ফলেৰে সজীৱ কৰি তোলক গ্ৰীষ্ম কালটিক

চাওঁতে চাওঁতে আহিল অসহ্যকৰ গৰম দিন৷ মানুহৰ খাদ্যভ্যাস সলনি কৰিবৰ হ’ল৷ দৈনন্দিন খাদ্য তালিকাত পানী বা পানী জাতীয় আন সামগ্ৰীয়ে ঠাই লব৷ গৰমকালিৰ প্ৰয়োজনীয় এবিধ খাদ্য হ’ল ফল৷ ৰসাল ফলে শৰীৰৰ ভোক গুচোৱাৰ লগতে শৰীৰত পানীৰ যোগান ধৰে৷ গ্ৰীষ্মৰ উপযোগী কেইবিধমান ফলৰ বিষয়ে জানো আহক

১/ আম– ফলৰ ৰজা আম৷ আমত থকা ফাইবাৰ, খনিজ লৱণে শৰীৰত কলেষ্টৰেলৰ মাত্ৰা কমায়৷ লগতে পুষ্টিৰ যোগান ধৰে৷

২/ লিচু– লিচুত থকা পানীয়ে শৰীৰক শীতল কৰি ৰাখে৷ গৰমৰ দিনৰ এবিধ উত্তম ফল বুলি লিচুক ক’ব পৰা যায়৷

৩/ মধুৰিআম– বিভিন্ন গুণ সমৃদ্ধ মধুৰিআমে শৰীৰৰ প্ৰতিৰক্ষক হিচাপে কাম কৰে৷ ইয়াত থকা ভিটামিন চি আৰু কম কেলৰিয়ে শৰীৰক সক্ৰিয় কৰি ৰাখে৷ শৰীৰৰ মেটাবলিজিম বৃদ্ধি কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে মধুৰিআমে৷

৪/ তৰমুজ– পানীৰ বিশাল ভাণ্ডাৰ হৈছে তৰমুজ৷ শৰীৰক শীতল কৰি ৰখাত তৰমুজৰ ভূমিকা যথেষ্ট আছে৷

৫/ আঙুৰ– আঙুৰ অন্যতম ৰসাল ফল৷ গ্ৰীষ্মৰ প্ৰভাৱক আঙুৰে বহু পৰিমাণে দুৰ কৰিব পাৰে৷ শৰীৰৰ অতিৰিক্ত মেদ কমোৱাত আঙুৰে সহায় কৰে৷

গ্ৰীষ্মৰ দিনকেইটা বিৰক্তিৰে নহয় আনন্দৰে উপভোগ্য কৰি তোলক৷ প্ৰচুৰ পানী খাওঁক৷ জ্বলা-পোৰা কমকৈ খাওঁক৷ ফল নিময়িত খাদ্য তালিকাত ৰাখক৷ সুস্থ থাকক আৰু আনকো সুস্থ ৰখাত সহায় কৰক৷

(ফটো: ইণ্টাৰনেটৰ সৌজন্যত)

মন্তব্য

পঢ়িব পাৰে

বাঁহৰ চুঙাত দিয়া গাহৰিৰ মাংস

অপূৰ্ব দাস উপকৰণ : ২৫০ গ্ৰাম ছাল আৰু হাড় নথকা গাহৰিৰ মাংস (গাহৰি মাসৰ সলনি …