ৰঙালীৰ বতৰত শিল্পীৰ মনৰ অনুভৱ…


বৰষাৰাণী বিষয়া: বিহুটিৰ মাজত সমগ্র অসমীয়া জাতিটোৰ পৰিচয় নিহিত হৈ আছে । ইয়াৰ নিজস্ব স্বকীয়তা তথা এক অস্তিত্ব আছে । লোক-সংস্কৃতি বুলিলে লোকসকলে জীয়াই ৰখা সংস্কৃতি । গতিকে বিহুৰ অর্থ কেৱল মঞ্চত শিল্পীয়ে গীত গোৱা নাইবা কোনোবাই নচাটোৱে নহয়, ইয়াৰ এক সুকীয়া পৰম্পৰা আছে । সেই পৰম্পৰাখিনি পাহৰি গ’লে বিহুটি জীয়াই নাথাকিব । ৰঙালী বিহু বুলি সকলোৱে মিলি ৰং ৰইচ কৰাটো বেলেগ কথা, কিন্তু প্রকৃততে বিহুটিক জীয়াই ৰাখিবলৈ হ’লে বিহুৰ যিটো প্রকৃত অর্থ তাৰ তাৎপর্যখিনি জীয়াই থাকিব লাগিব । এইক্ষেত্রত যিসকল অভিভাৱক-অভিভাৱিকাই তেওঁলোকৰ সন্তান-সন্ততিক পৰম্পৰাসমূহ শিকাইছে সেইসকলে নিশ্চয় সেইখিনি আগুৱাই লৈ যাব । মোৰ ক্ষেত্রত কব গ’লে, মই গুৱাহাটীৰ মাজ-মজিয়াত ডাঙৰ-দীঘল হোৱা ছোৱালী, কিন্তু পহিলা বহাগৰ দিনাখন আমাৰ ঘৰত মা-হালধিৰে গা ধোৱা মই সৰুৰ পৰাই দেখি আহিছো । গতিকে সৰুৰে পৰাই মা-দেউতাহঁতে পৰম্পৰাৰ সেই বীজখিনি আমাৰ মগজুত ৰোপণ কৰি দিছে আৰু সেয়ে আমিও সেই পৰম্পৰাখিনি আজিপর্যন্ত অক্ষুণ্ণ ৰাখিছো । কোনেও মাকৰ গর্ভত এইবোৰ শিকি নাহে । গতিকে নৱপ্রজন্মৰ মাজত বিহুৰ পৰম্পৰা জীয়াই ৰখাৰ বাবে এইদিশত জ্যেষ্ঠসকলে দায়িত্ব ল’ব লাগিব । মই নৱপ্রজন্মক উদ্দেশ্যে এইটো কথাই কম যে, ৰং তামচাৰ মাজেৰে বিহুটি বিহু হিচাপে উজ্জ্বাপন কৰিব লাগে, বিহুৰ বিকৃতকৰণ কৰিব নালাগে । ভৱিষ্যতে নিজকে এগৰাকী অসমীয়া হিচাপে পৰিচয় দিবলৈ হ’লে সংস্কৃতি জীয়াই থাকিব লাগিব, তেতিয়াহে আমি এটা জাতি হৈ জীয়াই থাকিব পাৰিব, অন্যথা আমি এটা জাতি হৈ জীয়াই থাকিব নোৱাৰিম ৷


খগেন গগৈ: পোনপ্রথমে সমূহ অসমবাসী ৰাইজকে ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । বিহু আমাৰ জাতীয় উৎসৱ । অসমৰ জাতীয় উৎসৱটিক জীয়াই ৰখাটো প্রতিজন অসমীয়াৰে কর্তব্য । কোনেও বিহুটিক জীয়াই ৰাখিম বুলি ঠিকা লোৱা নাই । বর্তমান বিহুটি পালনৰ ক্ষেত্রত যি এক পৰিৱর্তন আহিছে সেয়া মোৰ বোধেৰে কেতিয়াও ধণাত্মক হ’ব নোৱাৰে । পৰিৱর্তন অনিবার্য্য, তাক কোনেও বাধা দি ৰাখিব নোৱাৰে । কিন্তু বিহুৰ যি স্বকীয়তা তাক জীয়াই ৰাখিব লাগিব, নহ’লে বিহুৰ কোনো অস্তিত্বই নাথাকিব । বিহু মূলতঃ কৃষিজীৱী উৎসৱ, গতিকে ইয়াক কেৱল প্রেমৰ উৎসৱ হিচাপে পালন কৰিলে নহ’ব । বিহুনামেই হওঁক, অথবা বিহুগীতেই হওঁক, তাত কৃষি বা প্রকৃতিৰ গোন্ধ থাকিবই লাগিব, নাথাকিলে সেয়া বিহুগীত, বিহুনাম কেতিয়াও হ’ব নোৱাৰে । আজিকালি ঢোল, পেঁপা ইত্যাদি বাদ্যযন্ত্রবোৰ আধুনিক স্কেলত বান্ধিবলৈ লৈছে যাৰ ফলত বাদ্যযন্ত্রবোৰৰ প্রকৃত সৌন্দর্য্যটো কোনোবাখিনিত হেৰাই গৈছে । গতিকে পৰিৱর্তন লাগিবই কিন্তু আধুনিকতাৰ নামত বিহুৰ ঘাই শিপাডাল নাইকিয়া কৰি পেলোৱাটো সমূলি অনুচিত হ’ব ।


সুবাসনা দত্ত: সমূহ অসমবাসীকে ৰঙালী বিহুৰ ওলগ যাচিলো । সংগীতৰ কোনো ট্রেণ্ড নাথাকে । সকলো ধৰণৰ সংগীতে হিট হ’ব লাগে । কিন্তু বর্তমান অসমীয়া সংগীতত এটা ট্রেণ্ড সৃষ্টি হৈছে । অসমীয়া সংগীতত যদি ৰেপ হিট হৈ আছে, সমান্তৰালভাৱে এটা মেল’ডি গীতো হিট হ’ব লাগে, যিটো বলিউড অথবা হলিউডত হয় । কিন্তু প্রকৃতার্থত অসমত সেয়া হোৱা নাই । সংগীতৰ গোটেই মাধ্যমটোৱে একঘেয়ামী হৈ পৰিছে । কোনোবাই ৰেপ কৰিছে যদি তাৰ পিছে পিছে সকলোৱে ৰেপ কৰিবলৈ লৈছে, কোনোবাই যদি ডিস্কো গীত এটা উলিয়াইছে, তাৰ পিছে পিছে সকলোৱে ডিস্কো গীত কৰিছে । আচলতে প্রতিজন গায়কৰে এটা নিজস্ব গায়কীশৈলী থাকে, কোনোবাই ৰেপ কৰিছে সেইটো তেওঁৰ গায়কীশৈলী, কিন্তু তাৰ পিছে পিছে সকলোৱে দৌৰাটো অনুচিত । এনে কৰিলে গায়কসকলৰ নিজস্বতা বুলিবলৈ একো নাথাকিব । আনহাতে বিহুমঞ্চত গীত পৰিৱেশনৰ দিশটো পৰিৱর্তন আহিছে । সময় সাপেক্ষে যিদৰে দর্শকৰ ৰুচি-অভিৰুচী সলনি হৈ থাকে আমিও নিজৰ সালসলনি ঘটাবই লাগিব । এইক্ষেত্রত মোৰ দৃষ্টিত মঞ্চত গীত পৰিৱেশনৰ সময়ত গীতবোৰ গীত হৈ থাকিব লাগে,কোলাহল হৈ পৰিব নালাগে ।


মলয়া গোস্বামী: সমূহ অসমবাসীকে ৰঙালী বিহুৰ ওলগ যাচিলো । সকলোতে পৰিৱর্তন হৈছে । লোক-সংস্কৃতিলৈও পৰিৱর্তন অহাটো স্বাভাৱিক । তাৰ মাজতে কিন্তু এটা আছে । বিহু আমাৰ পৰম্পৰাগত উৎসৱ, তাৰ নিজস্ব এক ঐতিহ্য আছে । আমি সেই পৰম্পৰা আমাৰ মা-দেউতাৰ নাইবা ককা-আইতাহঁতৰ দিনৰ পৰা দেখি আহিছো । গতিকে যিবোৰ বৈশিষ্ট্য তথা তাৎপর্য্য বিহুৰ মাজত অন্তর্নিহিত হৈ আছে আমি সেইবোৰ পালন কৰি আহিছো । সেয়ে মোৰ বোধেৰে আজিৰ পৰিৱর্তনটোৱে যদি বিহুৰ মাজত কিবা পৰিৱর্তন আনি দিয়ে য’ত তাৰ ঐতিহ্য, স্বকীয়তাবোৰ হেৰাই যায়, তেতিয়া তাক মই কেতিয়াও পৰিৱর্তন বুলি নকওঁ, নৈতিক স্খলন বুলিহে কম । বিহু বুলিলে আমি আমাৰ পূর্বপুৰুষসকলৰ পৰা যিখিনি শিকিছো, যিবোৰ দেখি আহিছো সেইখিনি আমাৰ ল’ৰা-ছোৱালীসকলকো ভালদৰে বুজাব লাগিব । তেতিয়াহে আমি বিহুটিক জীয়াই ৰাখিব পাৰিম । আনহাতে বিহু হৈছে মূলতঃ প্রকৃতিৰ সৈতে, কৃষিৰ সৈতে ওতঃপ্রোতভাৱে জড়িত থকা উৎসৱ, সেয়েহে বর্তমান বিহুটিক লৈ যিবোৰ ব্যৱসায় চলি আছে সেয়া বন্ধ কৰিব লাগে বুলি মই ভাবো । বিহুটিৰ বাণিজ্যকৰণ হ’ব নালাগে, ইয়াক প্রকৃতিৰ উৎসৱ হিচাপে জীয়াই থাকিব দিব লাগে । তেতিয়াহে বর্তি থাকিব অসমীয়া জাতিৰ মান ।


মালবিকা বৰা: পোনপ্রথমে সমূহ অসমবাসীকে ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । সময় আৰু যুগৰ পৰিৱর্তনে অসমীয়া সংগীতৰ জগতখনতো এক পৰিৱর্তন আনি দিছে । তাহানি দিনত ভূপেন দা, খগেন দাহঁতে হার্ম’নিয়াম আৰু তবলাটো লৈ বিহুমঞ্চত গীত পৰিৱেশন কৰিছিল । কিন্তু বর্তমান যিবোৰ গীত প্রতিদিনে মুক্তি পাই আহিছে সেইবোৰ গীতত হার্ম’নিয়াম অথবা তবলা খাপ নাখাব যেন অনুভৱ হয় । আনহাতে শ্রোতা-দর্শকৰ ৰুচিও বহুপৰিমাণে সলনি হৈছে যাৰ পৰিপ্রেক্ষিতত এই গীতবোৰ তেওঁলোকে আকোঁৱালি লৈছে । আনপিনে মঞ্চত আজিকালি বাদ্যযন্ত্রৰ ইমানেই কোলাহল শুনিবলৈ পোৱা যায়, তাৰ মাজত যেন গায়কজনে কি গাইছে সেয়া স্পষ্টৰূপত প্রকাশ নাপায় । মোৰ বোধেৰে আজিৰ শ্রোতাই বিচাৰে বাবে গায়কসকলেও তেনেকুৱা কৰিছে । সেয়েহে বর্তমান আমি বিহুমঞ্চত গীত পৰিৱেশন কৰিলে যদিও ইলেকট্র’নিক বাদ্যযন্ত্র ইমানকৈ ব্যৱহাৰ নকৰোঁ, তথাপি কম পৰিমাণে হ’লেও সেইখিনি বাদ্যযন্ত্র ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিছো ।


অপূর্ব বেজবৰুৱা: সমূহ অসমবাসীকে অসমীয়া জাতিৰ প্রাণস্বৰূপ ব’হাগ বিহুৰ ওলগ যাচিলো । সময়ৰ পৰিৱর্তনৰ লগে লগে বিভিন্ন ধৰণৰ নতুন নতুন ইলেকট্র’নিক বাদ্যযন্ত্র সংগীতৰ বজাৰলৈ আহিবলৈ ধৰিছে আৰু সকলোৱে তাক ব্যৱহাৰ কৰিবলৈ লৈছে । এই ক্ষেত্রত ইলেকট্র’নিক বাদ্যযন্ত্রক মই দোষাৰোপ নকৰোঁ । কিন্তু মঞ্চত গীত পৰিৱেশনৰ সময়ত এই বাদ্যযন্ত্রসমূহৰ অতিমাত্রা ব্যৱহাৰে গীতটোত মাজে মাজে ব্যাঘাত জন্মোৱা যেন লাগে । আচলতে গীত একোটিত বাদ্যযন্ত্রসমূহৰ উচিত প্রয়োগ কৰিব নজনাৰ ফলত এনেকুৱা হৈছে । আকৌ, মোৰ বোধেৰে বর্তমান বিহুমঞ্চত গীত উপভোগ কৰিবলৈ দুইধৰণৰ দর্শক আহে । এছামে গীত শুনিবলৈ আহে যিসকলে বেছি ৰাতিলৈকে নাথাকে, আন এছামে আকৌ মাজৰাতিলৈকে নাচিম বুলিহে আহে, এই ক্ষেত্রত গায়কে কি গাইছে তালৈ তেওঁলোকৰ কোনোধৰণৰ মতলব নাই ৷

যুগুতালে—কল্যাণ কুমাৰ কলিতাই

মন্তব্য

পঢ়িব পাৰে

বলীউডৰ পৰা ব্ৰেক শ্ৰুতি হাছানৰ

অনুপম চৌধুৰী,অসম সংবাদ: বলিউডৰ লগতে তামিল আৰু তেলেগু ছবিৰ মোহময়ী তথা যৌন আৱেদনময়ী অভিনেত্ৰীসকলৰ ভিতৰত …