনৰ দিনটো সময় খৰছ কৰি অৰ্থবহ কিম্বা যুগজয়ী মাটিৰ গান নিলিখে। আমি সকলোৱে জানো যে সংগীত শক্তিশালী গনমাধ্যম । কিন্তু বিজতৰীয়া বেসুৰা সংগীতক লৈও সম্পৰীক্ষা চলে ৰঙালী বিহুত? তিনি-চাৰি-পাঁচ লাখ টকাৰ পাৰিশ্ৰমিক লৈ মাজনিশা মঞ্চত লমফজমফ কৰি গোৱা গানবোৰে অসমীয়া জাতিৰ কি উপকাৰ সাধিব? ভাবিলে আচৰিত লাগে! গীত লিখোতে কাগজ কলম লৈও গীত নৰচে গীতিকাৰে আজিকালি। অভিযোগ আছে আজিৰ প্ৰায়বোৰ গীতিকাৰেই গীত ৰচে ষ্টুডিঅ’ৰ ছোফাত বহি,ৰাতি টোপনিয়াই টোপনিয়াই । সস্তীয়া থিয়েটাৰৰ সস্তীয়া নাটকৰ দৰে কৰিছে বহুতে আজি জাতিটোৰ মূল্যবোধৰ গানবোৰো। ইফালে, গানতো বিভিন্ন প্ৰযুক্তিগত সুবিধা আহিছে। আজিৰ এনেবোৰ সময়ৰ অপব্যৱহাৰ কৰা গীতত নাই সম্প্ৰীতি,দেশপ্ৰেমৰ নিদৰ্শন,গানটোৰ সুৰ কিম্বা কথাৰ মোহত আৱদ্ধ কৰিব পৰা শক্তিও। বিহুৰ সময়ত তাহানিৰ দৰে যুগজয়ী গান কেইটাৰ সৃষ্টি হয় আজিকালি? আজিকালি হাতৰ মুঠিতে কম সময়তে লাগে সকলোকে সফলতা। সেয়েহে, গীতৰ সাহিত্যিক-সাংগীতিক মূল্যবোধ আজিকালি সৰু কথা।
আজিৰ গীতিকাৰ,সুৰকাৰ তথা গায়কৰ এটা নিজা নিজা অংক থাকে। জনপ্ৰিয়কৰনৰ ফৰ্মুলা হিচাবেও কাজিয়া পাতি লয় সঘনে। উদ্দেশ্য থাকে কৰবাত।
জনপ্ৰিয়কৰনৰ ফৰ্মুলা বা টি আৰ পিৰ দৌৰত দৌৰিছে সকলো। চেনেলো বাদ পৰা নাই তাৰ পৰা। যি কোনো প্ৰকাৰে ভিউৱাৰ্চ(দৰ্শক) লাগে গায়ক কিম্বা চেনেলক যিকোনো মূল্যৰ বিনিময়তে। প্ৰযোজন বুলিও কাজিয়া কৰে বহুজন গায়কে আজিকালি । স্পৰ্শকাতৰ তেওঁলোক। সুধীসমাজে খেলখন নুবুজে। টক শ্ব’ৰ মজিয়াত দবৰাদবৰি,হৈ হাল্লা, গিমিকৰ চটফটনিতে দিন ৰাতি মগ্ন হৈ থাকো আমি। মুঠতে চৌদিশে এতিয়া গায়কৰ সস্তীয়া জনপ্ৰিয়তা। কাকতত দৈনিক পৃষ্ঠাভৰা গায়কৰ বিজ্ঞাপন। এনে লাগে নিশাটোৰ ভিতৰতে সকলোবোৰ গায়ক যেন পল ৰবচন হৈ গ’ল। কোটিটকীয়া বিহুৰ মঞ্চত সোঁতত উটি ভাহি যোৱা জাতিটোৰ বাবে পথ নিৰ্দেশনা দিব পৰা নাই আমাৰ চেনেলবোৰেও। তাহানিৰ আকাশবানী গুৱাহাটী কিম্বা আকাশবানী ডিব্ৰুগড় কেন্দ্ৰই যিদৰে ৰুচিশীল শ্ৰোতা সৃষ্টি কৰিছিল। আজিৰ চেনেলবোৰে তাহানিৰ সেই দায়িত্ব পালন কৰিব পাৰিবনে?
আজিৰ অবতৰীয়া এই চেনেলী বিহুবোৰে বিহু কমিটিক দেখুৱাবৰ বাবে আকৰ্ষণ কৰিবৰ বাবেই চেনেলী বিহুৰ পৰম্পৰাটো ৰক্ষা কৰি আছেনে নে আন কিবা সেইকথাহে নুবুজিলো।
(কাৰ্টুন সৌজন্য: “দ্য টেলিগ্ৰাফ”)

মন্তব্য

পঢ়িব পাৰে

নাৰী শিক্ষাৰ নিৰাপত্তাৰ দাবী

নাচৰিণ চুলতানা আহমেদ ‘বেটি বাচাঅ’ ,বেটি পাঢ়াঅ’ ‘ ৰ দৰে নাৰী সবলীকৰণৰ শ্ল’গানেৰে চৌদিশ ৰজনজনাই …