“মাৰফৎ বকুল তল” আৰু কিছু অনুভৱ

হেমা চৌধুৰী গগৈ

যোৱা ২৮|৩|২০১৮তাৰিখে সন্ধ্যা গোলাঘাট এমেচাৰ চ’ছাইটি থিয়েটাৰ প্ৰেক্ষাগৃহ ত উপভোগ কৰিলো এখনি সৰ্বাংগসুন্দৰ নাট ” মাৰফৎ বকুল তল”।গোলাঘাট আমোলাপট্টিস্থিত ‘ মৌ’ ( স্বেচ্ছাসেৱী)ৰ উদ্যোগত পৰিচালিত হৈ থকা ‘ ডেউকা’ নাট্য বিদ্যালয়ৰ কণ কণ শিল্পী সকলৰ দ্বাৰা মঞ্চস্থ “মাৰফৎ বকুল তল ” বৰ্তমান সময়ৰ এখন উপযোগী নাটক বুলি মই অনুভৱ কৰিব পাৰিলো। নাট্যকাৰ পবিত্ৰ ৰাজখোৱাৰ দ্বাৰা ৰচিত আৰু জ্যোতিপ্ৰসাদ ভূঁঞাৰ দ্বাৰা পৰিচালিত নাটখনি প্ৰযোজনা আছিল ” গোলাঘাট জিলা সাংবাদিক সংস্থা”। নাটখনত হাস্য ৰসিকতা, দৰিদ্ৰতা, জীৱ-প্ৰেম, গাঁৱৰ লোকসকলৰ একালত থকা নিঃস্বাৰ্থ মৰম, ভালপোৱা, সহানুভুতি, দায়িত্ববোধ আৰু বৰ্তমান স্বাৰ্থৰে জৰ্জৰিত সমাজৰ দিশবোৰ কম দৃশ্যৰ ভিতৰত অতি সুন্দৰকৈ উপস্হাপন কৰি তুলিছে । এবাৰ ভাবিবলৈ বাধ্য কৰালে জীৱকুলক লৈ আমাৰ মৰমবোৰতো কিমান স্বাৰ্থ নিহিত থাকে ।আমি আমাৰ কণমানিহঁতক জোৰেৰে বাধ্য কৰাইছো নেকি যান্ত্ৰিকতাৰ লগত খাপ খুৱাবলৈ । কনমানি ৰিকিৰ বন্দীশালৰ দৰে জীৱন আৰু ঘাগু-ভৃগুহঁতৰ দৰে উন্মুক্ত মনে প্ৰকৃতিৰ লগত খেলা কৰি ডাঙৰ হোৱা জীৱনৰ প্ৰভেদ স্পষ্টকৈ ফুটাই তুলিছে নাট্যকাৰে । দুবছৰৰ পূৰ্বে জন্মলাভ কৰা এই ডেউকা নাট্য বিদ্যালয়ৰ অধক্ষা মিনাক্ষী ফুকনে শিশুসকলৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আহিছে । পদপথৰ শিশুসকলৰ প্ৰতিভা সন্ধান কৰি বৰ্তমানলৈ ৮ খন বাটৰ নাট , বিভিন্ন সাংস্কৃতিক অনুষ্ঠান , কবিতা অনুষ্ঠান , মঞ্চ নাট আদি অনুষ্ঠিত কৰি আহিছে ।
জেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে শুভ উদ্বোধন কৰা নাটখনিত বিশিষ্ট নাট্যকাৰ, পৰিচালক, কবি ৰফিকুল হুছেইন উপস্থিত থাকি সম্পূৰ্ণ নাট উপভোগ কৰে। এনে এটি অন্যতম নাট্যানুষ্ঠান ” ডেউকা ” ৰ সমূহ শিল্পীলৈ আমাৰ মৰম আৰু কৃতজ্ঞতা জনাই ডেউকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।

মন্তব্য

পঢ়িব পাৰে

বাঁহৰ চুঙাত দিয়া গাহৰিৰ মাংস

অপূৰ্ব দাস উপকৰণ : ২৫০ গ্ৰাম ছাল আৰু হাড় নথকা গাহৰিৰ মাংস (গাহৰি মাসৰ সলনি …