কণীৰ গ্ৰেভী

বৰ্ণালী বৃষ্টি শৰ্মা

উপকৰণ: কণী ৬টা, বিলাহী(ডাঙৰ) ৪টাৰ পেষ্ট, ৰিফাইন তেল, পিয়াজ ৩টাৰ পেষ্ট, হালধি ১ চামুচ, নিমখ আন্দাজমতে, চেনী ১চামুচ, আদা-নহৰু পেষ্ট (আন্দাজমতে), জিৰা গুৰি, ধনীয়া গুৰি, ৰেড চিলি পাউদাৰ অকণমান, ইচ্ছা কৰিলে শেষত অলপ ক্ৰীম দিব পাৰে সজাবলৈ আৰু পানী৷

প্ৰস্তুত প্ৰণালী: প্ৰথমে কণী কেইটা বইল কৰি ল’ব৷ এটা কেৰাহীত ৰিফাইন খিনি গৰম হ’বলৈ দিব৷ তেল গৰম হ’লে এচামুচ চেনী দিব পাৰে৷ এতিয়া কণীকেইটা অলপ ভাজি উঠাই থব৷ এতিয়া পিয়াজৰ পেষ্টখিনি দিব৷ নিমখ আৰু হালধী দিব৷ জুই মধ্যমীয়া কৰি ৰাখিব৷ পিয়াজখিনি বাদামী ৰঙ হ’লে আদা-নহৰু পেষ্ট আৰু বাকী মচলাখিনি দি ভাজিব৷ মচলাখিনিয়ে তেল এৰালৈ ভাজিব৷ ভজা হ’লে বিলাহীৰ পেষ্টখিনি দি দিব৷ আটাইখিনি কম জুইত ভজা হ’লে পানী দি দিব৷ এতিয়া উতলিব দিব৷ উতল আহিলে কণীকেইটা দি দিব৷ পানী শুকাই আঞ্জাখন ঘন হ’ব ধৰিলে নমাই থ’ব৷ শেষত ক্ৰীম অলপ দি গ্ৰেভীখন সজাই দিব৷ আলহী আহিলে অতি কম সময়ত ইয়াক বনাই পৰিৱেশন কৰিব পাৰিব৷ আলহীয়েও ভাল পাব আৰু আপুনিও প্ৰশংসাৰ পাত্ৰ হ’ব৷

মন্তব্য

পঢ়িব পাৰে

বাঁহৰ চুঙাত দিয়া গাহৰিৰ মাংস

অপূৰ্ব দাস উপকৰণ : ২৫০ গ্ৰাম ছাল আৰু হাড় নথকা গাহৰিৰ মাংস (গাহৰি মাসৰ সলনি …