হোজাইত মণিপুৰীসকলৰ বসন্ত উৎসৱ উদযাপন

অসম সংবাদ,হোজাই : পহিলা বহাগৰ দিনা হোজাইৰ গৌড়নগৰ অঞ্চলত বিশাল আয়োজনেৰে বসন্ত উৎসৱ উদযাপন কৰা হয় । গৌড়নগৰ স্পটিং ক্লাৱৰ উদ্যোগত স্পটিং ক্লাবৰ খেলপথাৰত এই বসন্ত উৎসৱৰ আয়োজন কৰা হয় । মণিপুৰী সম্প্ৰদায়ৰ অধ্যষিত অঞ্চলত বিগত প্ৰায় ছয় বছৰৰ মূৰত এইবাৰ এই বসন্ত উৎসৱৰ আয়োজন কৰা হৈছে । এই উৎসৱৰ লগত সংগতি ৰাখি প্ৰথমে অঞ্চলটোৰ জ্যেষ্ঠ সকলক সন্মান জনোৱাৰ পিছত সন্ধ্যা খেলপথাৰত সামূহিক নৃত্য অনুষ্ঠিত কৰা হয় । ঠাৱালসুমবা নামৰ মণিপুৰী সম্প্ৰদায়ৰ বিশেষ নৃত্যত অঞ্চলটোৰ ডেকা গাভৰুৰ লগতে জীয়ৰী বোৱাৰী সকলেও অংশগ্ৰহন কৰে । কেইবা হাজাৰ লোক সমবেত হোৱা এই বসন্ত উৎসৱত লক্ষণীয় ভাবে কোনো আৰক্ষী অথবা নিৰাপত্তাৰক্ষী দেখা নগল । তাৰ পৰিৱৰ্তে গাঁৱৰ মহিলা সকলৰ গোট মৈৰাপাইবিৰ সদস্য সকলে হাতত লাঠী লৈ নিৰাপত্তাৰ দিয়াহে পৰিলক্ষিত হল । গোটেই নিশা চলা এই বসন্ত উৎসৱত বিশাল গাঁও খনৰ উপৰিও সমীপৰ গাঁওৰ লোক সকলেও যোগদান কৰে ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …