যোৰহাটত উপস্থিত হৈয়েই বিহু নাচিলে প্ৰিয়ংকা চোপ্ৰাই

যোৰহাটৰ পৰা নেকিব আহমেদ,অসম সংবাদ: অসম পৰ্যটনৰ বিজ্ঞাপনৰ শ্বুটিঙৰ বাবে বিশেষ বিমানেৰে আজি বিয়লি ৩.৩০ মান বজাত যোৰহাটত উপস্থিত হয়হি অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ, বলিউড তথা হলিউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা । ৰৰৈয়া বিমান বন্দৰৰ পৰা AS-03-H-5225 নম্বৰৰ এখন বিশেষ বিলাসী বাহনেৰে আহি অভিনেত্ৰী গৰাকী প্ৰথমে উপস্থিত হয় তিতাবৰ ন-আলি ঢেকিয়াজুলিস্থিত সুৱৰ্ণ প্ৰভা বৰদলৈ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিহু নাচি থকা দেখি ঢোল-তাল,পেঁপাৰ মাতত ৰব নোৱাৰি এপাক বিহু নাচিলে অভিনেত্ৰী গৰাকীয়ে । ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি আনন্দত উৎফুল্লিত হৈ পৰে অভিনেত্ৰী গৰাকী । লগতে অভিনেত্ৰী গৰাকীয়ে তেওঁক জনোৱা আদৰণিৰ বাবে সকলোকে ভূয়সী প্ৰশংসা কৰে । ইয়াৰ পিছতে অভিনেত্ৰীগৰাকী তিতাবৰৰ পৰ্যটন ক্ষেত্ৰ ৰূপে পৰিচিত তিতাবৰ জালুকনিবাৰীস্থিত ঠেঙাল ভৱনত উপস্থিত হৈ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিশাটো ঠেঙাল ভৱনতে কটাব অভিনেত্ৰী গৰাকীয়ে । উল্লেখযোগ্য যে তিনিদিনীয়া অসম ভ্ৰমণত অভিনেত্ৰী গৰাকীয়ে অসমৰ পৰ্যটন ক্ষেত্ৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ বিভিন্ন ঠাইত বিজ্ঞাপনৰ দৃশ্যগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । কাইলৈ বিজ্ঞাপনৰ শ্বুটিঙৰ বাবে মহবন্ধাৰ হেমেন বৰুৱাৰ গল্ফ ৰিজৰ্টত আৰু নিমাতী ঘাটত শ্বুটিং কৰাৰ সম্ভাৱনা আছে । সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ বিদেশৰ পৰা বাহিৰে বাহিৰে অসমলৈ অহা বুলি কয় । আৰু অসম তথা যোৰহাটলৈ আহি খুউৱ ভাল লগা বুলিও উল্লেখ কৰে ।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …