ৰঙিয়াত ৰোগীৰ জীৱনকলৈ হেতালি: স্বাস্থ্যকেন্দ্ৰত চকীদাৰে বিলাই ম্যাদ উকলা চেলাইন আৰু বেজী  

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ, অসম সংবাদ: ৰঙিয়াৰ সমীপৰ বাগছা জিলাৰ  নিজ কাউৰবাহা সামূহিক স্বাস্থ্যকেন্দ্ৰত ৰোগীৰ মাজত ম্যাদ উকলা চেলাইন আৰু বেজী বিতৰণ  কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি জ্বৰত আক্ৰান্ত একাংশ ৰোগীৰ মাজত চিকিৎসালয় কৰ্ত্তৃপক্ষই যোৱা এমাহ ধৰি ম্যাদ উকলা চেলাইন আৰু এন্টিবায়টিক বেজী প্ৰদান কৰি আহিছে ৷ যাৰফলত একাংশ ৰোগীৰ অৱস্থাৰ অৱনতি ঘটিছে ৷ আজি সংবাদকৰ্মীৰ দল এটাই বিষয়টো সন্দৰ্ভত চিকিৎসালয়খনত চৰজমিন অনুসন্ধানৰ বাবে উপস্থিত হোৱাত চিকিৎসালয়খনৰ আন এক ভয়াবহ দিশ পোহৰলৈ আহে ৷ সংবাদকৰ্মীৰ দলটোৱে চিকিৎসালয়খনত  ফাৰ্মাচিষ্টৰ পৰিৱৰ্তে এজন চকীদাৰে ৰোগীৰ মাজত ঔষধ  বিতৰন কৰি থকা প্ৰত্যক্ষ কৰে ৷ এই সন্দৰ্ভত চকীদাৰজনক প্ৰশ্ন কৰাত চকীদাৰজনে ফাৰ্মাচিষ্ট আনোৱাৰ হুছেইন অনুপস্থিত থকাৰ  বাবে ৰোগীসকলৰ স্বাৰ্থত প্ৰেছক্ৰিপছন অনুযায়ী দৰৱসমূহ বিতৰন কৰি থকা বুলি জানিবলৈ দিয়ে ৷ পিছত পৰিস্থিতিৰ গভীৰতা বুজি চকীদাৰজনে পলাই পত্ৰং দিয়ে ৷  সংবাদকৰ্মীৰ দলটোৱে একাংশ ৰোগীৰ ক্ষেত্ৰত যোৱা ডিছেম্বৰ মাহতে ম্যাদ উকলা চেলাইন আৰু যোৱা ফেব্ৰুৱাৰী মাহত ম্যাদ উকলা বেজী বিতৰন কৰা প্ৰত্যক্ষ কৰে ৷ বিষয়টো সন্দৰ্ভত উত্তৰ দিবলৈ চিকিৎসালয়খনত কোনো দায়িত্বশীল  চিকিৎসা বিষয়া আজি উপস্থিত নথকাত ৰোগী পৰীক্ষা কৰি থকা এগৰাকী চিকিৎসক আৰু নাৰ্ছৰ পৰা সমগ্ৰ বিষয়টো জানিবলৈ চেষ্টা কৰা হয় ৷ তেওঁলোকে জনায় যে ফাৰ্মচিষ্টজন প্ৰায়েই চিকিৎসালয়খনত অনুপস্থিত থকাত চকীদাৰ এজনে তেওঁৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে ৷ তেওঁলোকৰ মতে চকীদাৰজনে হেনো দৰৱৰ বিষয়ে বহুত জানে ৷ সেয়ে চিন্তা কৰিবলগীয়া বিশেষ নাই ৷ অৱশ্যে চিকিৎসকজনে ৰোগীক ম্যাদ উকলা ঔষধ দিয়া কথাটো অস্বীকাৰ কৰে ৷  পিছে সমগ্ৰ বিষয়টোৱে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ৰাইজৰ অভিযোগ–চিকিৎসালয়খনত সম্প্ৰতি তীব্ৰ অৰাজকতা চলি আছে ৷ যাৰ ফল ভোগ কৰিবলগীয়াত পৰিছে  গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ ৰোগীসকলে ৷

মন্তব্য

পঢ়িব পাৰে

NDFB(P)ৰ বিত্ত সচিব বি ডেটছুং দিল্লীত চিকিৎসাধীন

নিউজ ডেস্ক,অসম সংবাদ: নেচনেল ডেম’ক্ৰেতিক ফ্ৰন্ট অৱ বডোলেণ্ড (প্ৰগতিশীল) চমুকৈ এন ডি এফ বি (পি) …