আহি আছে সংকট: আসন্ন তৃতীয় বিশ্বযুদ্ধ!

নিউজ ডেস্ক, অসম সংবাদ: এফালে আমেৰিকা আৰু সহযোগী ৰাষ্ট্ৰ আনফালে ৰাছিয়া আৰু সহযোগী ৰাষ্ট্ৰসমূহৰ যুদ্ধংদেহী মনোভাৱ৷ এনে এক পৰিস্থিতিয়ে লাহে লাহে যেন তৃতীয় বিশ্বযুদ্ধৰে সংকেত দিছে৷ কিয়নো যুদ্ধবিধ্বস্ত ছিৰিয়াত এইবাৰ একেলগে আক্ৰমণ চলাইছে আমেৰিকা, ইংলেণ্ড আৰু ফ্ৰান্সে৷ ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ ’ৰাসায়নিক অস্ত্ৰভাণ্ডাৰ’ ধ্বংস কৰাই এই আক্ৰমণৰ উদ্দেশ্য বুলি দেশসমূহে দাবী কৰিছে৷ মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ মতে যিমানদিনলৈকে ছিৰিয়াই ’ৰাসায়নিক অস্ত্ৰৰ ব্যৱহাৰ বন্ধ নকৰে তেতিয়ালৈকে আক্ৰমণ চলিব৷ হোৱাইট হাউচৰ পৰা সম্প্ৰচাৰিত এটা টেলিভিছন বিবৃতিত ট্রাম্পে নিজেই এই কথা প্ৰকাশ কৰিছে যে আছাদৰ ’ৰাসায়নিক অস্ত্ৰভাণ্ডাৰ’ত আক্ৰমণ কৰাৰ বাবে মাৰ্কিন সেনাক নিৰ্দেশ দিয়া হৈছে৷ ট্ৰাম্পৰ মতে দেশৰ ওপৰত ৰাসায়নিক অস্ত্ৰৰে আক্ৰমণ কোনেও সহ্য নকৰে৷ কেবল ৰাক্ষসকেহে এলে আক্ৰমণ চলাব পাৰে৷ এসপ্তাহত বিষাক্ত গেছ প্ৰয়োগৰ ফলত ছিৰিয়াত ৬০ জনৰ মৃত্যু হোৱা বুলিও তেওঁ দাবী কৰে৷ মন কৰিবলগীয়া যে ট্ৰাম্পে বক্তব্য দি থকাৰ সময়তে ছিৰিয়াৰ ৰাজধানী ডামাস্কাত কমেও ছটাকৈ বোমা বিস্ফোৰণৰ শব্দ শুনা গৈছিল৷ দূৰৰ পৰা ধোঁৱাও দেখা গৈছিল৷ জানিব পৰা মতে ডামাস্কাৰ বাৰজা জিলাত য’ত দেশখনৰ বৃহত্তম বৈজ্ঞানিক গৱেষণাগাৰটো আছে তৰ পৰাই ধোঁৱা নিৰ্গত হৈছে৷ইফালে ছিৰিয়াই দাবী কৰা অনুসৰি তেওঁলোকেও যোগ্য প্ৰত্যুত্তৰ দিছে৷ মাৰ্কিন, ব্ৰিটিছ আৰু ফৰাচী বিমান যাতে ছিৰিয়াৰ আকাশত প্ৰবেশ কৰিব নোৱাৰে তাৰো ব্যৱস্থা কৰা হৈছে৷একেদৰে ছিৰিয়াৰ দীৰ্ঘদিনৰ সহযোগী ৰাছিয়ায়েও সকীয়াই দিছে যে আক্ৰমণকাৰীসকলে ইয়াৰ ফল ভোগ কৰিব লাগিব৷ আমেৰিকাত থকা ৰুছ ৰাষ্ট্ৰদূতেও সকীয়াই দিছে যে ইয়াৰ পিছত যি ঘটিব তাৰ বাবে দায়ী হ’ব ৱাশ্বিংটন, লণ্ডন আৰু পেৰিছ৷ ৰাচিয়াৰ ৰাষ্ট্ৰপতিৰ অপমান কোনো কাৰণতেই মানি লোৱা নহ’ব বুলি তেওঁ কয়৷। উল্লেখ্য, দীৰ্ঘদিনৰ পৰা আমেৰিকা আৰু ৰাছিয়াৰ মাজত শীতল যুদ্ধ চলি আছে৷ এই যুদ্ধই আন আন দেশৰ বৈদেশিক নীতিটো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷

মন্তব্য

পঢ়িব পাৰে

বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া: এজনৰ মৃত্যু, চাৰিজন চিকিৎসাধীন

মুকালমুৱাৰ পৰা জয়ন্ত ডেকা, অসম সংবাদ: বৰক্ষেত্ৰীৰ দমদমাত খাদ্যত বিষক্ৰিয়া। বিষক্ৰিয়া ঘটি এজনৰ মৃত্যু৷ একেটা …