বজ্ৰপাতৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব

পলাশ বৰগোহাঞি

বজ্ৰপাতৰ ফলত প্ৰতি বছৰেই এপ্ৰিল , মে মাহত বহুলোকৰ মৃত্যু হোৱাৰ বাতৰি পাওঁ ৷ এতিয়া বজ্ৰপাত পৰাৰ দিন সমাগত ৷ গতিকে আমি কেনেকৈ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰো তাকে লিখিবলৈ লৈছো ৷

প্ৰথমতেই কওঁ কিছু গাৱলীয়া সমাজত বজ্ৰপাতৰ সম্পৰ্কে অন্ধ বিশ্বাস আছে ৷ গতিকে আমি প্ৰথমতেই এই অন্ধ বিশ্বাস পৰিহাৰ কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে বজ্ৰপাত কি আৰু কেনেকৈ কিয় হয় এই বিষয়ে অধ্যয়ন কৰিব লাগিব ৷ কাৰণ অন্ধবিশ্বাসী মানুহে সত্যক মানিবলৈ টান পায় ৷

চমুকৈ কবলৈ গলে বতাহৰ ফলত বায়ুমণ্ডলৰ ওপৰৰ অংশত আৰু নিম্ন অংশত বায়ুৰ সৈতে পানীৰ সৰু সৰু কণিকাৰ সৈতে ঘৰ্ষণৰ সৃষ্টি হয় আৰু এই ঘৰ্ষণৰ ফলত দুয়ো অংশতে অসংখ্য আধানৰ সৃষ্টি হয় ৷ বায়ুমণ্ডলৰ ওপৰৰ অংশত সাধাৰণতে যোগাত্মক (+) আধান আৰু নিম্ন অংশত ঋণাত্মক (–) আধানৰ সৃষ্টি হয় ৷ আনহাতে আমি সকলোৱে জানো যে বায়ু বিদ্যোতৰ কু পৰিবাহী ৷ কিন্তু যেতিয়া এই আধানৰ পৰিমান অত্যাধিক বৃদ্ধি পায় তেতিয়া বায়ুৰ এই ধৰ্ম ভেদি যোগাত্মক আধান ঋণাত্মক আধানলৈ খুউব বেগেৰে প্ৰবাহিত হয় ৷ আৰু তেতিয়া পোহৰ আৰু শব্দৰ সৃষ্টি হয় ৷ পোহৰৰ গতিৰেগ শব্দতকৈ বেছি বাবে আমি পোহৰ আগত দেখা পাওঁ আৰু শব্দ পাছত শুনিবলৈ পাওঁ ৷ বায়ুমণ্ডলৰ উচ্চ অংশত সৃষ্টি হোৱা এই আধানবোৰ ত্বৰিৎ গতিৰে নিম্ন অংশৰ বিপৰীতধৰ্মী আধানৰ মাজেৰে ভূগৰ্ভলৈ পাৰহৈ যোৱা পৰিঘটনাটোৱেই হৈছে বজ্ৰপাত ৷

এতিয়া আহো বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পৰা উপায় সমূহলৈ—

(১) মনত ৰাখিব বজ্ৰপাত সদায় সবাতোকৈ উচ্চ স্থানতহে পৰিব পাৰে ৷ গতিকে বিজুলী-ধেৰেকনি মৰা সময়ত কেতিয়াও মুকলি পথাৰত নাথাকিব বা মুকলি পথাৰৰ মাজেদি পাৰহৈ যাবলৈ চেষ্টা নকৰিব ৷ কাৰণ মুকলি পথাৰখনত আপুনিহে ওখ হৈ থাকিব ৷

(২) বিজুলী-ধেৰেকনি মৰাৰ সময়ত মুকলি স্থানত মোৱাইলত কথা পাতি বা ছাতি লৈ নাথাকিব ৷

(৩) আপুনি যদি বিজুলী-ধেৰেকনি মৰাৰ সময়ত কোনোবা পথাৰ নাইবা হাবিৰ মাজত থাকি গ’ল ৷ তেতিয়া আপুনি কেতিয়াও ওখ গছৰ তলত আশ্ৰয় নল’ব ৷ কোনোবা চাপৰ গছ এজোপাৰ তলত আশ্ৰয় লওঁক ৷

(৪) বিজুলী-ধেৰেকনি মৰাৰ সময়ত মুকলি ওখ মথাউৰিৰ মাজেৰে খোজকাঢ়ি বা বাইক চলাই নোযোৱাটোৱেই মংগল ৷

(৫) আপুনি যদি বিজুলি -ধেৰেকনি মৰাৰ সময়ত কোনোবা বাছ নাইবা গাড়ীৰ ভিতৰত আছে তেন্তে চিন্তা নকৰি সাবধানে বহি ৰওঁক ৷ কিন্তু গাড়ীৰ দৰ্জা, খিৰিকি বা বডীত স্পৰ্শ কৰি নাথাকিব ৷

(৬) ঘৰত বজ্ৰপাত নপৰিবলৈ ঘৰৰ ওপৰৰ পৰা মাটিলৈ বিদ্যোৎ পৰিবাহী দণ্ড লগাওঁক ৷

(৭) বিজুলী-ধেৰেকনি মৰাৰ সময়ত বৈদ্যোতিক মাধ্যম সমূহ ব্যৱহাৰ নকৰি সংযোগ বিচিন্ন কৰি ৰাখক ৷

মনত ৰাখিব আপোনাৰ ধৰ্য আৰু অলপ সতৰ্কতাই আপোনাক বজ্ৰপাতৰ দৰে ভয়ংকৰ দূৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি ৷ গতিকে নিজেও বাচক আৰু আনকো সতৰ্ক কৰি তেওঁলোকৰো জীৱন ৰক্ষা কৰক ৷

মন্তব্য

পঢ়িব পাৰে

চেনেলী বিহু, ৰেপ বিহু আৰু চেনেলৰ ৰুচিবোধ সৃষ্টিৰ দায়িত্ব

ধীৰেন শইকীয়া এইবাৰো আৰম্ভ হৈ গ’ল আমাৰ অসমত ‘চেনেলী বিহু’। নিউজ চেনেলবোৰে মাৰ্চৰ পোন্ধৰ তাৰিখ …