চলমানৰ জে’ল হোৱাটো মই কিয় বিচাৰো?

নীলিম আকাশ কাশ্যপ

প্ৰথম কথা- চলমান খানক ময়ো ভাল পাওঁ, আপোনাৰ নিচিনাকৈয়ে ৷ ভালদৰে মনত আছে যে জীৱনত চোৱা পহিলা চিনেমাখন চলমান খান অভিনীতই আছিল ৷ ভি চি আৰত চাইছিলো ৷ তেতিয়াৰে পৰা এতিয়ালৈ- ‘মেইনে প্যাৰ কিয়া’, ‘প্যাৰ কিয়া তো ডৰনা ক্যা’, ‘কৰন অৰ্জুন’, ‘হম চাথ চাথ হ্যায়’, ‘তেৰে নাম’, ‘ৱাণ্টেড’, ‘ব’ডীগাৰ্ড’, ‘বজৰংগী ভাইজান’, ‘দবং’, ‘টাইগাৰ জিন্দাজিন্দা হ্যায়’ আদি অনেক ছবিত কৰা অভিনয়েৰে তেওঁ মোৰো অন্যতম প্ৰিয় অভিনেতা হৈ নপৰা নহয় ৷ ‘বিগ বছ’ৰ দৰে ৰিয়েলিটি শ্ব’ৰ কথা নক’লোৱেইবা! ‘Being Human’ৰ দ্বাৰা চলমানে মানৱতাৰ যি নিদৰ্শন গঢ়িছে, সেয়া প্ৰকৃতাৰ্থতে প্ৰশংসনীয় তথা অনুকৰণীয় ৷

কিন্তু চলমান খান জে’ললৈ যোৱাটো মই বিচাৰো ৷ কিয়? ‘Hit & run’ গোচৰত বাচি যোৱা তাৰকাজনক ১৯ বছৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে তৰা কৃষ্ণসাৰ মৃগ চিকাৰৰ অভিযোগত ৫ বছৰৰ কাৰাদণ্ড বিহা হৈছে ৫ মাৰ্চ, ২০১৮ত ৷ চলমানৰ যদি জে’ল নহয়, স্বাভাৱিকতে মোৰো মনে হাঁহিব- আনন্দত ৷ কিন্তু মই বিচাৰো তেওঁৰ জে’ল হোৱাটো ৷ কাৰণ স্পষ্ট ৷ বিষ্ণইসকলে ভগৱানৰ নিচিনাকৈ মনা কৃষ্ণসাৰ চিকাৰ কৰি চলমান খানে কৰা অপৰাধ নিশ্চিতভাৱে গুৰুতৰ ৷ চেলিব্ৰিটীসকলক যিহেতু আমি প্ৰায় সকলোৱেই অনুকৰণ কৰো, তেনে প্ৰেক্ষাপটত তেওঁ ৰেহাই পালে প্ৰকৃতাৰ্থত তেনে অপৰাধ সাধাৰণ লোকক কৰিবলৈ পৰোক্ষভাৱে উদ্গনি জগোৱাৰ লেখিয়া হ’ব ৷ তদুপৰি তেওঁৰ জে’ল হোৱাটোত প্ৰমাণিত হ’ব যে আইন সঁচাকৈয়ে সমান-চেলিব্ৰিটী, ৰাজনীতিক, বিশেষ ক্ষমতাসম্পন্ন কিম্বা সৰ্বসাধাৰণ লোক-সকলোৰে বাবেই ৷

মন্তব্য

পঢ়িব পাৰে

বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া: এজনৰ মৃত্যু, চাৰিজন চিকিৎসাধীন

মুকালমুৱাৰ পৰা জয়ন্ত ডেকা, অসম সংবাদ: বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া। বিষক্ৰিয়া ঘটি এজনৰ মৃত্যু৷ একেটা …