NDFB(P)ৰ বিত্ত সচিব বি ডেটছুং দিল্লীত চিকিৎসাধীন

নিউজ ডেস্ক,অসম সংবাদ: নেচনেল ডেম’ক্ৰেতিক ফ্ৰন্ট অৱ বডোলেণ্ড (প্ৰগতিশীল) চমুকৈ এন ডি এফ বি (পি) ৰ নেতা তথা বিত্ত সচিব বি ডেটছুং ওৰফে জনাৰ্দন বসুমতাৰী অসুস্থ হৈ দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন ৷ আজি কেবাদিন ধৰি নিজ গৃহত অসুস্থ হৈ থকা নেতাগৰাকী ওদালগুৰিত চিকিৎসা গ্ৰহণ কৰাৰ পিছত গুৱাহাটীত চিকিৎসা লৈ আছিল যদিও সুস্থ হৈ নুঠাত উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হ’বলগা হয় ৷ ১৯৯২ চনত বড়ো চিকিউৰিটি ফৰ্চৰ পিছত এন ডি এফ বিত যোগদান কৰা নেতা গৰাকী ভাৰতৰ বাহিৰৰ বহু দেশত আত্মগোপন কৰি এখন সুকীয়া বড়োলেণ্ড ৰাষ্ট্ৰ সৃষ্টিৰ বাবে সশস্ত্ৰ সংগ্ৰাম কৰি আহিছিল ৷ কিন্তু ২০০৩ চনৰ ১৫ ডিচেম্বৰত ভূটানত হোৱা অলক্লিয়াৰ অপাৰেচনত ভূটান সেনাই তেওঁক আটক কৰি ভাৰত চৰকাৰৰ হাতত গতাই দিয়াত আৰু ২০০৫ চনত ভাৰত চৰকাৰৰ সৈতে এন ডি এফ বিয়ে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰাত তেৱোঁ মূল সুতিলৈ ঘুৰি আহি আজিলৈ ভাৰত চৰকাৰৰ সৈতে ভাৰতৰ সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি এক সুকীয়া বড়ো ৰাজ্য সৃষ্টিৰ বাবে আলোচনাত আগভাগ লৈ আছে ৷ উল্লেখ্য যে, বিদ্ৰোহী নেতাগৰাকী ওদালগুৰি জিলাৰ গৰাইমাৰী গাঁৱত থকা নিজৰ ঘৰত কেবাদিন ধৰি অসুস্থ হৈ আছিল ৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …