নাহৰকটীয়াৰ নামফাকেত ৰঙালী বিহুৰ সমান্তৰালকৈ উদযাপন পৰম্পৰাগত উৎসৱ পই চাং কেন

অসম সংবাদ,নাহৰকটীয়া: নাহৰকটীয়াৰ নামফাকে গাওঁত এতিয়া উখলমাখল পৰিবেশ ।অসমীয়া বাপুতি সাহোন ৰঙালী বিহুৰ সমান্তৰালকৈ নাহৰকটীয়াৰ নামফাকে গাওঁ বৌদ্ধ মন্দিৰত অনুষ্ঠিত হৈছে বৌদ্ধ ধৰ্মাৱলম্বী টাই ফাকে জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ পই চাংকেন।গৰু বিহুৰ দিনাৰ পৰা আৰম্ভ হোৱা বৌদ্ধধৰ্মৰ পৱিত্ৰ উৎসৱ পই চাং কেন উৎসৱৰ সোমবাৰে সামৰণি পৰে ।পৰম্পৰা অনুসৰি গৰু বিহুৰ দিনাৰ পুৱাৰ পৰাই অনুষ্ঠিত কৰা উৎসৱত বৌদ্ধ মঠটোত থকা সকলো বৌদ্ধ মূৰ্তি সমূহ বাহিৰলৈ আনি এক নিৰ্দিষ্ট স্থানত স্থাপন কৰি ৫২ ঘণ্টা লৈকে গাওঁ বাসীয়ে ন সাজ পিন্ধি পানীৰে মূৰ্তি সমূহ স্নান কৰোৱায়।বৌদ্ধ ধৰ্মৰ লোকসকলৰ লোক বিশ্বাস মতে বছৰৰ প্ৰথম দিনতোত এনেদৰে বৌদ্ধ মূৰ্তি সমোহ স্নান কৰিলে গাওঁ খনৰ অপায় অমঙ্গল দূৰ হোৱাৰ লগতে গাওঁখনত শান্তি পৰিবেশ বিৰাজ কৰে ।উল্লেখ্য যে তিনিদিন ধৰি টাই ফাকে জনগোষ্ঠীৰ পুৰুষ মহিলা সকলৰ লগতে যুৱক যুৱতী সকলে বৌদ্ধ মূৰ্তি সমূহ স্নান কৰোৱাৰ লগতে ইজনে সিজনৰ গালৈ পানী ছটিয়াই আনন্দ উল্লাসত ভাগ লৈ বাবে জনগোষ্ঠীটোৰ মাজত ই পানী বিহু নামেৰেও জনাজাত।আনহাতে তিনিদিনৰ অন্তত বাহিৰত থোৱা বৌদ্ধ মূৰ্তি সমূহ পুনৰ মন্দিৰ মূল স্থানত স্থাপন কৰা হয় তেতিয়াই এই উৎসৱৰ আনুষ্ঠানিক ভাবে সামৰণি পৰে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …