নৱপ্ৰজন্মৰ উদীয়মান অভিনেতা গৌতম ৰাজৰ সাংস্কৃতিক জয়যাত্ৰা

ধনজিৎ দাস

সাম্প্ৰতিক সময়ৰ অসমৰ মঞ্চজগতৰ এজন সুদৰ্শন অভিনেতা গৌতম ৰাজ । অভিনেতা গৰাকীয়ে জনা হোৱাৰ পৰাই তেওঁ এই যাত্ৰাত খোজ পেলাইছিল আৰু বৰ্তমান সময়ত ভ্ৰাম্যমাণ থিয়েটাৰত বিশেষ পাৰদৰ্শিতা দি সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে অভিনেতা গৰাকীয়ে । তেওঁ ২০০৯-১০ চনত চিত্ৰলেখা থিয়েটাৰৰ জৰিয়তে ভুমুকি মাৰিছিল ভ্ৰাম্যমাণ জগতখনত । তাৰ পিছত ক্ৰমে— ২০১১-১২ চনত অনুৰাধা থিয়েটাৰ, ২০১২-১৩ চনত জাগৰণ থিয়েটাৰ , ২০১৩-১৪ চনত শংকৰদেৱ থিয়েটাৰ, ২০১৪-১৫ চনত ৰূপৰাজ থিয়েটাৰ, ২০১৫-১৬ চনত পুনৰ ৰূপৰাজ থিয়েটাৰত, চলিত ২০১৭-১৮ নাট্যবৰ্ষত নটসূৰ্য থিয়েটাৰত “বলিয়া মানুহ” নাটখনত ‘বলু’ চৰিত্ৰত কৰা অভিনয়ৰ বাবে অসমৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুস্থান “নেবক’ছ”ৰ পৰা ২০১৮ বৰ্ষত শ্ৰেষ্ঠ প্ৰতিভাসম্পন্ন অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় । তেওঁ “কইনা সজাব কোনে”, “লক্ষ্য”, “চাৰ্কাচ”, “কালধুমুহা”, “আকবৰৰ আৰাধনা”, “অঁকৰা অৰূপৰ বিয়া”, “কলংকিনী নায়িকা”, “জীৱন এক ৰণক্ষেএ”, “সূৰ্য্য নাহে এই বাটে”, “সপোন”, “চৰকাৰী গুণ্ডা”, “গেং-৫”, “মই বিয়াত নবহো”, “হিয়াৰ অবুজ ভাষা”, “মৰমে মৰম বিচাৰে”, “মা”, “বলিয়া মানুহ”, “অন্ধকানুন” আদিৰ দৰে জনপ্ৰিয় নাটকত অভিনয় কৰি দৰ্শকৰ আশীৰ্বাদ বুটলিবলৈ সমৰ্থ হৈছে অভিনেতা গৌতম ৰাজে । তাৰোপৰি তেওঁ নলবাৰী নাট্য মন্দিৰত মঞ্চস্থ হোৱা আৰ্ট ড্ৰামা “হিয়াজলি” আৰু “চিনেমা চিনেমা” ত অভিনয় কৰিবলৈ সক্ষম হৈছে । এইগৰাকী প্ৰতিভাবান অভিনেতাই পোন প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত আহিছিল প্ৰয়াত বিজু ফুকনৰ লগত দুৰদৰ্শন ধাৰাবাহিক “মায়া মৃগৰ সন্ধানত” নামৰ ধাৰাবাহিক খনৰ জৰিয়তে । তাৰ পিছত তেওঁ ৰং আৰু ৰেঙণি চেনেলত কেইবাখনো ধাৰাবাহিকত অভিনয় কৰে আৰু লগতে জনপ্ৰিয় অভিনেতা তথা নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ লগত এটা দিনত ১০০০ টা শ্ব’ কৰি অভিলেখ গঢ়ি অসমবাসী ৰাইজৰ মাজত উজ্জ্বলি উঠে অভিনেতা গৌতম ৰাজ । এই প্ৰতিভাবান অভিনেতাক আগন্তুক ২০১৮-১৯ নাট্যবৰ্ষত দেখিবলৈ পাব বৰদৈচিলা থিয়েটাৰৰ মঞ্চত ।

মন্তব্য

পঢ়িব পাৰে

বলীউডত বিবাহৰ জোৱাৰ: এইবাৰ বিয়াত বহিল নেহা ধুপীয়া

নিউজ ডেস্ক,অসম সংবাদ: বলীউডত বিবাহৰ জোৱাৰ।সোনম কাপুৰৰ পিছতে আজি বিবাহপাশত আৱদ্ধ হ’ল বলিউডৰ হট গাৰ্ল …