ৰাজীৱ বৰুৱালৈ “দা আসাম লুতাদ” গ্ৰাম্য সাংবাদিকতা বঁটা

অসম সংবাদ,ঢকুৱাখনা : ঢকুৱাখনাৰ এগৰাকী যুৱ লেখক,তথা সাংবাদিক ৰাজীৱ বৰুৱালৈ আগবঢ়োৱা হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত একমাত্ৰ বহুভাষিক দৈনিক বাতৰি কাকত “দা আসাম লুতাদ”ৰ তৰফৰ পৰা দিয়া ২০১৮ বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা বঁটা। অহা ২৩ এপ্ৰিলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটীৰ ডিচপুৰ প্ৰেছ ক্লাৱত এই বঁটা প্ৰদান কৰা হ’ব বুলি “দা আসাম লুতাদ”ৰ কতৃপক্ষই আজি এক বিবৃত্তিযোগে জনাইছে।উল্লেখ্য যে ৰাজীৱ বৰুৱাই সুদীৰ্ঘ দিন ঢকুৱাখনাৰ পৰা “নিউজ লাইভ”ৰ সাংবাদিকৰূপে আৰু “নিয়মীয়া বাৰ্তা”ৰ বিশেষ সাংবাদিকৰূপে নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে।

মন্তব্য

পঢ়িব পাৰে

NDFB(P)ৰ বিত্ত সচিব বি ডেটছুং দিল্লীত চিকিৎসাধীন

নিউজ ডেস্ক,অসম সংবাদ: নেচনেল ডেম’ক্ৰেতিক ফ্ৰন্ট অৱ বডোলেণ্ড (প্ৰগতিশীল) চমুকৈ এন ডি এফ বি (পি) …