পুনৰ চৰ্চাত বলীউড: এইবাৰ পৰিচালকৰ স’তে যৌন বাৰ্তালাপৰ কথা স্বীকাৰ অভিনেত্ৰী ৰাধিকাৰ

নিউজ ডেস্ক,অসম সংবাদ : ফোনত যৌনকেন্দ্ৰিক বাৰ্তালাপৰ কথা স্বীকাৰ “দেৱ দি” খ্যাত ৰাধিকা আপ্তেৰ ৷ বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাধিকা আপ্তেই যৌনকেন্দ্ৰিক মন্তব্যৰ বাবে পুনৰ চৰ্চা লাভ কৰিছে৷ অভিনেত্ৰী গৰাকীয়ে “দেৱ দি” ছবিখনৰ বাবে অডিচন দিয়াৰ সময়ত নেহা ধূপিয়াই এক টেলিভিচনৰ শ্ব’ৰ বাবে অভিনেত্ৰী গৰাকীক আমন্ত্ৰণ কৰিছিল৷ নেহাৰ আমন্ত্ৰণ ৰক্ষা কৰি ৰাধিকাই অভিনেতা ৰাজকুমাৰ ৰাওৰ সৈতে ভগ “বিএফএফ” শীৰ্ষক অনুষ্ঠানটিত অংশ লয়৷ য’ত প্ৰথমবাৰৰ বাবে ৰাধিকাই যৌনকেন্দ্ৰিক টেলিফোনিক বাৰ্তালাপ কৰা বুলি মুকলিকৈ স্বীকাৰ কৰে৷ ৰাধিকাই বলীউড ইণ্ড্ৰাষ্টিটোত নিজৰ লগত ঘটি যোৱা বহু যৌনকেন্দ্ৰিক ঘটনাৰ বিষয়েও অৱগত কৰে৷ পেডমেন খ্যাত অভিনেত্ৰী গৰাকীয়ে কয় যে মূল চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰাৰ বাবে এইদৰে যৌন বাৰ্তালাপ কৰিবলগা হয় বুলি উল্লেখ কৰিছে৷

মন্তব্য

পঢ়িব পাৰে

হিমা দাসক ৰাজ্য চৰকাৰ পুৰস্কাৰ ঘোষণা

নিউজ ডেস্ক, অসম সংবাদ: হিমা দাসলৈ ৰাজ্য চৰকাৰৰ পুৰস্কাৰ ঘোষণা। সোণৰ পদক পালে আগবঢ়াব ৫০ …