প্ৰগতি আৰু ৰূপান্তৰৰ নামত অসমীয়াৰ জাতীয় বিহু, বসন্তৰ ৰঙালি

অবিনাশ পাটনায়ক

বিহুৰ অনুভৱ , অসমত হয় মানে হৈছিল বিশেষকৈ তাঁতশাল, ঢেঁকীৰ মাতে, জুশাল, খেতি পথাৰ, মহিলাসকলৰ গল্প আদিৰে !! সেই তাহানিতে নদীৰ ঘাটলৈ জুম পাতি পানী অনা, জান-বিললৈ গৈ মাছ-কাছ ধৰা, হাবিয়নিত খৰি লুৰা, বাৰীত শাক-পাত বুটলা আৰু যৌৱনা গাভৰুৱে ঘৰত কৈ যোৱা এই যে ” ‘এনাইৰ ঘৰৰ পৰা’, ‘নিচাদেউৰ ঘৰৰ পৰা’ , ‘খুৰীৰ ঘৰৰ পৰা’ গৈ – চেৰেকী, উঘা, মাকো আদি আনোঁগৈ” বোলা প্ৰতিচ্ছবিখনেই কয় ৰঙালি বিহুৰ আগমনৰ কথা ! অসমীয়াৰ পৰিচয় দাঙি ধৰা তিনিটা বিহুৰ ৰঙালি বিহুখনেই দেখা যায় – প্ৰতিবছৰেই নৈ, পথাৰ, গছ গছনি, পাহাৰ-পৰ্বত আদিৰ গঞা কৃষক ৰাইজৰ উপযোগী হোৱাকৈ শ্ৰীবৃদ্ধি ঘটাই মনলৈ আৱেগ লৈ আহে, খেতিৰ ওপৰতে নিৰ্ভৰশীল এই এক অদৃষ্টবাদত বিশ্বাসী চহা মানুহবোৰ দৰাচলতে অনাৰ্য মূলৰ আছিল আৰু চতাই পৰেবত (পৰ্বত) আৰু চিৰি লুইতৰ দূয়োপাৰৰ পথাৰবোৰত খেতি খোলা কৰি জীৱন নিৰ্বাহ কৰিছিল বুলি বুৰঞ্জীয়ে কয় | আৰু এনে পৰতেই স্বত:স্ফুৰ্ত আৱেগ, সন্মান, আনন্দৰ বাবে উদঙাই দিছিল নিজৰ হেঁপাহ ! কালক্ৰমত এয়াই হৈছিল আজিৰ স্বীকৃত বিহু !
বিহু আচলতে অসমীয়াৰ প্ৰাণ আৰু চিনাকি ! চ’ত মাহৰ পৰাই পালনীয় ৰীতি বিদ্যমান | মনকৰিবলগীয়া যে – চ’তৰ ৰাতি বিহু আৰু হুঁচৰি একে নহয় | এই ৰাতি বিহুনো কি, আজি হেৰুওৱাৰ পথত !
চ’তৰ বিহু হ’ল প্ৰণয়মূলক নাম-মাতেৰে ঘৰৰ পৰা নিলগত কৰা বিহু, কিন্তু হুঁচৰি – গাঁৱৰ ঘৰে ঘৰে গৈ মংগল কামনাৰ্থে, আশীৰ্বাদ যঁচা নাম-মাতেৰে গোৱা প্ৰথা ! ইয়াত প্ৰাধান্য পায় ঐশ্বৰিক ভক্তিভাৱৰ অনুভূতি !গৃহস্থৰ চোতালত প্ৰেম – পীৰিতিমূলক বিহুনামবোৰ গোৱা নহৈছিল, নিষিদ্ধ আছিল , তেনেকৈ হুঁচৰিত মহিলাৰ স্থানো নাছিল | তেনেকৈ দূয়োটাৰে বিহুনামবোৰৰো সুৰৰ পাৰ্থক্য আছিল | ৰাতি বিহু আৰু হুঁচৰিৰ স্পষ্ট বৈশিষ্ট্যবোৰ এনেকৈয়ে আছিল | তেনেকৈ চাব পাৰি – বিহুনাম আৰু বিহুগীতৰ মাজতো থকা পাৰ্থক্য ! দুয়োটাতে কোনোদিন অশ্লীলতাবোধটো নাছিল, যদিও ৰাতি বিহুৰ বিহুনামবোৰ আৱেগ, প্ৰেম , প্ৰণয়, যৌৱনৰ কথা কৈছিল, সম্পূৰ্ণ এক মাৰ্জিত ভাৱৰ মাজতেই উপস্থাপন হৈছিল | আজিৰ তাৰিখত বাৰু বিহুনামবোৰৰ আদৰ দিনক দিনে কমি যাব ধৰিছে, কিন্তু বিহুগীত ৰচনা আৰু পৰিৱেশনৰ নামত যিটো ধাৰাত আগুৱাই নিয়া হৈছে নিশ্চিত – বৰ্তমানৰ সাৰথি, কুচ-কাৱাজক লক্ষ্য কৰিলে অনুমান হয় – অতি বেছি বাণিজ্যীকৰণ, অতি আধুনিকীকৰণ অৰ্থাৎ নীচকৰণ কৰাৰ যে উদ্যোগ, প্ৰয়াস — অসমীয়া সন্তানৰ হৈছে তাক ডাঠি ক’বই লাগিব | এতিয়া দেখিছোঁ বিহু আমাৰ পণ্যজাত ভোগৰ অনুষ্ঠানহে |
দেখা যায় – বিহুনাম আৰু বিহুগীতবোৰে ইতিহাস-বুৰঞ্জীৰ দৰে সাক্ষৰ বহন কৰা – সমাজ জীৱনৰ ৰীতি নীতি, অৰ্থনীতি, ৰাজনীতি, ঐক্য ভাৱাপন্ন আদিৰ প্ৰকাশ ঘটা | কিন্তু আজিৰ তাৰিখত সেই মৌলিকতা অভাৱ পৰিলক্ষিত, আচলতে প্ৰয়োজনহীনতাত ৰূগ্ন ! প্ৰকৃততে চ’তৰ বিহু আৰু হুঁচৰিত বিহুনামহে গায়, বিহুগীত নহয় — আকৌ বিহুহে নাচে , বিহু নৃত্য নকৰে ! তেনেকৈ বাদ্য বাদনৰো পাৰ্থক্য আছে ! কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পাওঁ কি ? এতিয়াৰ বিহুক দেখি ক’বলৈ যায় যেন এয়া খিচিৰি বিহু, ঠি অশুদ্ধ নহ’ব যেন পাওঁ ! স্পষ্ট কিন্তু -আজিৰ মুকলি বিহু আৰু হুঁচৰি পৃথকে পৃথকে অনুষ্ঠিত, পালন কৰা উচিত, নহলে এদিন বৈশিষ্ট্যৰ চিন চাব নাইকিয়া হৈ যাব ! বিহু যেতিয়া অসমীয়াৰ পৰিচয়, সেই পৰিচয় কিয় অশুদ্ধ কৰা হ’ব?আমাৰ দৰে সীমিত অধ্যয়নৰ নি:কিন অনুভৱকে দৃঢ়তাৰে ক’ব বিচাৰোঁ যে – গ্ৰাম্য কৃষিজীৱীৰ এই বিহুৰ আঞ্চলিক আৰু জনগোষ্ঠীয় বৈশিষ্ট্যক – বণিকগোষ্ঠীৰ সাম্ৰাজ্যবাদী, পূঁজিবাদী, ভোগবাদী, ব্যক্তিবাদী আদিৰ আশ্ৰিত হৈ ব্যৱসায়িক মনোভাৱেৰে মান হানি কৰা কৰ্তাসকল চিধাচিধি কৰিছে — পাপ আৰু অপৰাধ ! অসমৰ নেগুৰকটা বিজতৰীয়া সন্তান হয়তো নংপূংশকো | বিহুক হত্যা কৰি পেলোৱাৰ স্বাৰ্থত দেখোন অসমৰ এচাম বৃটিছৰ নেগুৰ ধৰা অসমীয়া সন্তানৰো অভাৱ হোৱা নাছিল ! বিহু যে অশ্লীল, ইতৰ লোকৰ পৰ্ব, যৌনতাৰ কাৰণে কৰা মনোৰঞ্জন – এই কথা ইয়াণ্ডাবু চুক্তিৰ আগৰে পৰাই বৃটিছক বন্ধ মানে নি:শেষ কৰি দিব লাগে বুলি হেঁচা দিছিল আমাৰে অসমীয়া সন্তানে আজি সেই বিহুৱেই ক’ত আছে ? তেনে সন্তানবোৰেই হৈছে – হলিৰাম ঢেকিয়ালফুকন, আনন্দৰাম