ৰঙিয়া চিভিল হস্পিতাললৈ কায়কল্প বঁটাসহ ১০ লাখ টকাৰ চেক প্ৰদান

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ,অসম সংবাদ: ৰাজ্য চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন ২০১৭-২০১৮ বৰ্ষৰ স্বাস্থ্য খণ্ডলৈ আগবঢ়োৱা কায়কল্প বটাঁৰ বাবে এই বেলি ৰঙিয়া চিভিল হস্পিটেলে অসমৰ ভিতৰত দ্বিতীয় স্থান পাবলৈ সক্ষম হোৱাৰ উপৰি কায়কল্প বটাঁসহ ১০ লাখ টকাৰ চেক লাভ কৰে। চিভিল হস্পিটেল সমুহলৈ চাফ-চিকুণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে ৰাজ্য চৰকাৰে এই কায়কল্প বটাঁ আগবঢ়াইছে। অসমৰ ভিতৰত  ৮৫ শতাংশ  নম্বৰেৰে মৰাণৰ তিলৈ চিভিল হস্পিটেল আৰু ইয়াৰ বিপৰীতে  ৮৪ শতাংশ নম্বৰ প্ৰাপ্তিৰে ৰঙিয়া চিভিল হস্পিটেল খনে দ্বিতীয় স্থানত থাকে।আজি ৰঙিয়া চিভিল হস্পিটেলৰ উপ-অধীক্ষক ডা০ দিলীপ বৈশ্যই অসম সংবাদৰ  সংবাদিকক  এই সন্দৰ্ভত জানিবলৈ দিয়ে ।  গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল পেক্ষাগৃহত  ৮ এপ্ৰিলত আয়োজিত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই কায়কল্প বটাঁসহ ১০ লাখ টকাৰ চেক গ্ৰহণ কৰে ৰঙিয়া চিভিল হস্পিটেলৰ উপ-অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ নেতৃত্বত যোৱা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ এটা প্ৰতিনিধি দলে। এই বটাঁ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য বিভাগৰ সচিব সমীৰ সীনহা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পৰিচালন সঞ্চালক জেভিএন সুব্ৰমণিয়ম, কাৰ্য্যকৰী সঞ্চালক ডাঃঅচ্যুত বৈশ্যকে ধৰি ভালেসংখ্যক আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰে।  উল্লেখ্য যে, কামৰূপ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত যোৱা গণৰাজ্য দিৱসত ৰঙিয়া চিভিল হস্পিটেলক বিশেষ বটাঁ প্ৰদান কৰে বিশিষ্ট অতিথি তথা অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। ৰঙিয়া চিভিল হস্পিটেললৈ কায়কল্প বটাঁসহ ১০ লাখ টকাৰ চেক প্ৰাপ্যৰ কৃতিত্বৰ বাবে ৰঙিয়া বাসীৰ লগতে হস্পিতাল খনৰ চিকিৎসক, নাৰ্ছ, বিষয়া, কৰ্মচাৰী, শুভাকাংক্ষী সকলৰ মাজত আনন্দই বিৰাজ কৰি তুলিছে ।

মন্তব্য

পঢ়িব পাৰে

NDFB(P)ৰ বিত্ত সচিব বি ডেটছুং দিল্লীত চিকিৎসাধীন

নিউজ ডেস্ক,অসম সংবাদ: নেচনেল ডেম’ক্ৰেতিক ফ্ৰন্ট অৱ বডোলেণ্ড (প্ৰগতিশীল) চমুকৈ এন ডি এফ বি (পি) …