দুধনৈত বিহুৰ কাৰ্যালয় লণ্ড-ভণ্ড দুৰ্বৃত্তৰ: আহত ৪

অসম সংবাদ,দুধনৈ: দুধনৈত নিশা দুৰ্বৃত্তৰ তাণ্ডৱ ৷ ফফলৰ নৱগ্ৰাম বিহু কাৰ্যালয়ত অতৰ্কিতে আক্ৰমণ ২৫/৩০ জনীয়া দুৰ্বৃত্তৰ দলৰ ৷ বিহুৰ কাৰ্যালয়ৰ চকী,মেজ,বাইক ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে খুকুৰী,জাঠি,জোংৰে কৰা আক্ৰমণত গুৰুতৰ ভাৱে আহত ৪ জন বিহু কমিটিৰ সদস্য ৷ নিশা নৱগ্ৰাম বিহু কাৰ্যালয়ত বিহুৰ আলোচনা চলি থকা সময়তে ট্ৰাকত অহা ২৫/৩০ জনীয়া এটা দুৰ্বৃত্তৰ দলে হাতে হাতে খুকুৰী,জাঠি,জোং,দা আদি লৈ অতৰ্কিতে বিহুৰ কাৰ্যালয়ত আক্ৰমণ কৰে।হঠাৎ হোৱা এই আক্ৰমণত ৪ জন লোক গুৰুতৰ ভাৱে আহত হয় ৷ দুৰ্বৃত্তৰ দলটোৱে বিহুৰ কাৰ্যালয়ত প্ৰৱেশ কৰি সকলো আচবাব এফালৰ পৰা ভাঙি চিঙি তাণ্ডৱ চলোৱাৰ লগতে চোকা অস্ত্ৰৰে বিহু কমিটিৰ সদস্য সকলোকো আক্ৰমণ কৰে ৷ হঠাৎ চলা এই আক্ৰমণৰ বাবে নৱগ্ৰাম বিহু কমিটিৰ সদস্য সকলে বিহুৰ কাৰ্যালয়ৰ পৰা পলায়ন কৰে ৷ পহিলা বহাগৰ নিশাই হোৱা দুৰ্বৃত্তই কৰা এই আক্ৰমণৰ পিছত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইফালে এই সম্পৰ্কে দুধনৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

মন্তব্য

পঢ়িব পাৰে

অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীলৈ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদ

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ, অসম সংবাদ: অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীক কংগ্ৰেছ সৰ্ব …