দৈনিক ৫ কোটিৰ বিনিময়ত পাব মহাকাশৰ বিলাসী হোটেলত থকাৰ সুবিধা

নিউজ ডেস্ক, অসম সংবাদ: মহাকাশ যাত্ৰা কৰাৰ কাৰনো সপোন নাই৷ তাতে যদি আকৌ মহাকাশত হোটেলৰ কথা কোৱা হয় তেনেহ’লেতো কথাই সুকীয়া৷ কাল্পনিক যেন লাগিলেও শেহতীয়াকৈ এনেধৰণৰ কল্পনাই বাস্তৱ ৰূপ লোৱাৰ পথত আগবাঢ়িছে৷ অৱশ্যে এয়া হ’ব কিছু ব্যয়বহুলো৷ এই কল্পনাক বাস্তৱ ৰূপ দিবলৈ ওলাইছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা সংস্থাই৷ মহাকাশত প্রথমখন বিলাসবহুল হোটেল নির্মাণ কৰাৰ পৰিকল্পনা কৰিছে এই সংস্থাটোৱে৷ হিউষ্টনৰ ওৰিয়ন স্প্যান নামৰ এই সংস্থাটোৱে দাবী কৰা অনুসৰি ২০২১ চনৰ শেষভাগত ৩৫x১৪ ফুটৰ অৰোৰা স্পেচ ষ্টেচনৰ নির্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব৷ ইয়াৰ পিছৰ বছৰা কৰাই তাত থাকিব পাৰিব অতিথি। সংস্থাটোৱে কোৱা অনুসৰি একোটা সময়ত হোটেলখনত চাৰিজন মহাকাশ-পর্যটক আৰু ২ জন ক্রু সদস্য থকাৰ ব্যৱস্থা কৰা হৈছে৷ এইখনে ১২ দিনত তীব্রগতিত পৃথিৱীৰ চাৰিওফালে ঘূৰি পুনৰ তাত উপস্থিত হ’ব৷ ওৰিয়ন স্প্যানৰ প্রস্তাৱিত মহাকাশ-হোটেলত পর্যটকৰ বাবে বিশেষ আকর্ষণৰ ব্যৱস্থাও থাকিব৷ যেনে—স্পেচ ষ্টেচনৰ মাজত শূন্য মাধ্যাকর্ষণ শক্তিত ঘূৰা, মহাকাশৰ পৰা পর্যটকৰ ঘৰ প্ৰত্যক্ষ কৰা, স্পেচ ষ্টেচনৰ মাজত খাদ্যশস্য ফলাৰ গবেষণাৰ কামত সহায় কৰা তথা মহাকাশৰ পৰা পৃথিৱীত থকা বন্ধু, আত্মীয়-স্বজনৰ লগত লাইভ ভিডিওৰ সহায়ত কথা পতা ইত্যাদি৷ ইয়াৰ বাবে ব্যয় কৰিব লাগিব গাইপতি ৯.৫ মিলিয়ন মার্কিন ডলাৰ বা ৬২ কোটি টকা। অর্থাৎ, প্রতিদিনে প্রায় ৫ কোটি টকা। ইয়াৰ উপৰি আৰু ৫২ লাখ টকা জমা দিব লাগিব। ভ্রমণ শেষ হোৱাৰ পিচত উক্ত টকা ঘূৰাই পাব৷ উল্লেখ্য যে ওৰিয়নৰ উপৰি অন্যান্য বেচৰকাৰী সংস্থায়েও বাণিজ্যিক মহাকাশ-যাত্রাত মনোনিৱশ কৰিছে৷

মন্তব্য

পঢ়িব পাৰে

দুলীয়াজানত নকল ধনেৰে বেংকৰ গ্ৰাহকক লুট কৰা দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

দুলীয়াজানৰ পৰা জয়ন্ত ভূঞা, অসম সংবাদ : কাগজেৰে পাচঁশ টকীয়া নোটৰ বাণ্ডিল বনাই ওপৰত এখন …