বিহুৰ ইতিহাস বিচাৰি…

-ধীৰেণ শইকীয়া

ৰঙালী বিহু প্ৰধানত: অষ্ট্ৰিক, আলপাইন, তিব্বত-বৰ্মীয় আৰু আহোম সকলৰ অৱদানেৰে মিশ্ৰিত। বিহুৰ ইতিহাস খুচৰিলে বিভিন্নজনৰ বিভিন্ন কথা পোৱা যায়। অৱশ্যে, আহোম সকল অসমলৈ অহাৰ আগতেও অসমৰ খিলঞ্জীয়া চহা ৰাইজে বসন্তৰ আগমনত বিভিন্ন নৃত্য গীতেৰে বিহু সদৃশ আচাৰ অনুষ্ঠান পালন কৰিছিল। পিছে আহোম সকল অহাৰ পৰা বিহুৱে পৰিশীলিত ৰূপ পায়।  বিহু সদৃশ আৰু অধিক আচাৰ অনুষ্ঠান আছে উত্তৰ-পূৱত।

বিহুৰ ইতিহাস বিচাৰিলে দুই শতিকাৰ পৰা পঞ্চম শতিকাৰ মাজৰ সৃষ্টি  বিষ্ণুপুৰান,অথৰ্ব বেদ আদিতো বিহুসদৃশ আচাৰ অনুষ্ঠানৰ কথা পোৱা যায়। বিহুৰ সময়ক বিষ্ণুবন কালৰ ভিতৰত ধৰা হয় বাবে এই সময়ত ঠাই বিশেষে বিষ্ণুপূজাৰ অনুষ্ঠান এটাও পালন কৰা দেখা যায়। দৰঙ জিলাত গোটেই মাহ জুৰি বিষ্ণুপূজাৰ লগত জড়িত আচাৰ-অনুষ্ঠান “দেউলে” তাকেই সূচায়।

টাই আহোমৰ এখন ঐতিহাসিকে দেও বুৰঞ্জী বা সাঁচিপতীয়া লিতফিত বিহুৰ ইতিহাস অলপ বেলেগ ধৰণে আছে। দৈয়াং অঞ্চলৰ বিহুৰ পৰিচালক হিচাপে পোৱা যায় দৈয়াং দেও ধনকলীয়াৰ নাম। বহুতে কয় কেঁচাইখাইতী বা কলীমতীয়ে বিহুৰ আৰম্ভনি কৰোতা। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ জীয়ৰী কলীমতী বা কেচাইখাইটীয়ে  বহুদিন ধৰি নৰ ৰক্ত পান কৰিবলৈ বিচাৰি ভোলানাথ শিৱৰ ওচৰত খাটনি ধৰাত শিৱই তেওঁক মানুহৰ মাজৰ পৰা বুদ্ধিৰে নি বৰ্তমানৰ গোলাঘাটৰ অন্তৰ্গত দৈয়াংৰ মনুষ্যবিহীন গৰুচৰ ৰাজ্যলৈ যাবলৈ কৈছিল। তেতিয়া কলীমতীয়ে ভনীয়েকহঁতৰ (এগৰাকী ভনীয়েক সেউতী আনগৰাকী মালতী) গৰুচৰ ৰাজ্যলৈ গৈ তাৰ প্ৰাকৃতিক শোভা দেখি যি নৃত্য-গীত কৰিছিল সেয়াই  কালক্ৰমত হৈছিলগৈ বিহু। 

সাংবাদিক মন্টু শইকীয়াৰ “বিহুৱা” নামৰ কিতাপখনত আছে এই কথা। লগতে কৈছে নিলাজী কলীমতীৰ গীত নৃত্য দেখি বিভিন্ন ধৰনৰ ফুল ফুলিছিল আৰু দেৱী-দেৱীৰ ৰম্যভূমি এই গৰুচৰ ৰাজ্য(বৰ্তমানৰ গোলাঘাটৰ দৈয়াং অঞ্চল)ৰ দেৱ-দেৱীবোৰো এই নৃত্যত হেনো সুপ্ৰসন্ন হৈছিল। শিৱৰ আজ্ঞাত সোনৰ নাও আৰু ৰূপৰ বঠাৰে ভটিয়াই গৈ মনুষ্যবিহীন গৰুচৰ ৰাজ্যত এই নৃত্যৰে সময় পাৰ কৰিছিল কলিমতী আৰু ভনী দুগৰাকীয়ে আৰু তেওঁলোকে কৰা এই নৃত্যত শস্য সম্ভৱা হৈছিল ৰাজ্যৰ পথাৰ সমাৰ। কলীমতীৰ গীতৰ মাজতে ধনকলিয়াৰ আবিৰ্ভাৱ হয়। তেওঁ বিহু মাৰে তাতেই। এই ধনকলিয়া আৰু কলীমতীহতৰ নৃত্য গীতে এটা সময়ত তুংগত উঠিল আৰু ধনশিৰী নৈৰ পাৰলৈ অৱধাৰিতভাৱে বসন্ত আহিছিল। জনামতে সেই সময়ত প্ৰকৃতি সগৰ্ভা হৈ পৰিছিল আৰু অসমৰ  বুকু সেউজীয়া ৰঙ ৰূপ ৰসেৰে ভৰি পৰিছিল। কুলি-কেতেকীয়ে গীত জুৰিছিল, হাবিৰ কপৌফুলকে ধৰি বিবিধ ফুলেৰে ধুনীয়া হৈছিল ৰাজ্যৰ প্ৰকৃতিখন।

আমি বিহুৰ সময়ত প্ৰতিবছৰেই বিভিন্ন ইতিহাস বিছাৰি চালে দেখো যে বিহুৰ পৰিকল্পিত ইতিহাস এখন আজিকোপতি ওলোৱা নাই। নকুল চন্দ্ৰ ভূঞা, লীলা গগৈ, জয়কান্ত গন্ধীয়া, অনিল শইকীয়া, মন্টু শইকীযা, হেমন্ত কুমাৰ বৰুৱা,ভোগেশ্বৰ গগৈ, ইছমাইল হোছেইন, মিন্টুমনি শইকীয়া আদি কেইবাগৰাকীও লোকে বিহুৰ ওপৰত বহু গৱেষনা ধৰ্মী কিতাপ লিখিছে যদিও এইসমূহতো বহু তথ্যৰ অভাৱ দেখিছোঁ।  আশাকৰো এইবিষয়ে অধিক চৰ্চা কৰিব নতুন পুৰুষে।

    ইতিহাস খুচৰিলে বিহুৰ ওপৰত আৰু তথ্য পাওঁ ৷ ১৬৮৯ আৰু ১৭৬৯ বৰ্ষটো অসমত বিহুপালনৰ তথ্য দিছে অসমৰ এখন ফলি আৰু কেইবাখনো বুৰঞ্জীয়ে । ১৬৮৯ খৃঃ(১৬১৯ শক)ত নামনি অসমৰ শুৱালকুছি ভৃংগেশবৰ দেৱালয়লৈ আগবঢ়োৱা ভূমিদান ফলিখনত বহাগ বিহুৰ পৰম্পৰাৰ কথা উল্লেখ আছে। একেদৰে ১৭৬৯ বৰ্ষ(১৬৯১ শক)ত মোৱামৰীযা বিদ্ৰোহৰ অন্যতম চৰিত্ৰ ৰাঘৱ মৰানক বিহুৰ দিনটোতেই কুৰংগনয়নীৰ সহায়ত(পিছত মনিপুৰী কুঁৱৰী) পৰিকল্পনামতে হত্যা কৰাৰ কথা আছে আহোম বুৰঞ্জীসমূহত। কিন্তু তাৰো আগতে আহোমৰ শ্ৰেষ্ঠ স্বৰ্গদেউ ৰুদ্ৰসিংহই (১৬৯৬-১৭১৪ খৃঃলৈ) তেওঁৰ ওঠৰ বছৰীয়া ৰাজত্ব কালত আৰু চন্দ্ৰকান্ত সিংহৰ ৰাজত্ব কালতো (১৮১০-১৮১৮ আৰু ১৮১৯-১৮২৮খৃঃলৈ) অসমত অৱধাৰিতভাৱেই বিহু পালনৰ বুৰঞ্জী পোৱা যায়। সাতবিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিহু পতাৰ সময়ত  ৰাজবিষযা সকলৰ লগতে ৰাজমাও দেউতা  উপস্থিত থকাৰো  তথ্য পোৱা যায় বুৰঞ্জীসমূহত। এক তথ্যত চন্দ্ৰকান্ত সিংহই ১৮১৫ শকত ৰঙালী বিহু উলাহ মালহেৰে ৰংঘৰৰ বাকৰিত পতাৰ কথাও পোৱা যায়,য’ত ম’হ যুঁজ,হাতী দৌৰ,শেন যুঁজ,মাল যুঁজ,ঘোঁৰা দৌৰ অনুষ্ঠিত হোৱাৰ লগতে  স্বৰ্গদেউ ইশ্বৰে বঁটা বাহন দিয়াৰো তথ্য আছে। তাৰো আগুৱাই গলে মহাপুৰুষ শংকৰদেৱৰ (১৪৪৯-১৫৬৮খৃঃলৈ) ৰচনা উৰেষা বৰ্ননাতো  বিহুৰ কথা পোৱা যায়। ইয়াৰো আগলৈ গলে ন শতিকাৰ অনুপম সৃষ্টি বিষ্ণুপুৰাণতো পোৱা যায় বিহুৰ কথা। বিষ্ণুপুৰাণত আছে সূৰ্য তুলা অথবা মেঘ ৰাশিলৈ গলে বিষুব হয়-এই সময়ত দিন ৰাতি সমান হয়। এই সময়ত আমি কাপোৰ দান কৰিব লাগে। প্ৰকৃতি শস্য সম্ভৱা কৰিব’লৈ ঢোল আদি বেদ বাদ্য বজাব লাগে। এই সময়ত ৰাজহুৱা কামত ৰাইজৰ কুশলাৰ্থে দান আদি কৰিলে পুণ্য হয়। 

বিহুৰ ইতিহাস বিচাৰিলে পোৱা যায় কেইবাখনো বুৰঞ্জী যেনে তুংখুঙীয়া বুৰঞ্জী, আসাম বুৰঞ্জী,সাতসৰী অসম বুৰঞ্জী,অসমৰ পদ্যৰ বুৰঞ্জী আদিতো বিহুৰ কথা আছে যদিও ক’তো বিহুৰ লগত জড়িত আচাৰ অনুষ্ঠানৰ বিতং বৰ্ণনা নাই। শেষত আমি পোৱা তথ্যমতে ১৯১৮ চনত অসমত শিৱসাগৰত পোনপ্ৰথমে ৰঙালী বিহু অনুষ্ঠানৰ কথা আৰু গুৱাহাটীত ১৯৪৮ চনত গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আৰু ১৯৫২ বৰ্ষত গুৱাহাটীৰ লতাশিলত বিহু পতাৰ কথা পোৱা যায়। 

আজিকালি বিহুৰ কেইবাটাও অনুষ্ঠান লোপ পালে। সেইবোৰ হ’ল- ৰাতিবিহু,কলীবুঢ়ী নাচনিৰ গীতমাত, বহুৱা বিহু, লহৰীয়া বিহু,তৰা ছিগা বিহু,নাহৰৰ গীতমাত,সেন্দুৰী পমিলিৰ গীত, পৰম্পৰাগত খেলা-ধূলা আদি।

বিহুগীতবোৰ বসন্তৰ গান। বসন্ত মানেই ডেকা গাভৰুৰ প্ৰানৰ গান।

“হেৰা মেঘ দেৱতা বৰষুণ নিদিবা
ৰাতি নুপুৱাই মানে
ধনৰ ঘৰলৈ যাবলৈ ওলাইছো
নেদেখা ইশ্বৰে জানে।
আহাৰে শাওনে আম কঠাল পকিলে কলীয়া হলৌৱে খাই
চৰকাৰী কামত মোৰ ধন আছেগৈ
ধেমালিৰ বতৰে যায়।।”

মন্তব্য

পঢ়িব পাৰে

বলীউডৰ পৰা ব্ৰেক শ্ৰুতি হাছানৰ

অনুপম চৌধুৰী,অসম সংবাদ: বলিউডৰ লগতে তামিল আৰু তেলেগু ছবিৰ মোহময়ী তথা যৌন আৱেদনময়ী অভিনেত্ৰীসকলৰ ভিতৰত …