অতিকৈ চেনেহৰ বিহুটি আকৌ আহিল…

✍️হিমাংশু ৰঞ্জন ভূঞা

অতিকৈ চেনেহৰ বিহুটি আকৌ আহিল ৷ অসমীয়া জাতীয় জীৱনৰ প্রাণস্পন্দন স্বৰূপ এই বিহুটিয়েই অসমীয়াৰ ঐতিহ্য আৰু অসমীয়াৰ পৰিচয়। নক’লেও হ’ব যে, বিহু কৃষিভিত্তিক লুইতপৰীয়া অসমীয়া চহা সমাজৰ কৌটিকলীয়া উৎসৱ, লােকজীৱনৰ বুনিয়াদ আৰু লােক-সংস্কৃতিৰ দাপােনস্বৰূপ ৷ প্রকৃতপক্ষে অসমীয়া সমাজ জীৱনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰণ কৰণ, পিন্ধন উৰণ, খেতি-বাতি, খােৱা-বােৱা, চিন্তা কল্পনা আদি এনে এটা দিশ নাই যিসমূহ বিহুৰ মাজেদি প্রতিফলিত হােৱা নাই। তাৰ লগে লগে বিহুৱে সামাজিক ঐক্য-সম্প্রীতি আৰু জাতীয়তাবােধ সৃষ্টিত মহত্বপূর্ণ অৱদান আগৱঢ়াই আহিছে। বিহুটিয়েই বৃহত্তৰ অসমীয়া জাতিটোক জীয়াই থকাৰ সাৰ-পানী যােগাই আহিছে। এটা কথা ঠিক যে, যিদিনাই বিহুটিয়ে আমাৰ মাজৰ পৰা বিদায় লােৱাৰ উপক্ৰম হ’ব সিদিনাই আমাৰ অসমীয়া বুলি চিনাকী দিয়া এই জাতিটোৰাে অপমৃত্যু ঘটিব। অনাদি কালৰে পৰা পালন কৰি অহা বিহুটিৰ লগত অসমীয়াৰ যেন উশাহ নিশাহৰ সম্পর্ক । বিহুটিয়ে যি উচ্ছাস, প্রীতি আৰু আনন্দময়তাৰ সৃষ্টি কৰে বােধকৰাে আন কোনাে উৎসৱেই সেয়া সৃষ্টি কৰিব নােৱাৰে। যুগে-যুগে বিহুৰ সৈতে অসমীয়া মানুহৰ এক সুগভীৰ আৱেগিক সম্পর্ক জড়িত হৈ আছে। প্রকৃতি বৈচিত্রময় ৰূপ-বৈভৱৰ পৰিৱৰ্তন আৰু কৃষিকেন্দ্রীক লােকজীৱনৰ সহজ সৰল জীৱন-যাত্ৰাৰ মাজতেই এদিন বিহুৰ উৎপত্তি হৈছিল। বহুকাল ধৰি অসমীয়া মানুহে “বিহু আনন্দীয়া বিহু বিনন্দীয়া” এই ৰূপতে প্রত্যক্ষ কৰি আহিছে। “আমাৰ বিহু ভাঙোতা নাই” বুলি চামে চামে ডেকা গাভৰুৱে বিহুৰ সৈতে আত্মীয়তা ঘােষণা কৰি আহিছে। এই বিহুটিৰ লগত অসমত বসবাস কৰা পাহাৰ-ভৈয়াম, ধর্ম-বর্ণ, জাতি – উপজাতি নির্বিশেষে সকলােৰে সম্পর্ক নিবিড় হৈ আছে বাবেই বিহুৰ মৰমত প্ৰতিগৰাকী অসমবাসীৰ হৃদয়ত তৎপৰতা আৰম্ভ হয়। বিহু সম্পর্কে ১৯৪৮ চনত ডিব্ৰুগড়ত দিয়া এটি ভাষণত জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল “বিহু উৎসৱত অসমীয়া উচ্চ সংস্কৃতিৰ লগতে থাকে জনসংস্কৃতিৰ পােৰ। অসমীয়া বিহু উৎসৱ আচলতে এখন অসমীয়া সাংস্কৃতিক মেলা, য’ত উচ্চ সংস্কৃতি আৰু জনসংস্কৃতিৰ বছৰেকীয়া মিলন হয়। সেই কাৰণেই বিহু উৎসৱ অসমীয়া সাংস্কৃতিক জীৱনৰ এটা বছৰেকীয়া সমাৱেশ। প্রকৃতিয়ে নতুন ৰূপ লােৱাৰ সময়ত অসমীয়া মানুহেও জীৱনৰ সকলাে ক্ষেত্ৰৰে ভালৰাে ভালখিনি লৈ সেইদিনা থিয় হয় নতুন বছৰক আদৰিবলৈ, নতুন দিনৰ সপােন দেখি । সেই কাৰণেই নতুন দিনৰ সপােন দেখা অসমীয়াৰ কাৰণে আজি বিহু উৎসৱ আটাইতকৈ মূল্যৱান উৎসৱ নতুন সংস্কৃতি গঢ়াৰ ফালৰ পৰা।”

বিহু সংস্কৃতি বুলিলে বিহু আৰু ইয়াৰ সৈতে জড়িত থকা ভালেমান সামাজিক লােকাচাৰ আৰু থলুৱা লােক-কৃষ্টি আধাৰিত নৃত্য-গীতৰ কথাই মনলৈ আহে। অৱস্থা আৰু পৰিৱেশ ভেদে জনজীৱনৰ বিচিত্র লীলাভূমিৰ হাঁহি-কান্দোন, অশ্ৰু-বেদনা, আশাপূর্ণ হােৱা আৰু আশাহত হােৱাৰ দোমােজা আদি বিচিত্র অভিজ্ঞতাৰ বহিঃপ্রকাশেই বিহু নৃত্য-গীতসমূহক স্বকীয়তা প্রদান কৰিছে। সম্প্রতি বিহুৰ গ্রহণযােগ্যতা দেশ-কাল-পাত্রভেদে সমর্থিত হৈছে। এসময়ত এনে এটা সংকটপূর্ণ দিন আছিল, যেতিয়া বিহুক এচাম তথাকথিত ৰক্ষণশীল লােকে শ্লীল-অশ্লীলৰ আওতালৈ আনি ৰাউচি জুৰিছিল সমাজ গুছিল বুলি। কিন্তু পৰিৱর্তিত সময়ৰ লগে লগে বিহুয়েও আজিৰ অৱস্থা পাইছে। বর্তমান বিহু আন্তঃৰাষ্ট্রীয় মর্যদাপ্রাপ্ত সর্বসমাদৃত সংস্কৃতি।

বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ। অৰ্থাৎ বিহুৰ সম্পর্ক চহা জীৱনৰ লগত। সমস্যাজৰ্জৰ অসমীয়া কৃষিজীৱি চহা জীৱনৰ হা-হুমুনিয়াহ, পােৱা-নােপােৱা, সুখ-দুখবােৰ সংপৃক্ত হৈ আছে বিহুটিৰ সৈতে। প্রকৃতিৰ লগত নিবিড় সম্পর্ক থকা মানুহৰ আকুল কণ্ঠত ধ্বনিত হােৱা গীত-মাতে বসুমতীক উর্বৰ কৰি তােলে বুলি আদিম সময়ৰ পৰাই এটা ধাৰণা আছে। শীতৰ ঠেৰেঙা লগা জাৰত শুকান হৈ পৰা প্ৰকৃতি চ’তৰ শেষত ন-পানীৰ পৰশত জীপাল হৈ পৰে। খেতিয়ক ৰাইজ খেতিৰ বাবে সাজু