বিশ্বনাথৰ বৰগাং চাহ বাগিছাত ৰে’লৰ খুন্দাত নিহত যুৱক

অসম সংবাদ,বিহালী : বিহুৰ আনন্দৰ মাজতে বিশ্বনাথৰ বৰগাং চাহ বাগিছাত ভয়ানক দুৰ্ঘটনা ৷ নিশা ৰেলৰ খুন্দাত নিহত দুৰ্ভগীয়া ২২ বছৰীয়া যুৱক ৷ শ্বীল বিষ্টাৰ প্ৰজা নামৰ দুৰ্ভগীয়া যুৱক জনৰ ঘৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত চেৰেলীয়া কুহিঁয়াৰবাৰীত ৷ সম্পৰ্কীয় আত্মীয়ৰ ঘৰৰ বিয়াৰ পৰা উভতি আহোতে নিশা সংঘটিত এই ঘটনা ৷ চেৰেলীয়া কুহিঁয়াৰবাৰীৰ বুধুৱা প্ৰজাৰ মাজু পুত্ৰ শিল বিস্তাৰৰ এই দুৰ্ঘটনাক পৰিকল্পিত হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ বিশ্বনাথ বিহালীৰ বৰগাং চাহ বাগিছাৰ ৰেল লাইনৰ সমীপত সংঘটিত এই অঘটন ৷ হাত ভৰি খণ্ড খণ্ড অৱস্থাত উদ্ধাৰ যুৱক জনৰ মৃতদেহ ৷ আনহাতে নিশাৰ ভাগত ৰেল দুৰ্ঘটনাৰ সন্দেহ একাংশৰ ৷ ঘটনা স্থলীত ইতিমধ্যে উপস্থিত ৰেল আৰক্ষী ৷

মন্তব্য

পঢ়িব পাৰে

অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীলৈ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদ

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ, অসম সংবাদ: অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীক কংগ্ৰেছ সৰ্ব …