স্বৰ্ণময় প্ৰেম

মৌচুমী বৰুৱা

প্ৰেম স্বৰ্ণময় বুলিটো
জনা নাছিলো অনুৰাগ
প্ৰতি পল তোমাকেই কঢ়িয়াব লাগিব বুলিটো ভৱা নাছিলো।

চকু মুদিলেও অংশুমান ৰূপত
তোমাকে পাওঁ..
অনুভৱ কৰো —
পুৱাৰ বেলিত তোমাৰেই হাঁহি
চাহৰ পিয়লাত তোমাৰ ওঁঠৰ পৰশ
সমুখৰ চকীত তোমাৰ উপস্থিতি
মৃদু বতাহত তোমাৰ গাৰ সুবাস,
হালি- জালি লোৱা
ফুলৰ পাহিতেই তোমাৰ স্পৰ্শ..
এই অনুভৱেই
প্ৰেম বুলিতো জনা নাছিলো অনুৰাগ।

চৰাইৰ মাততে
তোমাৰ কণ্ঠৰে নিগৰি অহা
কবিতাময় শব্দৰ প্ৰতিধ্বনি শুনি
পখিলাৰ দৰে আজিও নাচে মন।
যোৱাৰ বাটে উভতি আহিবা বুলিতো
তুমিতো কৰা নাই কোনোদিনেই পন,
ময়োতো বিচৰা নাই তোমাৰেই তন।
তেন্তে কিয় বাট চাই হৃদয়ে
মাথো তোমাৰ বাবে প্ৰতি ক্ষণ.. প্ৰতি ক্ষণ।
অধীৰ অক্লান্ত অপেক্ষাই প্ৰেম বুলিটো
শুনা নাছিলো,অনুৰাগ।

নিৰবধি নৈখনৰ সিপাৰে
আকাশৰ অস্তগামী সুৰুযৰ ৰক্তিম জ্যোতিক
মোৰেই শিৰত তুমি পিন্ধাই যোৱা
মৰ্যদাৰ আভা যেন লাগে।

ক্ৰমশ: আন্ধাৰ নামে.. ।

আন্ধাৰ নামিবলৈ নিদিবা অনুৰাগ
আন্ধাৰলৈ মোৰ বৰ ভয় লাগে।
আন্ধাৰ নামিলেই অকলশৰীয়া আজলী বুলি
মোৰেই পদূলিত আহি
বাটৰ কুকুৰবোৰে ভুকা-ভুকি কৰে।

উদণ্ড বতাহজাকে
মোৰ জুপুৰিত ধকধকাই
গোবৰ মাটিৰ লেপন প্ৰতিদিনে
খহাও যেন কৰে।

তুমিতো সকলো বুজা অনুৰাগ
সেয়েহে জোন হৈয়ে
আন্ধাৰ বিনাশাৰ প্ৰয়াস কৰা।

এই ব্যৰ্থ প্ৰয়াস
এই সমুৎপিঞ্জ অপেক্ষা
এই অবুজ অনুভৱেই
প্ৰেম বুলিটো বুজা নাছিলো অনুৰাগ।

এতিয়া যে ইয়ে সঞ্জীৱনী হৈ
মোক সজীৱ কৰি ৰাখে ,
তোমাকেই বিশ্বাসেৰে শব্দৰ মাজে মাজে
মৰমেৰে কঢ়িয়াই ফুৰে।

প্ৰেম এনেকুৱাই বুলি
এতিয়া বুজিলো অনুৰাগ,
সেয়েহে হৃদয় থাপনাত
তোমাকেই স্বৰ্ণময় ৰূপত প্ৰতিষ্ঠা কৰিলো।

মন্তব্য

পঢ়িব পাৰে

ঋতুৰাজ বসন্তৰ দুটি স্তৱক

মিলন শইকীয়া ১ / সোঁৱৰণিৰ সৰাপাতত আলফুলীয়া প্ৰেমৰ জিৰ্ জিৰ্ মেঘনা সৰাপাত আজি সোঁৱৰণি যদিও …