হয়। ৰাইজে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে কৃষি ভূমিত ৰং-ধেমালিৰে পৰম্পৰাগতভাৱে এই বিহু উৎসৱ পালন কৰি আহিছে। “তাহানিৰ আদিম মানুহৰ ধাৰণা, নাচোনৰ গিৰিপনিত পৃথিৱী শষ্য-সম্ভৱা হয়, গীতৰ মৃদু-মধুৰ মূৰ্ছনাত লখিমী গর্ভসম্ভৱা হয়। সেয়ে ধাননিৰ কাষে কাষে যৌৱনে গৰকা ডেকা-গাভৰুৱে গীত গাই, বাদ্য বজাই, নাচি নাচি লখিমীৰ উৎপাদিকা শক্তি বঢ়াবলৈ আয়ােজন কৰে”। ‘বিহু এটি সমীক্ষা;লীলা গগৈ পৃষ্ঠা ১৬)। ইফালে, ঋতুৰাজ বসন্তৰ আগমনে চিৰবিনন্দীয়া প্রকৃতিক ন-সাজ পিন্ধোৱাৰ দৰে অসমীয়াইও পুৰণিক বিদায় দি নতুনক আদৰি লয়। কুলি-কেতেকীৰ সুললিত কণ্ঠ, নাহৰ-কেতেকী-কপৌফুলৰসুবাসে অসমীয়াৰ দেহ-মন শিহৰিত কৰি তােলে। চৌদিশে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। এনে এক আনন্দ মূখৰ পৰিৱেশত মানুহৰ দেহ-মনাে উলাহত মতলীয়া হৈ পৰে আৰু এনে আনন্দ উলাহৰ মাজেৰেই অসমবাসীয়ে পালন কৰে অতিকৈ চেনেহৰ বিহুটি “ডাৱৰৰ আঁৰে আঁৰে ঢােলত চাপৰ পৰে। গছে পাতে বিহুগীত গায়/ বিহুৰ পেপাৰ ৰােলে বুকুত নাচোন তােলে/ মােকো আজি নাচি নচুৱাই” (দেৱকান্ত বৰুৱা)।

    অসমৰ বিভিন্ন জাতি-জনগােষ্ঠীক সাঙুৰি লৈ একতা-সম্প্রীতিৰ ডােলেৰে বান্ধি লােৱা বাপতি সাহােন বিহুটিক চহা জীৱনৰ মাজৰ পৰা অষ্টাদশ শতিকাৰ আৰম্ভনিত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজ পৃষ্ঠপােষকতাৰে ৰংঘৰৰ বাকৰিত আনুষ্ঠানিকভাৱে সামাজিক মর্যাদা প্রদান কৰিলে। নানা জাতি-উপজাতি আৰু বিশাল সাংস্কৃতিক বিনিময়ৰে গঢ়ি উঠা বৃহৎ অসমীয়া জাতিক বিশিষ্ট মর্যদা প্রদান কৰাৰ বাবেও এই বিহু উৎসৱে বিশেষভাৱে অৰিহণা যােগাই আহিছে আৰু সাংস্কৃতিক সমন্বয়-সংহতিৰ ধ্বজা স্থাপন কৰি জাতীয় জীৱনৰ ভেটি সুদৃঢ় কৰি ৰাখিছে। উচ্চ-নীচৰ প্ৰাচীৰ নমনা বিহুৱে মানুহৰ অন্তৰৰ পৰা অন্তৰলৈ বিয়পাই সঁচা ভাতৃত্ববােধ, মৰম, চেনেহ, আত্মীয়তা আৰু শান্তিৰ বন্যা। বিহুৱে পাহৰাই ধনী-দুখীয়াৰ প্রভেদ, জাতি-বর্ণ-গােষ্ঠীৰ সংকীর্ণতা আৰু ৰক্ষণশীলতাৰ ঠেক মনােভাৱ। বিহুৰ সার্বজনীন ৰূপ, ধর্ম নিৰপেক্ষতা, সাংস্কৃতিক বিশিষ্টতাৰ বাবে ধর্ম-বর্ণ-জাতি-উপজাতি নির্বিশেষে সকলােৱে দ্বিধাহীনভাৱে বিহুক আকোঁৱালি লয়। তাৰােপৰি, বিহু উৎসৱৰনৃত্য-গীত আৰু সামাজিক-সাংস্কৃতিক পৰম্পৰাই, কৃষ্টিৰ বিনন্দীয়া সুৰে মানুহৰ মন পােহৰাই তােলাৰ লগতে নিজস্ব স্বাভিমান আৰু জাতীয়তাবােধ বৈশিষ্টৰে সমুজ্জ্বল বৃহত্তৰ অসমীয়া সমাজ জীৱনক মহীয়ান কৰি তুলিছে। আচলতে, বিহুৰ গাঁত ভেজা দিয়েই অসমীয়া সংস্কৃতি আৰু জাতীয় জীৱন আগবাঢ়ি আহিছে আৰু অনাগত দিন বােৰতাে আগবাঢ়ি যাব। প্ৰকৃততে, বিহু উৎসৱটোৰ বুকুতে অসমীয়া সংস্কৃতি আৰু জাতীয় জীৱনৰ সিংহভাগ সমল পােৱা যায় বাবেই বিহু অসমীয়া লােক-সংস্কৃতিৰ শ্রেষ্ঠতম সম্পদ হিচাপে গণ্য কৰা হয়। পিছে পৰিৱর্তিত সময় আৰু সমাজ-ব্যৱস্থাৰ সৈতে খােজ মিলাই আমাৰ বুকুৰ আমঠু বিহুটিও ৰূপান্তৰ বা বিৱর্তনৰ পথেৰে আগুৱাই আহিল। সময় গতিশীল। এই গতিশীলতাত সমাজৰ ৰীতি-নীতি, পৰম্পৰা, জীৱন-ধাৰাৰ পক্রিয়াৰো পৰিৱর্তন হয়। গতিকে সংস্কৃতিৰ পৰিৱৰ্তন হােৱাতাে অনিবার্য। পৰিৱর্তনৰ কোবাল সোঁতত পৰি অসমীয়াৰ বাপতি সাহােন বিহুটি আজি এক আড়ম্বৰপূর্ণ সুবৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। একালৰ বৰপথাৰৰ যুৰীয়া আঁহতৰ তলৰ বিহু চোতাল গৰকি এসময়ত মঞ্চলৈ উঠিল আৰু এতিয়া ইন্টাৰনেটৰ জৰিয়তে সমগ্র বিশ্বতে বিয়পি পৰিল। সম্প্রতি ৰাজ্যখনৰ আটাইকেইটা নিউজ চেনেল, বিভিন্ন ডিজিটেলমাধ্যম, চ’ছিয়েল মিডিয়া আদিয়ে বিহুৰ পৰম্পৰাগত ৰীতি-নীতি, নৃত্য-গীতক জগতসভাত প্রতিষ্ঠা কৰাত যথেষ্ট সবল ভূমিকা পালন কৰিছে। তৎসত্বেও বর্ণময় ঐতিহ্য-সংস্কৃতিৰে মহীয়ান বিহুৰ উজ্জ্বলতা কিছুমান নেতিবাচক তুলুঙা চিন্তা চেতনা আৰু কর্মব্যৱস্থাত পৰি ক্ৰমাৎ ম্লান পৰিবলৈ আৰম্ভ কৰিছে, যাৰ বাবে বিহুৰ স্বকীয়তা আৰু বিহু নৃত্য-গীতৰ পূর্বৰ মাদকতা হেৰাই গৈছে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। এটা কথা থিক যে, আধুনিক