শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় ৮৯ ৰ সতীৰ্থ সন্মিলন সম্পন্ন

অসম সংবাদ,শিৱসাগৰ : ঐতিহাসিক শিৱসাগৰ জিলাত ১৮৪০ চনত স্থাপিত হোৱা একমাত্ৰ শৈক্ষিক জ্ঞান আহৰণৰ প্ৰাণকেন্দ্ৰস্বৰূপ তথা উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান “শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় ” যৰ পৰাই সপোনৰ পোখা মেলি একো একোটি জীৱনে সোণোৱালী স্বপ্ন বাস্তৱ গতি দিয়ে বিচিত্ৰ পৃথিৱীখনত । কৰ্মময় জীৱন পৰিক্ৰমাত নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহৰ হাইস্কুলীয়া অৱস্থাৰ অনাবিল আনন্দখিনিক হয়তো প্ৰতিজনে হৃদয়ৰ কোনোবা কোণত সজত্নে ৰাখিবলৈ বাধ্য । তাৰ উকমুকনিতে ১৯৮৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সহপাঠীসকল বিদ্যালয়খনত মিলিত হৈ তাৰেই বহিঃ প্ৰকাশ আজি ” সতীৰ্থ মিলন ১৯৮৯ ” শীৰ্ষক সন্মিলনখনিৰ সুন্দৰ অনুষ্ঠানে । শুভ্ৰমজ্যোতি বৰকটকী আৰু বকুল বিজয় চুতীয়াই আঁত ধৰা সতীৰ্থ সন্মিলন খনিৰ আদৰণি ভাষন প্ৰদান কৰে ড০ সব্যসাচি মহন্তই | অনুষ্ঠানত সেই সময়ৰ প্ৰায় সংখ্যক শিক্ষক উপস্থিত থকা সন্মিলনত ১৯৮৯ বৰ্ষৰ ছাত্ৰ সকলে শিক্ষাগুৰু সকলক সম্বন্ধনা জনোৱাৰ লগতে গুৰুৰ পৰা শিষ্যই আশীৰ্বাদ লয় । আশীৰ্বাদ এটা অতি মনোৰম মন জুৰপৰা শব্দ । আদিৰ পৰম্পৰাগত প্ৰথাত বিশেষ উদ্দেশ্যে গুৰুৱে শিষ্যক , শিক্ষকে ছাত্ৰক , জেষ্ঠজনে কনিষ্ঠজনক আশীৰ্বাদ দিয়াটো পৰম্পৰাগত গতানুগতিক প্ৰদ্ধতি , ই ভৱিষ্যতেওঁ অব্যাহত থাকিব । আজি শিৱসাগৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ১৯৮৯ বৰ্ষ ছাত্ৰ সতীৰ্থ সন্মিলনত গুৰু শিষ্যৰ মধুৰ মিলন এই আলাপ অনুষ্ঠানে বিদ্যালয় চৌহদ এক মহামিলন তীৰ্থত পৰিণত কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৃতি ৰূমন্ঠনৰ প্ৰয়াসেৰে সতিৰ্থ জীৱন পঞ্জী প্ৰস্তুত কৰি উলিয়াই । অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰায় সংখ্যক অৱসৰ প্ৰাপ্ত আৰু কৰ্মৰত শিক্ষক উপস্থিত থাকে । আজি সন্ধ্যালৈ অ এন জি চি কলনিৰ প্ৰেক্ষাগৃহত সন্মিলনৰ এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে।

মন্তব্য

পঢ়িব পাৰে

NDFB(P)ৰ বিত্ত সচিব বি ডেটছুং দিল্লীত চিকিৎসাধীন

নিউজ ডেস্ক,অসম সংবাদ: নেচনেল ডেম’ক্ৰেতিক ফ্ৰন্ট অৱ বডোলেণ্ড (প্ৰগতিশীল) চমুকৈ এন ডি এফ বি (পি) …