কলগাছিয়াত ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত মাৰপিট: নিহত ১ আহত ৭

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, অসম সংবাদ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰিয়তপুৰ গাঁওত আজি ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত মাৰপিট হোৱাত ৭ আহত হোৱাৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে এজনৰ মৃত্যু হোৱাত অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, চৰিয়তপুৰ হাই স্কুলৰ শিক্ষক আবু জাফৰ খানৰ লগত ছিদ্দিক খানৰ দীর্ঘ দিনৰে পৰা এডোখৰ ভূমিকলৈ বিবাদ চলি আছিল। আজি এই ভূমিক কেন্দ্ৰ কৰি প্ৰথমে তৰ্ক আৰু তাৰ পিছতেই আবু জাফৰ খানৰ ফৈদে দা, কাচিৰে অতৰ্কিতে আক্ৰমণ কৰে। এই আক্ৰমণত ছিদ্দিক খানৰ কান আৰু ডিঙি কটাৰ লগতে মোচলেম খান, হাৰুনাল ৰশ্বিদ, মিৰাজুল, ইমৰান, চৰিফান নেছা আৰু মৰ্জিনা খাতুন কম বেছি পৰিমানে আহত হোৱাত ততাতিয়াকৈ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও ছিদ্দিক খানৰ অৱস্থা সংকতজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। পিছত চিকিৎসাধীন অৱস্থাতে ছিদ্দিক খানে শেষ নিশ্বাস ত্যাগ কৰে। ঘটনা সংঘটিত হোৱাৰ পিছতেই কলগাছিয়া আৰক্ষী থানাত শিক্ষক আবু জাফৰ খান, মামুন খান, ৰেজাউল কৰিম, দুলাল, চেলিম, ছামছুন নেহাৰ, নজৰুল ইছলাম খান, ৰিংকু আৰু শিক্ষক ছোহাইব খানৰ বিৰুদ্ধে গোচৰ দিয়ে যদিও এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। মাৰপিট কৰাৰ পিছতেই সকলো অভিযুক্ত পলায়ন কৰিছে আৰু আৰক্ষীয়েও অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত আৰম্ভ কৰিছে।

মন্তব্য

পঢ়িব পাৰে

NDFB(P)ৰ বিত্ত সচিব বি ডেটছুং দিল্লীত চিকিৎসাধীন

নিউজ ডেস্ক,অসম সংবাদ: নেচনেল ডেম’ক্ৰেতিক ফ্ৰন্ট অৱ বডোলেণ্ড (প্ৰগতিশীল) চমুকৈ এন ডি এফ বি (পি) …