আগন্তুক নাট্যবৰ্ষত কোন তাৰকা কোন ভ্রাম্যমাণত?

চাওতে চাওতে ভ্ৰাম্যমাণ থিয়েটাৰৰ চলিত নাট্যবর্ষৰ যৱনিকা পৰিল। এতিয়া মাজত মাথোঁ দুমাহ বিৰতি । আকৌ জুলাই মাহৰ পৰা নাট্যদলসমূহে যুদ্ধংদেহি প্রস্তুতিৰে আৰম্ভ কৰিব আগন্তুক নাট্যবর্ষৰ আখৰা । প্রায়বোৰ আগশাৰীৰ নাট্যদলৰে নাট নির্বাচন আৰু শিল্পীৰ চুক্তি প্রক্রিয়া ইতিমধ্যে সম্পন্ন হৈ উঠিছে । ৰাজ্যৰ কেইটামান আগশাৰীৰ ভ্রাম্যমাণৰ নাট্যদলৰ ২০১৮-১৯ নাট্যবর্ষৰ নাট নির্বাচন, শিল্পী নির্বাচন আদিক সামৰি অসম সংবাদ-ৰ সাংস্কৃতিক সম্পাদক কল্যাণ কুমাৰ কলিতাৰ এক বিশেষ প্রতিবেদন—

ৰাজমুকুট থিয়েটাৰ: মানস কলিতাৰ প্রযোজনাত গঠিত নাট্যদলটিয়ে তৃতীয় বর্ষত নিবেদন কৰিব অভিজিত ভট্টাচার্যৰ ‘মাতৃঘাতক’, ৰাজদ্বীপৰ ‘বাউলী মোৰ প্রিয়া’ আৰু চম্পক শর্মাৰ ‘বদনামী হিৰো’ ৷
অভিনয়ত— প্রসেনজিৎ বৰা, সুকন্যা ৰাজগুৰু, ভাস্কৰ তামুলী, তাৰক দাস, ভূপেন ডেকা, যতিনজিৎ বৰা, সুৰভি কটকী, প্রমোদ চুতীয়া, শশাংক শেখৰ শর্মা, যাদৱ বৈশ্য, নিলম নির্মালী, বিজুমণি চুতীয়া আদি ।

আৱাহন থিয়েটাৰ: কৃষ্ণ ৰয়ৰ সুদক্ষ প্রযোজনাৰে ৩৯ তম নাট্যবর্ষত নাট্যদলটিয়ে মঞ্চস্থ কৰিব অভিজিত ভট্টাচার্যৰ ‘মাধুৰী মোৰ নাম’, ‘মকৰাজাঁল’ আৰু ‘সন্যাসিনী’ ।
অভিনয়ত— প্রস্তুতি পৰাশৰ, জেফ্রী বক্সী, প্রয়াসী পৰাশৰ, অৰুণ বড়া, বিপুল বৰা, সত্যব্রত বৰুৱা, ৰাতুল কাশ্যপ, ঋতুৰাজ মহন্ত, মুন শইকীয়া আদি ।

চিৰঞ্জীৱ থিয়েটাৰ: ডুলুমনি দাসৰ প্রযোজনাৰে গঠিত নাট্যদলটিয়ে আগন্তুক নাট্যবর্ষত নিবেদন কৰিব অভিজিত ভট্টাচার্যৰ ‘মই ৰাৱণ’ আৰু ‘ৰাজকুমাৰীৰ বিয়া’ আৰু লগতে আন এখন নাটক ।
অভিনয়ত— তৌফিক ৰহমান, দিব্যজ্যোতি দাস, জুপিতৰা ভূঞা, বিনয় ডেকা, ধর্মেন্দ্র নাথ, চম্পক শর্মা, মৌচুমী লস্কৰ, অংকুৰজ্যোতি দাস (আপেল) আদি ।

আশীর্বাদ থিয়েটাৰ: সৌৰভ গোস্বামীৰ প্রযোজনাত প্রয়াত ৰবীন নেওগৰ স্মৃতি বিজড়িত নাট্যদলটিয়ে ২০১৮-১৯ নাট্যবর্ষত মঞ্চস্থ কৰিব অনুৰাধা শর্মা পূজাৰীৰ ‘মানৱ অৰণ্যৰ জন্তু’, হিল্লোল কুমাৰ পাঠকৰ ‘মিছন অসমীয়া’ আৰু এগৰাকী প্রতিষ্ঠিত নাট্যকাৰৰ ‘চালাম প্রেমিক’ ।
অভিনয়ত— প্রাণজিৎ দাস, গুঞ্জন ভৰদ্বাজ, ইতি ফুকন, প্রিয়ংকা বৰুৱা, মুহি বৰা, ধর্মেশ্বৰ তালুকদাৰ, দীপাংকৰ মালাকৰ, নিলোৎপল বৰা, সুনয়ন শর্মা, কল্পনা, চন্দন দাস আদি ।