নগৰকেন্দ্রীক সংস্কৃতিৰ প্রভাৱে গ্রামাঞ্চললৈ বাট পােনােৱাৰ লগে লগে বিদ্ৰ গাত এটাৰ পাছত আনটো আঁচোৰ পৰিবলৈ ধৰিলে। ফলত ভালেমান পৰম্পৰাগত আচাৰ আচৰণ এৰাপলৰীয়া হ’ল। বৰপথাৰৰ যুৰীয়া আঁহতৰ তলৰ পৰা চহৰৰ ৰং-চঙীয়া মঞ্চত উঠাৰ পাছৰ পৰাই বিহুৰ নামত কিছুমান বিজতৰীয়া অপচিন্তা আৰু অন্ধ অনুকৰণে বেছিকৈ গুৰুত্ব লাভ কৰিবলৈ ধৰিলে যাৰ বাবে অসমীয়া সমাজ-জীৱনৰ মৰ্যদাৰ ভেঁটিটোত, গৰিমাপুষ্ট সংস্কৃতিৰ ভেটিটোত কেণা লাগিবলৈ আৰম্ভ কৰিলে। পশ্চিমীয়া অপসংস্কৃতিৰ তীব্ৰতাত অসমীয়া জাতীয় উৎসৱ ৰঙালী বিহুটিয়েও নান্দনিক সৌন্দর্য আৰু স্বকীয় বৈশিষ্টতা হেৰুৱাই লঠঙা ৰূপ ল’বলৈ বৰ বেছি দিন নালাগিল। ভােগবাদ-বস্তুবাদৰ আঁচোৰত বিহুৰ জীপাল ৰূপটি তেনেই জুৰুলা হৈ পৰিল।

দেখা গৈছে, এতিয়া অসমত গছ-বিৰিখৰ ন-কুঁহিপাত, কুলি-কেতেকীৰ মিঠা মাতত বিহু নাহে, বিহু আহে নিতৌ মুক্তি লাভ কৰা শ শ বিহুগীত আৰু নিউজ চেনেল সমুহেনিতৌ অনুষ্ঠিত কৰা বিহু বিষয়ক বর্ণাঢ্য কাৰ্যসূচীবােৰৰ গীত মাতৰ লহৰতহে। গছৰ তলৰ পৰা চোতাল গৰকি মঞ্চলৈ অহা চহা জীৱনৰ প্ৰাণৰ উৎসৱ বিহুটিক কৃষিৰ সৈতে সামান্যতমাে সম্পর্ক নথকা সকলেহে উলহ মালহৰে উদ্যাপন কৰিবলৈ লৈছে। সস্তীয়া ৰুচিবােধৰ, বিহুৰ ঐতিহ্য-পৰম্পৰাৰ জ্ঞান নথকা, সন্মান কৰিব নজনা এচাম বিত্তৱান লােকে বিহুৰ দায়িত্ব লাভ কৰাৰ লগে লগে বিহু ক্ৰমাৎ প্ৰদূষিত হ’বলৈ ধৰিছে। আজি শতস্বপ্নৰ দীঘবাণীৰে সজোৱা চেনেহীৰ হেঁপাহৰ বিহুৱানখন কলকতা, চেন্নাইৰ কটন মিলৰ পৰা বাটকুৰি বাই আহি ফাগুণৰ মাজভাগতে চহৰৰ অভিজাত ক্লথষ্ট’ৰবা শ্বপিং মলৰ শ্ব’কেছত শােভাবর্ধন কৰেহি। এতিয়া আৰু চ’তৰ শেষত ঢেকীৰ ধৰণীকােরা মাত শুনিবলৈ পােৱা নাযায়। আধুনিকতাই কোবােৱা গৃহিনীহ’তে অসমীয়া পিঠা-পনাৰ ঠাইত হােটেলৰ নানা সুস্বাদু মিঠাই, বুন্দিয়া ভূজীয়া, লুচি-ভাজি আদিৰেই অথবা বজাৰৰ পৰা কিনি অনা জা-জলপান, পিঠা-পনাৰ পেকেটবােৰৰেই পৰৰ পিঠাৰে বিহু পাতে। জীৱনত কাহানিও নাঙল স্পর্শ নকৰা, পথাৰৰ বােকা খচকি