টিংৰাই শাখা সাহিত্য সভাই অচিৰেই প্ৰকাশ কৰিব অঞ্চলটোৰ সকলো দিশ সামৰি এক বৰ্ধিত কলেবৰ গ্ৰন্থ

অসম সংবাদ,ডিগবৈ: টিংৰাইৰ অন্যতম অনুষ্ঠান টিংৰাই শাখা সাহিত্য সভাৰ আজি এখনি নতুন সমিতি গঠন কৰা হয়৷ টিংৰাই শাখা ছাত্ৰ সন্থাৰ কাৰ্যলয়ত চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ গবেষক ব্ৰজেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সৰ্বসন্মতিক্ৰমে ব্ৰজেন বৰুৱাক সভাপতি, টিংৰাই হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মাখন শৰ্মাক উপঃ সভাপতি, সাংবাদিক সীমান্ত চেতিয়াক সম্পাদক, সাংবাদিক বুবু গগৈ আৰু সমাজকৰ্মী মৃদুপৱন বৰুৱাক সহঃ সম্পাদক, জাতীয় বিদ্যালয়ৰ অধক্ষ্যা বীনাৰানী দেৱীক পত্ৰিকা সম্পাদক, সাংবাদিক টংকেশ্বৰ শইকীয়াক বৃত্ত সম্পাদক আৰু সমাজ সেৱিকা ৰেখামনি চেতিয়াক প্ৰচাৰ সম্পাদক হিচাবে লৈ নতুন কায্যনিৰ্বাহক সমিতি ২০১৮- ২০ গঠন কৰা হয়৷ উক্ত সভাতেই জিলা সাহিত্য সভাৰ এক বিশেষ অনুষ্ঠান টিংৰাই শাখাই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়৷ তাৰোপৰি শাখা সাহিত্য সভাই অচিৰেই টিংৰাইৰ শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক সকলো দিশ সামৰি “টিংৰাইৰ সাহিত্য” নামৰে এখনি গ্ৰন্থ প্ৰকাশৰ কাম অচিৰেই আৰম্ভ কৰিব বুলি সিদ্ধান্ত গ্ৰহন কৰে৷

মন্তব্য

পঢ়িব পাৰে

নলবাৰী যজ্ঞভূমিত সেউজী সাহিত্য কাননৰ সভা সম্পন্ন

অসম সংবাদ,নলবাৰী: অসম সাহিত্য সভাৰ পঞ্জীয়ণভুক্ত শাখা সভা সেউজী সাহিত্য কাননৰ বাৰ্ষিক সভা, প্ৰতিষ্ঠা দিৱসৰ …