সোণাৰিত মহিলাক ধৰ্ষণৰ অপচেষ্টা

অসম সংবাদ,সোণাৰি : বিহুৰ আনন্দৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰিৰ লুখুৰাখন গাওঁত এগৰাকী মহিলাক ধৰ্ষনৰ অপচেষ্টা চলাই আজিজুৰ হক নামৰ এজন লোকে।ধৰ্ষণৰ চেষ্টা চলোৱা লম্পটক ৰাইজে আটক কৰি উত্তম মধ‍্যম দি সোণাৰি আৰক্ষীক গতাই দিয়ে। ইফালে আন এটা অভিযুক্তৰ পলায়ন কৰে। কানুবাৰীত নিৰ্মিত আৰক্ষী থানাৰ পকা মিস্ত্ৰী আজিজুৰ ৰহমানে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মহিলা গৰাকীক মূখত সোপা দি ধৰ্ষণৰ চেষ্টা চলাই। ইফালে মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হৈ উত্তম মধ্যম সোধাই সোণাৰি আৰক্ষীক চমজাই দিয়ে। অভিযুক্তৰ ঘৰ ধুবুৰীত বুলি জানিব পৰা গৈছে।

মন্তব্য

পঢ়িব পাৰে

NDFB(P)ৰ বিত্ত সচিব বি ডেটছুং দিল্লীত চিকিৎসাধীন

নিউজ ডেস্ক,অসম সংবাদ: নেচনেল ডেম’ক্ৰেতিক ফ্ৰন্ট অৱ বডোলেণ্ড (প্ৰগতিশীল) চমুকৈ এন ডি এফ বি (পি) …