লখিমপুৰত চৈয়দ আব্দুল মালিকৰ জন্ম শতবাৰ্ষিকী উদযাপন

অসম সংবাদ,লখিমপুৰ: কথাশিল্পী চৈয়দ আব্দুল মালিকৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানটি আজি তিনিমহীয়া সাহিত্য আলোচনী “চৰৈৱতি” আৰু কাব্য চর্চাৰ অনুষ্ঠান শব্দৰ উদ্যোগত লখিমপুৰ নগৰৰ টাউন বান্টৌ স্থিত হাতীলোং হাইস্কুল প্ৰাংগণত দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় । চৈয়দ আব্দুল মালিকৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান উপলক্ষে পুৱা ১০ বজাত তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে নাট্যকাৰ, কবি, সাহিত্যিক তথা অৱসৰপ্রাপ্ত শিক্ষক নিত্যানন্দ সেনাপতিয়ে । হাতীলোং হাইস্কুল প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে “চৰৈৱতি”ৰ সম্পাদক কল্যাণী চক্ৰৱৰ্তী গগৈ আৰু “শব্দ”ৰ সম্পাদক বুবুল হাজৰিকাই । উক্ত অনুষ্ঠানতে “চৰৈৱেতি” আলোচনীৰ দ্বাদশ বর্ষপূৰ্তি উপলক্ষে “চৰৈৱতি”ৰ বিভিন্ন সংখ্যাৰ পাতত প্ৰকাশ পোৱা তত্বগধুৰ লেখাৰে সমৃদ্ধ “চৰৈৱতিৰ নিৰ্বাচিত কলম” নামৰ এখন অনুপম গ্রন্থৰ লগতে কাব্য আলোচনী “সূৰ্যমুখী পথাৰ”ৰ প্ৰস্তৱনা সংখ্যা, কবি নাজলিনা আলমৰ “এই চহৰ মোৰ ভাল নালাগে” (কাব্য সংকলন), আৰু দিলীপ কুমাৰ গগৈৰ (কাব্য সংকলন) “জীৱনমুখী বাহী” শীৰ্ষক গ্ৰন্থকেইখনো উন্মোচন কৰা হয় । চৈয়দ আব্দুল মালিকৰ জন্ম শতবাৰ্ষিকী আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত লোক সংস্কৃতিৰ সাধক বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইন, কবি ঔপন্যাসিক অজন্তা দত্ত, বিহু সুৰক্ষা সমিতি অসমৰ সভাপতি ডাঃ অমৰেন্দ্ৰ গগৈ, কবি সাহিত্যিক সাংবাদিক স্বপ্না বেজবৰুৱা, কবি সাংবাদিক তফিকুৰ ৰহমান, চিন্ময় ডেকা, বিৰিণা গোষ্ঠী- অসমৰ সভাপতি লীলাধৰ পাঠক, সদৌ অসম সাংবাদিক সন্থা (আজু) সাধাৰণ সম্পাদক নকুল তালুকদাৰ, সাংবাদিক সুৰাজিৎ পাঠক, কবি আতিকুৰ ৰহমান, প্ৰতিদিন টাইমৰ সাংবাদিক বশিষ্ঠদেৱ ফুকন, ইমৰান হুছেইন, পুতলী কায়স্থকে ধৰি অসমৰ বিভিন্ন জিলাৰ বহুকেইগৰাকী প্ৰথিতযশা কবি সাহিত্যিক, সাংবাদিকে অংশগ্ৰহণ কৰে । বিনীতা বৰুৱা, শান্তি বৰি আৰু প্ৰণৱ শইকীয়াৰ পৰিচালনাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ শিল্পী সকলে পৰিবেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত কল্যাণী চক্ৰৱৰ্তী গগৈৰ ৰচনা আৰু পৰিচালনাত মালিকৰ কৰ্মৰাজি তথা সৃষ্টিৰাজি সামৰি তেখেতৰ জীৱন দৰ্শনৰ আধাৰত ৰচিত “জীৱনে মৰণে মই অসমীয়া” শীৰ্ষক আলেখ্য, আজাদ নাথগাঁৱৰ বিহু দলে পৰিবেশন কৰা হুঁচৰি আৰু মঞ্জুলা শইকীয়া, কৃশাঙ্গী তামুলী ফুকন যুটীয়ে পৰিবেশন কৰা শংকৰী নৃত্যই অনুঠানটোক অধিক প্ৰাণৱন্ত কৰি তোলে ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰী জিলা লেখিকা পৰিষদৰ অধিৱেশন সামৰণি

অসম সংবাদ,নলবাৰী: আজি দিন যোৰা কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নলবাৰী জিলা লেখিকা পৰিষদৰ …