কলগাছিয়াত গৰ্ভৱতী মহিলাক ধৰ্ষণ

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, অসম সংবাদ: ৰাজ্যত অব্যাহত আছে জঘন্য ধৰ্ষণ কাণ্ড। এইবাৰ ধৰ্ষণৰ স্থান বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দিগজানি গাওঁ। যোৱা নিশা ঘৰত কোনো নথকাৰ সুযোগত একে গাঁৱৰে কলিম উদ্দীনৰ পুত্ৰ নাচিম উদ্দীন নামৰ এজন লম্পটে এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰা ঘটনাই অঞ্চলব্যাপী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কালি নিশা ঘৰত নথকাৰ সুযোগত নাচিম উদ্দীন নামৰ লম্পটজনে গৰ্ভৱতী মহিলা গৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰি থকা অৱস্থাত মহিলা গৰাকীৰ স্বামী ঘৰত উপস্থিত হয়। মহিলা গৰাকী চিঞৰ বাখৰ কৰাৰ শব্দ পাই তেওঁৰ স্বামীয়ে নাচিম উদ্দীনক আটক কৰি বান্ধি ৰাখে। নাচিম উদ্দীনৰ পৰিয়ালে এই খবৰ পাই দলে-বলে আহি মহিলা গৰাকীৰ স্বামীক মাৰপিট কৰে লম্পট নাচিম উদ্দীনক লৈ যায়। পিছত মহিলা গৰাকী আৰু তেওঁৰ স্বামীয়ে ন্যায় পোৱাৰ আশাৰে কলগছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি আৰক্ষী চকীত নাচিম উদ্দীন, কোৰবান আলী, ছবুৰ উদ্দীন, ছোৰমান আলী আৰু কালু মিয়াৰ নামত গোচৰ ৰুজু কৰে।

মন্তব্য

পঢ়িব পাৰে

অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীলৈ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদ

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ, অসম সংবাদ: অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীক কংগ্ৰেছ সৰ্ব …