বিহু সমিতিৰ ব্যতিক্ৰমী কাৰ্যসূচী: বিতৰণ কৰিলে ৫০০০ চন্দন গছৰ পুলি

অসম সংবাদ, অভয়াপুৰী: ৰাজ্যৰ চৌদিশে এতিয়া কেৱল ৰঙালীৰ ৰং ৰহইচ ৷ বিহু, নৃত্য-গীতত ব্যস্ত অসমবাসী ৷ কিন্তু তাৰমাজতো বঙাইগাঁওৰ এখন বিহু সমিতিৰ ব্যতিক্ৰমী কাৰ্যসূচীয়ে সকলোৰে মন জয় কৰিলে ৷ বিহু সমিতিখনে ৰাইজৰ মাজত বিতৰণ কৰিলে ৫০০০ আপুৰুগীয়া ৰঙা চন্দনৰ পুলি ৷ “গছ থাকিলেহে মানুহ থাকিব” – এই বাণীক সাৰোগত কৰি বঙাইগাঁওৰ এখন বিহু কমিটিয়ে দেখুৱালে আদৰ্শ ৷ জাকজমকীয়া অনুষ্ঠানৰ পৰিৱৰ্তে ৰাইজৰ মাজত বিতৰণ কৰিলে ৫০০০ আপুৰুগীয়া ৰঙা চন্দন গছৰ পুলি ৷ হয়, বঙাইগাঁও জিলাৰ কাকৈজানা ৰঙালী বিহু সন্মীলনীয়ে আজি ১ ব’হাগৰ দিনা এই ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে ৷ সাংস্কৃতিক অনুষ্ঠানৰ নামত লাখ লাখ টকা খৰছ নকৰি এওঁলোকে গ্ৰহণ কৰা এই কাৰ্যই সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ উল্লেখ্য এইখন বিহু সন্মীলনীয়ে এইবাৰ গৌৰৱাজ্জ্বল ৫০ বছৰত ভৰি দি সোণালী জয়ন্তী বৰ্ষ পালন কৰিছে ৷ লক্ষ্যণীয় কথা যে কাকৈজানাৰ এইখন বিহু সন্মীলনীৰ কাষতে সোণালী বান্দৰৰ বাবে বিখ্যাত কাকৈজানা সংৰক্ষিত বনাঞ্চল ৷ ৫০০০ চন্দন গছৰ পুলি বিতৰণ কৰা কাৰ্যই অসমীয়া নৱবৰ্ষৰ প্ৰথমদিনাই প্ৰকৃতিপ্ৰেমীসকলৰ মাজত আনন্দৰ জোঁৱাৰ তুলিছে ৷ এই চন্দন গছৰ পুলি যোগান ধৰে কাকৈজানাৰ সন্তান তথা গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়ে। আনহাতে অসমৰ প্ৰতিখন বিহু সমিতিকো গছপুলি ৰোপণ তথা গছপুলি বিতৰণৰ বাবে আহ্বান জনায় বিহু সমিতিখনৰ লোকে ৷ “অসম সংবাদ”ৰ বাৰ্তা সম্পাদক বিক্ৰম ৰঞ্জন ৰয়কো চন্দন গছৰ পুলিৰে সম্বৰ্দ্ধনা জনায় ৷

মন্তব্য

পঢ়িব পাৰে

NDFB(P)ৰ বিত্ত সচিব বি ডেটছুং দিল্লীত চিকিৎসাধীন

নিউজ ডেস্ক,অসম সংবাদ: নেচনেল ডেম’ক্ৰেতিক ফ্ৰন্ট অৱ বডোলেণ্ড (প্ৰগতিশীল) চমুকৈ এন ডি এফ বি (পি) …