দেৰগাঁওত পিষ্টলসহ তিনিজনক আটক

অসম সংবাদ,দেৰগাঁও : বিহুৰ আনন্দ উৎসৱৰ মাজতে দেৰগাঁওত দেওবাৰে সন্ধিয়া দেৰগাঁৱৰ বঙালগাঁওৰ এটা তেল ডিপোত পিষ্টল দেখুৱাই ভাবুকি প্ৰদানেৰে তেল ভৰাবলৈ চেষ্টা কৰা তিনিজন লোকক দেৰগাঁৱৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই সমগ্ৰ ঘটনা তেল ডিপোটোৰ চি চি টিভিৰ কেমেৰাত প্ৰত্যক্ষ কৰাৰ পাছত দেৰগাঁও আৰক্ষীয়ে তিনিজন লোক ক্ৰমে বুধিন হাজৰীকা, পল্লৱ হাজৰিকা আৰু দিপাঙ্কৰ ৰাজখোৱাক গ্ৰেপ্তাৰ কৰে। কেউজনলোকেই দেৰগাঁৱৰ নিবাসী‌। অন্যহাতেদি পল্লৱ হাজৰিকা ধৃত বুধিন হাজৰিকাৰ পুত্ৰ। পিতা পুত্ৰৰ এই যৌথ অপৰাধত দেৰগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰে।

মন্তব্য

পঢ়িব পাৰে

অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীলৈ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদ

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ, অসম সংবাদ: অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীক কংগ্ৰেছ সৰ্ব …