ঢেকিয়ালফুকন, গুণাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্য, হেমচন্দ্ৰ বৰুৱা আদি , কিন্তু , তাৰ বিপৰীতে জীয়াই ৰখাৰ দায়িত্বত কষ্ট কৰিছিল আনন্দ দাস, চেনিমাই (আনন্দ দাসৰ ভনীয়েক), ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ বৰগোহাঞি বৰুৱা, ৰজনীকান্ত বৰদলৈ, বেণুধৰ ৰাজখোৱা আদি লোকে | অনুৰূপ নহয় যদিও আজিও বিহুৰ মৰ্যদা, পৰিচয় নাশ কৰাৰ ঢৌ উঠা নাই আমাৰ চৰ্চাকাৰী, চিন্তক সকলৰ ?
যি বিহু এদিন দেওশালৰ পৰা গৈ গৃহস্থৰ চোতাল নগৰাকৈ আলিয়ে আলিয়ে গাই গাই সামৰণি মাৰিছিল, কালক্ৰমত, এই হুঁচৰি আহোম স্বৰ্গদেউৰ পৃষ্ঠপোষকতাত ৰংঘৰৰ বাকৰিত সাতবিহু মাৰি এক হৈছিল, এক নতুন ৰূপ পাই ক্ৰমে মঞ্চবিহুলৈ পৰ্যবসিত হৈ আজি অভাৱনীয়ভাৱে সম্পূৰ্ণ পুৰণি ঐতিহ্য নাথাকি নতুন ৰূপত প্ৰতিষ্ঠিত হৈ গৈছে, আচলতে কৰি পেলোওৱা হ’ল |
আজি কৃষিভিত্তিক উৎপাদনী উৎসৱ গৈ বহিলগৈ বেপাৰীৰ দোকানত, অসমৰ অসমীয়াৰ প্ৰকৃত পৰিচয় দাঙি ধৰা বিহু আজি বৰ্তমান আৰু ভৱিষ্যতচামৰ বাবে থাকিল আজিৰ বদহজমী চিনাকিৰে, য’ত পৰম্পৰাগত নীতি আদি একোৱেই নাই| ক’বই লাগিব এয়া অসমীয়া জাতিৰ এক অস্তিত্ব লুপ্ত পোৱাৰ সংকট | আশা কৰোঁ বিহুৰ অতীত অধ্যয়নেৰে মৌলিকতা ধৰি ৰখাৰ স্বাৰ্থত প্ৰকৃত বৈশিষ্ট্য সমুহ নিৰ্দিষ্টকৰণ কৰা হওক, উপযুক্ত সংবিধান তৈয়াৰ কৰা হওক, বিহু হওক আমাৰ বৰঅসমৰ বিভিন্ন নৃগোষ্ঠীৰ সমাহাৰৰ সমন্বয়ৰ বাহক, পতাকা, মাধ্যম, য’ত কোনো ধৰ্ম, জাত, সম্প্ৰদায়, ৰাজনীতিৰ কথা নাথাকে, যিহেতু বিহু আমাৰ অসমীয়া কলা কৃষ্টি ,সংস্কৃতিৰ অংশৰ পৰিচয় বাহক, আৱেগ যি আৱেগত নাথাকে কোনো আমদানিকৃত পয়োভৰৰ বিহুৰ বৈশিষ্ট্য, অন্যথা, অসমীয়া জাতীয় জীৱনৰ সত্তাৰ হত্যাকাৰী যে আমিয়েই – এতিয়াই মানি ল’ব লাগিব | লগতে ইয়াৰ শাস্তি কি হোৱা উচিত অতীতৰ পৰা লয় গ্ৰহণ কৰিবলৈ সহমত দিব লাগিব !
পৰিশেষত আকৌ কৈছো,
অসমীয়াৰ বিহু আচলতে কি আৰু আজিৰ বিহুটোৱেই নেকি ?

মন্তব্য

পঢ়িব পাৰে

চেনেলী বিহু, ৰেপ বিহু আৰু চেনেলৰ ৰুচিবোধ সৃষ্টিৰ দায়িত্ব

ধীৰেন শইকীয়া এইবাৰো আৰম্ভ হৈ গ’ল আমাৰ অসমত ‘চেনেলী বিহু’। নিউজ চেনেলবোৰে মাৰ্চৰ পোন্ধৰ তাৰিখ …