বহাগ

বিমান শইকীয়া

( ৰঙালী বিহুৰ ওলগ জনাইছোঁ হেঁপাহেৰে…)

বহাগৰ বুকুতে জী উঠে এটা বহাগ
জী থাকে জাতি মাটি আপোন ভেটি
বিৰিঙে মূখত আপোনভোলা এমোকোৰা হাঁহি
পলসুৱা বুকুৰ কঠিয়াতলিত
পুনঃ পুনঃ জী উঠে আশাৰ বীজ
বুকুৰ পৰা বুকুলৈ বয় আপোনতাৰ সোঁত
মানুহ হৈ জী উঠে পুনশ্চ একোটা অমানুহ

বহাগৰ বাবেই সলনি হয় বতৰ
বহাগৰ বাবেই সলনি হয় বছৰ

আনন্দত আপোন পাহৰা হয় সুৰীয়া চৰাই
গছবোৰে নিজকে নকৈ সজায়
মানুহৰ বুকুত ওলাই মানুহৰ বাবে ঠাই
বাকহীন জীৱৰ বাবে এধানি ভালপোৱা
এটা দিনৰ বাবে হলেও অনুভৱত জাগে
মৰম আকলুৱা এটি প্ৰাণ সিহঁতৰো যে আছে

যুৰীয়া পেঁপাৰ তিহিতি তিহতৌলৈ মাত
সাৰ পাই খোল খায় হৃদয়ৰ দুৱাৰ
বৰগছৰ তলতে যোৰ পাতি জী উঠে
জী উঠে জাত জাত বুকুৱে কব খোজা গান

জী উঠে ধিনিকি ধিনদাও মাতত মঘাই
নতুন পুৰুষক চিনাই ঢেকীৰ মাত
বহাগে কৈ থাকে ইজনৰ পৰা সিজনলৈ
কৈনো কৈ থাকিলেও ওৰকে নপৰা
এৰি অহা আপোন দিনৰ শুৱনি কথা

কাজিৰ হাতত ঘুৰে চেৰেকীৰ পাক
সৰে হাতৰ মাকোঁ ঘনে ঘনে চিঙে সুতা
টোলোঠাৰ ফুলবোৰে ডিঙিত ওলমি মিচিকিয়াই হাঁহে
পিতাই ৰৈ থাকে আকৌ এটা বহাগৰ অপেক্ষাত
আয়ে জুমি চাই ব-তোলা চুঙাৰে এৰি থৈ অহা বহাগ ||

মন্তব্য

পঢ়িব পাৰে

অভিসন্ধি

জেচমিন বেগম মিহি তাঁৰ এডালত আঁৰি থোৱা আছিল মোৰ চোলাটো ঠিক তেওঁৰ চোলাটোৰ কাষতে বতাহে …