বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱা আৰু নাই

নিউজ ডেস্ক,অসম সংবাদ: ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ বাবে এক দুঃখবৰ ৷ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক মুনীন বৰুৱা আৰু আমাৰ মাজত নাই ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ যোৱানিশা ১ বাজি ৫৫ মিনিটত বৰুৱাই ৭২ বছৰ বয়সত গুৱাহাটী কাহিলীপাৰাৰ ভগদত্তপুৰৰ নিজগৃহত দেহত্যাগ কৰে ৷ বৰুৱা এজন সফল নাট্যকাৰ তথা নাট পৰিচালক ও আছিল ৷ “প্ৰতিমা” পৰা আৰম্ভ কৰি শেহতীয়া “প্ৰিয়াৰ প্ৰিয়” লৈকে বহুকেইখন চিনেমা নিৰ্মান কৰি অসমীয়া ছবি জগতলৈ এক অনবদ্য অৱদান আগবঢ়াই থৈ যায় ৷ অসমৰ মৃতপ্ৰায় কথাছবি জগতখনক পুনৰ ঠন ধৰি উঠাত মুনীন বৰুৱাৰ অৱদান অপৰিসীম। ২০০০ চনত তেখেতৰ “হিয়া দিয়া নিয়া” ছবি খনৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগত খন পুনৰায় ঠন ধৰি উঠিছিল। এই ছবিখন অসমীয়া কথাছবি জগতৰ সৰ্বকালৰ এখন জনপ্ৰিয় কথাছবি হিচাবে পৰিচিত। তাৰ পাছতে দাগ, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, ৰং, দীনবন্ধু, ৰামধেনু আদি কথাছবিৰে জনপ্ৰিয়তা অৰ্জন কৰে। উল্লেখযোগ্য যে, দীনবন্ধু ছবি খনে ২০০৫ চনৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ কথাছবিৰ সন্মান অৰ্জন কৰে ৷ তেওঁক সকলোৱে ভাইমন দা নামেৰেহে চিনি পায়। দুটা দশকত তেওঁ প্ৰায় ৯০খন জনপ্ৰিয় নাটক ৰচনা কৰিছিল ৷

১৯৪৭ চনত গোলাঘাট জিলাৰ খুমটাইত জন্ম লাভ কৰা মুনীন বৰুৱাৰ পিতৃৰ নাম আছিল হেমেন্দ্ৰ নাথ বৰুৱা আৰু মাতৃৰ নাম আছিল লতিকা বৰুৱা। তেওঁৰ পিতৃ খুমটাই মৌজাৰ মৌজাদাৰ আছিল। পিতৃ-মাতৃৰ তিনিটা সন্তানৰ ভিতৰত তেওঁ কণিষ্ঠ আছিল। ১৯৭৪ চনৰ ডিচেম্বৰত যোৰহাটৰ তৰাজানৰ মঞ্জুলা বৰুৱাৰ সৈতে মুনিন বৰুৱা বিবাহপাশত আৱদ্ধ হয়। মঞ্জুলা বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ উল্লেখযোগ্য অভিনেত্ৰী আৰু কষ্টিউম ডিজাইনাৰ। কামৰ তাগিদাত বৰুৱাৰ পৰিয়ালটো গোলাঘাটৰ ঘৰ এৰি ১৯৮৮ চনৰ পৰা গুৱাহাটীত থাকিবলৈ লয়। মৃত্যুৰ সময়ত বৰুৱাই দুই সন্তানক এৰি থৈ যায় ৷

প্ৰয়াত মুনীন বৰুৱাই সত্তৰ দশকৰ মাজভাগতে চিত্ৰনাট্যকাৰ আৰু সহকাৰী পৰিচালক হিচাপে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে ৷ বৰ্তমানলৈকে মুনীন বৰুৱাই প্ৰায় কুৰিখনৰো অধিক চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখাৰ লগতে পৰিচালনা কৰিছে ৷ ইয়াৰ ভিতৰত বোৱাৰী,পাহাৰী কন্যা, ঘৰ-সংসাৰ, সোণ-মইনা, পিতা-পুত্ৰ, মন-মন্দিৰ, শেৱালী, দাগ, বাৰুদ, ৰং, মায়া, বিধাতা, দীনবন্ধু ইত্যাদি উল্লেখযোগ্য। শিৱপ্ৰসাদ ঠাকুৰৰ বোলছবি বোৱাৰী, ঘৰ-সংসাৰ আৰু সোণমইনাত তেওঁ সহকাৰী পৰিচালক ৰূপে কাম কৰিছিল। বৰুৱাই মুখ্য চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে ১৯৮৭ চনত প্ৰতিমা চলচ্চিত্ৰখনৰ জৰিয়তে। এই চলচ্চিত্ৰখন তেওঁ নিপন গোস্বামীৰ সৈতে যৌথভাৱে পৰিচালনা কৰিছিল।
চিত্ৰনাট্যকাৰ হিচাপে তেওঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ৯০ খনৰো অধিক নাটকৰ চিত্ৰনাট্য লিখিছিল। ইয়াৰ ভিতৰত আঘাট, কাল শংখ, সদাগৰ, শ্ৰীমান শ্ৰী মতী, চিৰিয়াখানা, জয় পৰাজয়, সূৰ্য্য পুত্ৰ কৰ্ণ, ৰুদ্ৰ ইত্যাদি উল্লেখযোগ্য। চলচ্চিত্ৰৰ বাহিৰেও তেওঁ ধাৰাবহিকো (পাপু নিকু সংবাদ,ৰুদ্ৰ) পৰিচালনা কৰিছিল ৷

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …