৯ টকাত এসাজ ভাত মৰিয়নীত: প্ৰাক্তন বিধায়কে পেঞ্চনৰ ধনেৰে খুলিলে সুলভ মূল্যৰ কেণ্টিন

মৰিয়নীৰ পৰা ৰঞ্জিত বৰা,অসম সংবাদ: ৰাজ্যত এতিয়া খাদ্যসামগ্ৰীৰ জুই চাই দামে কোঙা কৰি পেলাইছে দুখীয়া জনসাধাৰণক। এনে সময়তে পেট ভৰাই এসাজ ভাত মাথোঁন ৯ টকাত পোৱাটো অবিশ্বাস্য। কিন্তু এনে অবিশ্বাস্য কামকো সম্ভৱ কৰি তুলিছে মৰিয়নীৰ প্ৰাক্তন বিধায়ক তথা সমাজ সেৱক আলোক কুমাৰ ঘোষয়ে। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ  বতৰ, আজি গৰু বিহুৰ দিনা মৰিয়নীৰ উন্নয়ন সমিতিয়ে আৰম্ভ কৰিছে ” নমো কেণ্টিন “। এই কেণ্টিনত এসাজ ভাত মাত্ৰ ন টকাত দিয়া হব। দুপৰীয়া আৰু ৰাতি দুসাজ ভাতৰ ব্যৱস্থা কৰা হৈছে এই কেণ্টিনত। অন্যহাতে সন্ধ্যা মাত্ৰ দুটকাত একাপ গাখীৰ দিয়া চাহ দিয়া হব। এই সমগ্ৰ ব্যৱস্থা যদিও মৰিয়নী উন্নয়ন সমিতিৰ উদ্যোগত কৰা হৈছে কিন্তু ইয়াৰ অন্তৰালৰ মানুহজন হৈছে প্ৰাক্তন বিধায়ক তথা সমাজ কৰ্মী আলোক কুমাৰ ঘোষ। মৰিয়নী ষ্টেচন ৰোডত অৱস্থিত এই নমো কেণ্টিনৰ দুৱাৰ মুকলিৰ প্ৰাকক্ষণত যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম ৰাজ্যিক কৃষি বিপনন পৰিষদৰ অধ্যক্ষ পালিত বৰা, যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীকে প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট ব্যক্তি আজি দুপৰীয়া উপস্থিত থাকে। পালিত বৰা আৰু সাংসদ কামাখ্যা তাছাই ফিটা কাটি ৰাইজৰ বাবে “নমো কেণ্টিন”খন আনুষ্ঠানিক ভাৱে মুকলি কৰি দিয়ে সাধাৰণ ৰাইজৰ বাবে। লগতে সভাত উপস্থিত সকলোৱে ৯ টকীয়া ভাতৰ আমেজ লয়।অন্যহাতে এসাজ নিৰামিষ ভাতৰ বাবদ ১৬ ৰ পৰা  ১৭ টকা খৰচ হব যদিও গ্ৰাহকৰ পৰা ৯ টকা হে গ্ৰহণ কৰিব। খৰছ হোৱা বাকী টকা প্ৰাক্তন বিধায়ক আলোক ঘোষে বিধায়ক পেঞ্চনৰ ধনেৰে বহন কৰিব বুলি উল্লেখ কৰে। লগতে প্ৰাক্তন বিধায়ক ঘোষে ৰাজ্যখনৰ স্বচ্ছল প্ৰাক্তন বিধায়ক তথা সাংসদক এনে কৰ্মৰ সৈতে নিজ নিজ অঞ্চলত জড়িত হবলৈ আহ্বান জনাইছে। বিধায়কৰ পেঞ্চনৰ ধনেৰে এইদৰে নমো কেণ্টিন ৰ যোগেদি দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত লোকৰ আহাৰ দিয়াৰ ব্যৱস্থা কৰাটো মৰিয়নীত চৰ্চাৰ বিষয় হৈ পৰিছে।

মন্তব্য

পঢ়িব পাৰে

অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীলৈ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদ

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ, অসম সংবাদ: অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীক কংগ্ৰেছ সৰ্ব …