নাৰী শিক্ষাৰ নিৰাপত্তাৰ দাবী

নাচৰিণ চুলতানা আহমেদ

‘বেটি বাচাঅ’ ,বেটি পাঢ়াঅ’ ‘ ৰ দৰে নাৰী সবলীকৰণৰ শ্ল’গানেৰে চৌদিশ ৰজনজনাই থকাৰ সময়তে কিয় এই নাৰীসকলৰ একাংশই আজি শিক্ষাৰ অধিকাৰৰ হকে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হৈছে ? ২০১৩ চনত স্থাপিত পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয়খন টেকনিকেল ইন্চটিটিউট লৈ অৱনমিত কৰাৰ সিদ্ধান্তই আজি শ শ ছাত্ৰীৰ জীৱনত শোকৰ ছাঁ পেলাইছে।লগতে ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ প্ৰয়াস কৰিছে এচাম চৰকাৰী তথা ৰাজনৈতিক বিষয়াই। এই ছাত্ৰীসকলৰ কেৱল এটাই দুখ আছিল নেকি যে তেওঁলোকে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি সমাজত এটি নক্ষত্ৰ হৈ জিলিকি থকাৰ সপোন দেখিছিল ? উচ্চ শিক্ষাৰ বাবে অন্য এক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ বিচাৰিছে কৰক,তাৰ কোনো বিৰোধী নহয়। কিন্তু তাৰ বাবে এনেদৰে শিক্ষাৰ্থীসকলৰ জীৱন অচল কৰা অধিকাৰ কাৰোৰে নাই।ক’ত লুকাল আজি ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ নিৰাপত্তা, ক’ত হেৰাল নাৰী সন্তানৰ প্ৰতি থকা কৰ্তব্য। ন্যায় দিয়া হওঁক এই ছাত্ৰীসকলক, লগতে পৰ্যাপ্ত সুবিধা আৰু সন্মান প্ৰদান কৰক এই শিক্ষানুষ্ঠানখনক।অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলৰ শৈক্ষিক মৰ্যাদা আৰু অধিকাৰক লৈ শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ মোৰ এটাই প্ৰশ্নৰ লগতে অনুৰোধ যে হাজাৰ সপোন বুকুত বান্ধি অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদত খোজ দিয়া এই ছাত্ৰীসকলৰ সপোনবোৰ আন্ধাৰলৈ ঠেলি নিদি বিশ্ববিদ্যালয়ৰ সমস্যা আৰু আসোঁৱাহসমূহ বুজাবুজিৰ মাজেৰে সমাধা কৰি এই ছাত্ৰীসকলৰ ভৱিষ্যতক পুনৰ পোহৰৰ ৰেঙনি দেখুৱাব নোৱাৰি জানো? কাৰণ এইসকল ছাত্ৰীৰ মাজতে গঢ় ল’ব একোখনকৈ সমাজ ,একো একোটা ভৱিষ্যত।

মন্তব্য

পঢ়িব পাৰে

চেনেলী বিহু, ৰেপ বিহু আৰু চেনেলৰ ৰুচিবোধ সৃষ্টিৰ দায়িত্ব

ধীৰেন শইকীয়া এইবাৰো আৰম্ভ হৈ গ’ল আমাৰ অসমত ‘চেনেলী বিহু’। নিউজ চেনেলবোৰে মাৰ্চৰ পোন্ধৰ তাৰিখ …