দৰঙৰ কেইবাঠাইতো আৰম্ভ হ’ল ব’হাগ মহীয়া দেউল

নিউজ ডেস্ক,অসম সংবাদ: আজিৰে পৰা সমগ্ৰ দৰং জিলাৰ বিভিন্ন স্থানত জাতি বৰ্ণ ধৰ্ম নিৰ্ব্বিশেষে বিভিন্ন লোকৰ অংশগ্ৰহণেৰে আৰম্ভ হৈছে ব’হাগ মহীয়া দেউল উৎসৱ। বিষ্ণুপূজাৰ লগত জড়িত এই উৎসৱভাগি দিনজোৰা কাৰ্যসূচীৰে আয়োজিত হৈ আহিছে একাদশ শতিকাৰ পৰা। শাস্ত্ৰজ্ঞ আৰু ধৰ্মপ্ৰাণ শিয়ালা বৈষ্ণৱৰ পিতৃ ধৰ্মদেৱ বিপ্ৰ ভূঞাঁই ছিপাঝাৰ অঞ্চলৰ বৰাবাৰী গাঁৱত সত্ৰ পাতি বসবাস কৰিছিল ।তেওঁৱেই দৰঙী ৰাজ পৰিয়ালৰ পৃষ্ঠপোষকতাত আৰম্ভ কৰে এই দেউল উৎসৱ। পূৰ্বতেই বনোৱা ওখ মাটিৰ ঢিপত মগৰ প্ৰতিষ্ঠাৰে এই বিষ্ণুপূজা তথা দেউল উদযাপিত কৰা হয়। দৰঙৰ বৰদৌলগুৰি আৰু মূৰাদেৱৰৰ দেউল দুটা অনুষ্ঠিত হয় অসমীয়া নতুন বছৰৰ প্ৰথম মাহ ব’হাগৰ পহিলা তাৰিখত। উল্লেখ যে, সমগ্ৰ ব’হাগ মাহৰ প্ৰত্যেক দিনতে মঙ্গলদৈৰ বিভিন্ন ঠাইত মহা পয়োভৰেৰে এই দেউল উৎসৱ পালন কৰা হয় । আজি দৰঙৰ ছিপাঝাৰ অঞ্চলৰ অন্তৰ্গত বৰদৌলগুৰি আৰু কলাইগাৱৰ অন্তৰ্গত মূৰাদেৱৰ দেৱালয়ত এই দেউল উৎসৱ উদযাপিত হয়। বৰদৌলগুৰি দেউলটো বৰদৌলগুৰি অঞ্চলৰ জ্যোতি ৰাজমেধি আৰু ডাঃ দীব্যজ্যোতি ৰাজমেধিৰ পৰিয়ালৰ পৃষ্ঠপোষকতাত আৰু মূৰাদেৱৰৰ দেউলটো দেৱালয় পৰিচালনা সমিতিৰ উদোগত চলি আহিছে। প্ৰতি বছৰে পহিলা ব’হাগত এই দুয়োটা দেউল উৎসৱ উপলক্ষে মেলাৰ আযোজন হৈ আহিছে। আজি ৰাতিপুৱা সভক্তিৰে আৰম্ভ হোৱা এই দুই স্থানত বিষ্ণুপূজা সমাপনৰ পিছত দুপৰীয়াৰে পৰা বিবিধ দোকান পোহাৰে উৎসৱমুখৰ কৰি তোলে ঠাইদুখন।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …