নগাঁওৰ চকলাঘাটত গৰু চোৰক আটক

অসম সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত যোৱা কেইমাহ মানৰ পৰা গৰুচোৰে চলাই থকা সন্ত্ৰাসে ৰাইজৰ নিদ্ৰা হৰণ কৰি থকাৰ সময়তে যোৱা নিশা থানাখনৰ অন্তৰ্গত চকলাঘাটত ৰাইজে চলোৱা এক অভিযানত ধৰা পৰিল এটা দুধৰ্ষ গৰুচোৰ। ধৃত চোৰটোৰ নাম আব্দুল জলিল। ঘৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত ধনীয়াভেটিত। জানিব পৰামতে, যোৱা নিশা প্ৰায় ৯.৩০ বজাত চকলাঘাট সোণাইপাৰত ধৃত চোৰটো অনাই বনাই ঘূৰি ফুৰা থকা প্ৰত্যক্ষ কৰি স্থানীয় কিছু সচেতন যুৱকে সোধা-পোছা কৰাত সন্দেহ ঘনীভূত হয় আৰু ততাতৈয়াকৈ জাজৰি আৰক্ষীক খবৰ দি গতাই দিয়ে। পিছত আৰক্ষীৰ অনুসন্ধানত লোকজন গৰুচুৰিকে ধৰি বিভিন্ন চুৰি কাৰ্যৰে জড়িত থকাৰ কথা পোহৰলৈ আহে। আৰক্ষীয়ে ইতিমধ্যে ধৃত চোৰটোক আদালতত হাজিৰ কৰাত আদালতে ২ দিনৰ আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

মন্তব্য

পঢ়িব পাৰে

অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীলৈ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদ

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ, অসম সংবাদ: অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীক কংগ্ৰেছ সৰ্ব …