বৰদৈচিলা থিয়েটাৰ: নজৰুল ইছলামৰ বিলাসী প্রযোজনাৰে নাট্যদলটিয়ে ২১ তম নাট্যবর্ষত নিবেদন কৰিব অভিজিৎ ভট্টাচার্যৰ ‘মন ময়ূৰীৰ সংসাৰ’, ‘দেউতা’ আৰু ‘গৃহলক্ষ্মী’ ।
অভিনয়ত— ভবেশ বৰুৱা, মৃদুল ভূঞা, গায়ত্রী মহন্ত, চুমি দাস, দুলুমণি ডেকা, অৰুণ বৰা, মিনাক্ষী শইকীয়া, গৌতম ৰাজ আদি ।

থিয়েটাৰ ভাগ্যদেৱী: সুবোধ মজুমদাৰৰ সৱল নেতৃত্বত নাট্যদলটিয়ে আগন্তুক নাট্যবর্ষত মঞ্চস্থ কৰিব অভিজিত ভট্টাচার্যৰ ‘আজিৰ চাণক্য’ আৰু লগতে আন দুখন নাটক ।
অভিনয়ত— সুৰেণ মহন্ত, অৰূপ বৈশ্য, স্বাগতা বৰুৱা, শংকৰজ্যোতি ৰাজখোৱা, অৰুণ বৰদলৈ, উৎপলজ্যোতি নাথ আদি ।

থিয়েটাৰ সূর্য্য: মুনীন্দ্র বর্মনৰ প্রযোজনাত গঠিত নাট্যদলটিয়ে চতুর্থ বর্ষত নিবেদন কৰিব অভিজিত ভট্টাচার্যৰ ‘মৰমৰ সদাগৰ’, ‘কলিজা’ আৰু ‘এজনী বোৱাৰীৰ মৃত্যু’ ।
অভিনয়ত— উৎপল দাস, মুনমী ফুকন, সঞ্জীৱ শর্মা, অঞ্জলি চেত্রী, ভাস্কৰ বর্মন, নিকি ৰঞ্জনী, সুকুমাৰ বর্মন, নৱ দত্ত, নিতুল কোঁৱৰ, অমৰেন্দ্র অলম্যান আদি ।

ৰাজশ্রী থিয়েটাৰ: প্রয়াত চক্রধৰ ডেকাৰ পবিত্র স্মৃতিত নাট্যদলটিয়ে আগন্তুক নাট্যবর্ষত নিবেদন কৰিব অভিজিত ভট্টাচার্যৰ ‘মৃত্যুদণ্ড’ আৰু ‘মৰম বলীয়া মন’ আৰু ৰঞ্জিত কুমাৰ দত্তৰ ‘শিয়ালী নাহিবি ৰাতি’ ।
অভিনয়ত— মৃদুল বৰুৱা, জয়ন্ত দাস, ৰাগ ঐনিতম, অংকিতা শইকীয়া, গিৰিজা শর্মা, যোগেশ কাশ্যপ, শংকৰ চক্রৱর্তী, পংকজ কলিতা, নৱ বর্মন আদি ।

ৰাজতিলক থিয়েটাৰ: সুশান্ত বিশ্ব শর্মাৰ প্রযোজনাৰে নাট্যদলটিয়ে আগন্তুক নাট্যবর্ষত নিবেদন কৰিব অভিজিত ভট্টাচার্যৰ ‘মায়াবী সন্তান’ আৰু ধ্রুৱজ্যোতি শর্মাৰ ‘ভাগ্যবিধাতা’ লগতে আৰু এখন নাটক ।
অভিনয়ত— পৰাগ শর্মা, মুনমী কলিতা, ফ্রেংকী বৰুৱা, নির্মল দত্ত, নিৰঞ্জন দাস, শ্রীমন্ত মাধৱ দত্ত, বিকাশ ভৰদ্বাজ, পপী পর্ণা আদি ।

হেঙুল থিয়েটাৰ: সংকল্পজিৎ হাজৰিকাৰ ব্যয়বহুল প্রযোজনা তথা পংকজ হাজৰিকাৰ পৰিকল্পনাৰে নাট্যদলটিয়ে ৩৩ তম নাট্যবর্ষত মঞ্চস্থ কৰিব অভিজিত ভট্টাচার্যৰ ‘মহাবীৰ’, ৰাজদ্বীপৰ ‘বন্দুকৰ কবিতা’ আৰু হিমাংশু প্রসাদ দাসৰ ‘মীৰাবাঈ’ ।
অভিনয়ত— প্রাঞ্জনা দত্ত, ৰাজকুমাৰ, চিন্ময় কটকী, নৱাগতা দেৱাশ্রী দাস, জীৱন হাতীকাকতি, দেৱজিত বৰা, দ্বীপজ্যোতি নাথ, বীৰেণ ভূঞা, অলকেশ হাজৰিকা, সীমান্ত কাশ্যপ, ধ্রৱজ্যোতি ঢেকিয়াল ফুকন, বর্ণালী বৰুৱা আদি ৷

কহিনুৰ থিয়েটাৰ: তপন লহকৰৰ প্রযোজনাৰে ৪৩ তম নাট্যবর্ষত নাট্যদলটিয়ে মঞ্চস্থ কৰিব অভিজিত ভট্টাচার্যৰ ‘গুৰুদক্ষিণা’, ৰাজদ্বীপৰ ‘বেপৰোৱা প্রেম’ আৰু চম্পক শর্মাৰ ‘ৰাধাই নামানে বাধা’ ।
অভিনয়ত— অৰূপ বৰা, মিনাক্ষী নেওগ, ৰাজ ভৈৰৱ, পল্লৱী ফুকন, মহেশ বৰা, কৃষ্ণমনি নাথ, পল্লৱ প্লাৱন আদি ৷

বৃন্দাবন থিয়েটাৰ: গনেশ (বংকিম) ৰায় মেধিৰ বিলাসী প্রযোজনাৰে আগন্তুক নাট্যবর্ষত নাট্যদলটিয়ে মঞ্চস্থ কৰিব অভিজিত ভট্টাচার্যৰ ‘মস্তান’ আৰু লগতে আন দুখন নাটক ।
অভিনয়ত— তপন দাস, ভ্রান্তি মেধি, পংকজ কাশ্যপ, গুঞ্জন চৌধুৰী, ৰতন বর্মন, পংকজ বৰা ।

সুদর্শন থিয়েটাৰ: ক্ষীৰোদ খনিকৰৰ প্রযোজনাৰে নাট্যদলটিয়ে আগন্তুক নাট্যবর্ষত মঞ্চস্থ কৰিব চম্পক শর্মাৰ ‘কাল অমাৱস্যা’, মৃদুল চুতীয়াৰ ‘সূর্য্যগ্রহণ’ আৰু পল্লৱ পৱনৰ ‘বেইমান ভগৱান’ ।
অভিনয়ত— মৃদুল চুতীয়া, কবিতা চুতীয়া, দেৱাশীষ বৰঠাকুৰ (মুন), অমৰ মোক্তাৱ, বিশাল বৰা, কুশল শইকীয়া, ৰক্তিম শইকীয়া, মানস মাজুলী, দেৱীমনি তামুলী, বিনিতা কলিতা, স্বপ্না ছেত্রী আদি ।

ইতিহাস থিয়েটাৰ: সুভাষ দাসৰ সৱল প্রযোজনাৰে দশম নাট্যবর্ষত খোজ দিয়া নাট্যদলটিয়ে আগন্তুক নাট্যবর্ষত মঞ্চস্থ কৰিব অভিজিত ভট্টাচার্যৰ ‘ডকাইতৰ তেজ’ আৰু ‘মদন পণ্ডিত’ আৰু চম্পক শর্মাৰ ‘মহাকাল’ ।
অভিনয়ত— চম্পক শর্মা, ৰাতুল দাস, অঞ্জনজ্যোতি বেজ, দুলাল শর্মা, মুকিব আহমেদ, কুমুদ ৰঞ্জন দাস, কাজল শর্মা, ননী দেৱী, প্রীতি বৈশ্য আদি ।

শ্রীমন্ত শঙ্কৰদেৱ থিয়েটাৰ: বিশ্ব শইকীয়া প্রযোজিত উক্ত নাট্যদলটিয়ে ২৬সংখ্যক(২০১৮-১৯) নাট্যবর্ষত মঞ্চস্থ কৰিব অৱতাৰ সিঙৰ ‘হিটলাৰ’, দেৱজিত শর্মাৰ ‘কাৰাগাৰ’ আৰু প্রণৱজ্যোতি ভড়ালীৰ ‘অগ্নিবৃষ্টি’ ।
অভিনয়ত– পল ফুকন, পবিত্র প্রাণ বৰা, গায়ত্রী বৰা, চন্দন ডেকা আদি ।

থিয়েটাৰ বীণাপাণি: মনজিৎ শর্মাৰ মুখ্য পৃষ্ঠপোষকতাত নাট্যদলটিয়ে ৪৪সংখ্যক (২০১৮-১৯) নাট্যবর্ষত মঞ্চস্থ কৰিব অভিজিত ভট্টাচার্যৰ ‘পাগলা মামা’, সতীশ দাসৰ ‘অলপ মৰম দিয়া’ আৰু ধ্রুৱজ্যোতি শর্মাৰ ‘এই ঘৰ মোৰ ঘৰ’ ।
অভিনয়ত— টিংকু বৰা, বিপুল ৰাভা আদি ।

মন্তব্য

পঢ়িব পাৰে

দেৰগাঁওৰ মাছৰ বজাৰত গ্ৰাহকৰ ৰূপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম সংবাদ, দেৰগাও : গোলাঘাটত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল শুক্ৰবাৰে দেৰগাও …