ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ড: ১৬ খন দোকান ভস্মীভূত

অসম সংবাদ,ৰঙিয়া: ৰঙিয়া ষ্টেচন পথৰ দৈনিক বজাৰত আজি পুৱতি নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত কমেও ১৬ খন দোকান সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় । পিচত ৰঙিয়া নলবাৰী আৰু বাইহাটা চাৰিআলিৰ পৰা অহা ৪ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে এক ঘন্টাৰ প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণত আনে । বৈদ্যুতিক বিজুতিৰ ফলত অগ্নি কাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে । অগ্নিকাণ্ডৰ ফলত কোনো এখন দোকানৰ পৰা কোনো সামগ্ৰী ৰক্ষা কৰিব পৰা নাই । জুইৰ লেলিহান শিখাত বহু ব্ৰয়লাৰ মুৰ্গীও জাহ যায় ।

মন্তব্য

পঢ়িব পাৰে

গৌৰীসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত শোকাৱহ পথ দুৰ্ঘটনা: আৰক্ষী হাবিলদাৰ নিহত

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, অসম সংবাদ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত চাৰিং আলিকেকুৰিত আজি পুৱা …