নলবাৰীৰ আখৰাত ট্ৰাকে মহতিয়ালে টেম্পো ভেন: আহত ১

অসম সংবাদ,নলবাৰী/কৈঠালকুছি: নলবাৰী জিলাৰ আখৰাৰ ৩১ নং ৰষ্ট্ৰীয় ঘাই পথত আজি বিয়লি এখন টেম্পো ভেনক এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলত এজন লোক গুৰুতৰ ভাবে আহত হয় ।টেম্পো খনেৰে বানেকুছিলৈ ঘৰ বন্ধা বালি আৰু শিল লৈ গৈ থকা অৱস্থাত আখৰাত থকা ডিভাইডাৰটো পাৰ হব লওতে নলবাৰী দিশৰ পৰা অহা ট্ৰাক এখনে টেম্পো ভেন খনক মহতিয়াই লৈ যায়।ফলত ঘটনাস্থলিতে টেম্পো খন চূৰ্ণ বিচূৰ্ণ হোৱাৰ লগতে টেম্পো খনৰ চালক টিহু থানাৰ অন্তৰ্গত বৰভাগজাৰী নিৱাসী বিকাশ বৰ্মনৰ দুয়ো খন ভৰি ভাঙি যোৱাৰ লগতে গুৰুতৰ ভাবে আহত হয়।পিছত তেওঁক ততাতয়াকৈ চিকিৎসাৰ বাবে নলবাৰীলৈ লৈ যায় যদিও তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সংকট জনক অৱস্থাত চিকিৎসকে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰে। 

মন্তব্য

পঢ়িব পাৰে

NDFB(P)ৰ বিত্ত সচিব বি ডেটছুং দিল্লীত চিকিৎসাধীন

নিউজ ডেস্ক,অসম সংবাদ: নেচনেল ডেম’ক্ৰেতিক ফ্ৰন্ট অৱ বডোলেণ্ড (প্ৰগতিশীল) চমুকৈ এন ডি এফ বি (পি) …