নলবাৰী যজ্ঞভূমিত সেউজী সাহিত্য কাননৰ সভা সম্পন্ন

অসম সংবাদ,নলবাৰী: অসম সাহিত্য সভাৰ পঞ্জীয়ণভুক্ত শাখা সভা সেউজী সাহিত্য কাননৰ বাৰ্ষিক সভা, প্ৰতিষ্ঠা দিৱসৰ মুকলি অধিবেশন, বটাঁ বিৱৰণী অনুষ্ঠান আজি নলবাৰীৰ যজ্ঞভূমিত অনুষ্ঠিত হৈ যায় । সেউজীৰ সভাপতি চক্ৰধৰ কলিতাৰ সভাপতিত্ব দিনৰ ১১-৩০ বজাত অনুষ্ঠিত হোৱা সভাত মূখ্য অতিথি হিচাপে ভাষন ৰাখি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাই কয় যে- নিজৰ ভাষা-সাহিত্য ৰক্ষা কৰাৰ দায়িত্ব প্ৰতিজন অসমীয়াৰে । সমাজত দোষাৰোপ কৰা এচাম লোক আছে । কিন্তু নিজে নিজৰ মাতৃভাষা বা সাহিত্যক ধৰি ৰখাত কোনো বিশেষ অৱদান নাই । ঐক্যবদ্ধ ভাবে আগবাঢ়ি বিশেষকৈ অসমীয়া ভাষাক আগবঢ়াই নিয়াৰ চেষ্টা হে কৰা প্ৰয়োজন বুলি দোহাৰে । ভাষন প্ৰসংগত জিলা সভাপতি গৰাকীয়ে কয় যে অসম সাহিত্য সভাৰ শাখা সভাবোৰেও সমিতি গঠন কৰাত বা কাম কাজ পৰিচালনা কৰাত যোগ্য ব্যক্তিক স্থান দিয়া দৰকাৰ । যাতে সাহিত্যক অঞ্চলটোত প্ৰতিষ্ঠা কৰাত আগভাগ লব পাৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ডাঃ ভূপেশ চন্দ্ৰ শৰ্মাই ভাষন ৰখাৰ লগতে জিলা সাহিত্য সভাৰ সম্পাদক অতুল চন্দ্ৰ শৰ্মা, সাহিত্যিক অশ্বিনী শৰ্মা, সেউজীৰ উপ সভাপতি প্ৰভাত চন্দ্ৰ চক্ৰৱৰ্তী, শিক্ষক বাপুকণ ৰাজবংশী মঞ্চ শুৱনি কৰে । সভাত সেউজীৰ দ্বাৰাই প্ৰদান কৰা বটাঁ সমূহ বিতৰণ কৰা হয় । সামগ্ৰীক ভাবে সেউজীৰ সম্পাদক হৰমোহন বৰ্মন, সহকাৰী সম্পাদক প্ৰাঞ্জল শৰ্মা, নয়নমণি শৰ্মাই আতঁ ধৰা অনুষ্ঠানত বটাঁ দাতা সকলে সেউজীৰ প্ৰয়াত সভাপতি, সম্পাদক সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে । অনুষ্ঠানৰ আদিতে অন্তৰংগ আলাপ অনুষ্ঠান হয় । উল্লেখ্য যে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সেউজীৰ সভাৰ যোৱা কালি বুধবাৰে অনুষ্ঠিত হোৱা বিষয় বাছনি সভাত আগন্তুক দুই বছৰৰ বাবে ধীৰেন্দ্ৰ নাথ শৰ্মাক সভাপতি, ৰবীন তালুকদাৰক উপসভাপতি, হৰেন কলিতাক সম্পাদক, বসন্ত মজুমদাৰ, পংকজ শৰ্মাক সহকাৰী সম্পাদক, প্ৰণৱ প্ৰাণ বাচ্যসক পত্ৰিকা সম্পাদক, সাংবাদিক প্ৰাঞ্জল শৰ্মাক প্ৰচাৰ সম্পাদক হিচাপে লৈ এখন বৃহৎ সমিতি গঠন কৰা হৈছে ।

মন্তব্য

পঢ়িব পাৰে

ৰূপান্তৰৰ আলিয়েদি জাতিৰ বাৰ্তাবাহী ব’হাগ

মৃণালকান্তি মেধি, বিশিষ্ট গায়ক, সংগীত পৰিচালক জাতীয় জীৱনৰ মহাৰ্ঘ লৈ ব’হাগ পদূলিমূখত ৷ এই বিহু …