নােপােৱা ডেকা-গাভৰু সকল শ্রেষ্ঠ ঢুলীয়া, বিহু সম্রাজ্ঞী, বৰবিহুৱতী হােৱাত আজি সাধাৰণ কথা হৈ পৰিছে। বহুলাখ টকীয়া বিলাসী গাড়ী, মহানগৰীৰ মাজমজিয়াৰ ফ্লেট, বিভিন্ন আ-অলঙ্কাৰ, পাট-মুগাৰ ছেট, হাজাৰ হাজাৰ টকাৰ উপহাৰ সামগ্রী আদিৰ স্বপ্নত বলিয়া হৈ সম্পূর্ণ প্রতিযােগীতামূখী প্রফেচ’নেল মানসিকতাৰে ফাগুণৰ মাজভাগৰ পৰাই আখৰাত ব্যস্ত হৈ পৰে বিহুৱা ডেকা-গাভৰু। আজি পৰিৱৰ্তনৰ ধামখুমীয়াত পৰি বিহু এনে এক পর্যায় পাইছেগৈ য’ত নেকি এক বুজন পৰিমানৰ পুৰস্কাৰ বা টকা নহ’লে নাচনীয়ে কঁকাল নুঘূৰাই, ঢুলীয়াৰ ঢেলে নদগৰে, পেঁপাটিয়েও প্রাণ পাই নুঠে। চ’ত বহাগৰ সংক্ৰান্তিৰ দিনাৰ পৰা বহাগৰ ছদিনৰ ভিতৰত সম্পূর্ণ হ’ব লগা সাতবিহু এতিয়া বিভিন্ন নাম লৈ জেঠ,আহাৰ মাহ পর্যন্ত অনুষ্ঠিত হয়। অঞ্চলটোৰ বা গাঁওখনৰ উঠি অহা ল’ৰাছােৱালীখিনিক নৃত্য-গীত পৰিৱেশনৰ পৰা বঞ্চিত কৰি আঁতৰৰ কোনােবা নামি-দামী জনপ্রিয় শিল্পীক মাতি আনি গীত গােৱালেহে বিহুমেলাৰ মান বৃদ্ধি হ’ব এইধৰণৰ মানসিকতাই আজি সমাজখনত বাৰুকৈয়ে শিপাইছে। জাতীয় কলা-কৃষ্টিৰ জ্ঞান নথকা, এটি দুটি সস্তীয়া গীত গায়েই বাতৰি কাকত, নিউজ চেনেলত বিজ্ঞাপনৰ ফুলজাৰিৰে জনপ্রিয়তাৰ লেবেল লগােৱা এনে বহু পাবতগজা ‘শিল্পী’ য়ে নিশা দুপৰত মঞ্চলৈ উঠি, ৰাইজলৈ হাত ভৰি সকলো এছাৰি, গীত নাগাওতেই নিৰ্লজ্জৰ দৰে ৰাইজৰ পৰা হাতচাপৰি বিচাৰি যি এক বিকৃত পৰিৱেশ সৃষ্টি কৰে, সেয়া নিশ্চয়কৈ নিন্দনীয়। বিহুৰ মান-মর্যদা, স্বকীয়তা পাহৰি এনে তথাকথিত বিহুমেলাবােৰত এনে শিল্পীয়ে পৰিৱেশন কৰা গীতৰ তালে তালে সুৰাসক্ত যুৱক-যুৱতীয়ে মঞ্চৰ সন্মুখভাগত কৰা সীমা চেৰাই যােবা অতপালিবােৰ এতিয়া নিচেই চিনাকী দৃশ্যলৈ পৰিণত হৈছে। পুৱতি নিশালৈকে বিহুৰ অনুষ্ঠান কৰি উভতি অহাৰ পথত প্রতিবছৰেই আমি বহুকেইগৰাকী প্রতিভাৱান শিল্পীক হেৰুৱাব লগা হৈছে। আজি আমি মদৰ যােগাৰ নহ’লে বিহু পাতিব নােৱাৰা হৈছে। আজি আমাৰ বহু গ্রামাঞ্চলত হুছৰি গাবলৈ যােৱাৰ নামত দোভাগ ৰাতি গাভৰু ছােৱালী থকা ঘৰৰ পদুলিত মাতাল যুৱকৰ অশ্লীলতাৰ বহুৱালী চিনাকী দৃশ্য হৈ পৰিছে। তাতােকৈ পৰিতাপৰ কথা আজি অসমীয়া ৰাইজে বিহুৰ বতৰত বিহুমেলা খন পাতিবলৈ বিদেশী বণিয়া (কোম্পানী)ৰ ওচৰত আর্থিক সহায় (স্পনচৰ) বিচাৰি হাত পাতিবলগীয়া হৈছে। জাতিটোৰ স্বাভিমানস্বৰূপ বিহু ত সম্প্রতি দেখা দিয়া এই পৰিৱর্তিত পৰিস্থিতি আৰু নেতিবাচক চিন্তা-চেতনা, কর্মকাণ্ড কিহৰ পৰিচায়ক সচেতন সকলে এবাৰ ভাবি চোৱা ভাল ৷

আজি কিছু বছৰৰ পৰা এনেধৰণৰ কিছুমান অপতৃণে বিহুক ক্রমশঃ এনেদৰে গ্ৰাস কৰিবলৈ ধৰিছে যে আমাৰ উঠি অহা প্রজন্মই অতি কম দিনৰ ভিতৰত বিহু সম্পৰ্কত এক নেতিবাচক ভুল আৰু বিকৃত ধাৰণা যে গ্ৰহণ কৰিব সেয়া। সহজে অনুমেয়। নিশ্চিতভাৱে অসমৰ ভৱিষ্যত প্রজন্মলৈ বিহুৰ অমিয়া ৰূপ ৰস অক্ষয়-অব্যয় ৰূপত প্রবাহিত কৰি নিয়াৰ দায়িত্ব আৰুকর্তব্য কান্ধ পাতি ল’ব লাগিব আজিৰ প্ৰতিগৰাকী সচেতন অসমীয়াই।ৰূপান্তৰৰ ৰূপকাৰ জ্যোতিপ্রসাদে কৈছিল ৰূপান্তৰেহে মাথাে জগত ধুনীয়া কৰে। বিহুলৈ অহা এই ৰূপান্তৰ বা পৰিৱর্তনসমূহক নিয়ন্ত্রিত আৰু পৰিশীলিত ৰূপত আদৰি লৈ, বর্তমান আমাৰ সমাজত বিহুক কেন্দ্ৰ কৰি যিবােৰ নেতিবাচক চিন্তা-চৰ্চা আৰু অপসংস্কৃতি গঢ় লৈ উঠিছে, সেইবােৰ আঁতৰাই জাতিটোৰ সুস্থ চিন্তা-চেতনাক উর্ধত ৰাখি মানসিক দিশটোক নিকা কৰাৰ অৰ্থে প্ৰতিজন অসমীয়াই আন্তৰিকতাৰে চেষ্টা কৰাটো অতিকে প্রয়ােজনীয় হৈ পৰিছে। আমি পাহৰি যাব নালাগে যে বিহুৰ অন্তনিহিত তাৎপৰ্য ই হ’ল অসমীয়া সংস্কৃতিৰ, অসমীয়া জাতিৰ দাপােণ। আমি বিহুৰ অতীতৰ সেই বিনন্দীয়া ৰূপটি ঘুৰাই আনিব নােৱাৰিলেও চেষ্টা কৰিলে ইয়াৰ পৰম্পৰাগত ৰীতি-নীতি আৰু ঐতিহ্য ৰক্ষা কৰি উঠি অহা চামলৈ শুদ্ধৰূপত বিহুক প্রৱাহিত কৰাৰ ক্ষেত্ৰত কিছু হলেও সফল হ’ব পাৰিম।

মন্তব্য

পঢ়িব পাৰে

বৰমাত প্ৰাচীৰ পত্ৰিকা “বডোশ্ৰী” উন্মোচন

অসম সংবাদ,বৰমা: আজি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬২ তম জন্ম দিৱস তথা ছাত্ৰ দিৱসৰ লগত …