মে’ দিৱস বনাম শ্ৰমিকৰ অধিকাৰ

-ধীৰেণ শইকীয়া

সমগ্ৰ পৃথিৱীত এক মেৰ দিনা ৭০ খন দেশে আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাবে ছুটীৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ উক্ত দিনা বিভিন্ন সভা সমিতিৰে “শ্ৰমিক দিৱস” পালন কৰি আহিছে। প্ৰধানত: কৃষক-শ্ৰমিকৰ অধিকাৰৰ দাবীত প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। ১৮৮৬ বৰ্ষত চিকাগো চহৰত এটা কাৰখানাৰ শ্ৰমিকে মালিক পক্ষৰ সন্মুখত প্ৰতিবাদ কৰাৰ বাবে মালিকে পুলিচ লগাই তেওঁলোকক উৎপীড়ন কৰাৰ ফলত এঘাৰ গৰাকী শ্ৰমিকৰ মৃত্যু ঘটিছিল। শ্ৰমিককেইজনৰ মৃত্যুৰ পিছৰ পৰাই সকলোতে এই দিনটোত শ্ৰমিকৰ মংগলৰ অৰ্থে বিভিন্ন আঁচনি উদ্বোধন কৰি “মে’ দিৱস” পালিত হয়। পিছে মালিকপক্ষ যথেষ্ট সচেতন আৰু সুবিধাবাদী বাবে বছৰ বছৰ ধৰি শ্ৰমিকসকল বিভিন্ন ধৰণেৰে শোষিত আৰু নিষ্পেষিত হৈ আহিছে। প্ৰধানত: আমাৰ শ্ৰমিকসকল যিমান সচেতন হব লাগিছিল সিমান নিজৰ অধিকাৰ বিষয়ত সচেতন নহয় । আনহাতে আমাৰ এইখন অসমতে চৰকাৰী বেচৰকাৰী উদ্যোগখণ্ডত শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰত পাবলগীয়া উপযুক্ত মৰ্যদাও নাপায়।গুৱাহাটীৰ কেইবাটাও ব্যক্তিগত উদোগীক ক্ষেত্ৰতেই হওঁক বা অন্যান্য উদোগখণ্ডতে হওঁক সময়মতে শ্ৰমিকে দৰমহা নোপোৱা, বিহু-পূজাৰ বোনাচ নোপোৱাকে ধৰি ই এছ আই,পি এফ আদি সুবিধাৰ উপৰিও চিকিৎসা বানছ আদিৰো ব্যৱস্থা নাই। ছুটীৰ ক্ষেত্ৰতো শ্ৰমিকসকলে প্ৰাপ্য সুবিধা নাপাই মনৰ মাজতে গুজৰিগুমৰি প্ৰতিপাল কৰি থাকে নিজৰ নিজৰ ক্ষোভবোৰ । উল্লেখ্য যে, দহ হেজাৰৰ পৰা বাৰ হেজাৰতকৈও কম তেওঁলোকৰ মাহেকীয়া দৰমহা। এইখিনিৰে জানো মাহেকত পৰিয়াল এটা আজিৰ দিনত চলা সম্ভৱ! মালিক পক্ষই এই কথাবোৰ জানিও নজনাৰ ভাও ধৰি থাকে। বিভিন্ন প্ৰকাৰে মালিক পক্ষই শ্ৰমিকে পাবলগীয়া সুবিধাৰ পৰা বঞ্চিত কৰি শোষন কৰে এওঁলোকক। আজিকালি চৰকাৰী বেচৰকাৰী সকলো সংগঠনৰে ট্ৰেড ইউনিয়ন থাকে। এই সংগঠনবোৰেও তেওঁলোকৰ সদস্যসকলৰ অধিকাৰৰ বাবে মাত মাতিব পাৰে যদিও বহুসময়ত ট্ৰেড ইউনিয়নৰ নেতাসকলে নিজৰ লাভালাভৰ বাবেহে প্ৰায়ে কাম কৰাৰ অভিযোগ উঠে। অসমৰ তেল কোম্পানী, চিকিৎসালয়, চৰকাৰী কৰ্মচাৰী, চাহবাগান,বেংক, শিক্ষানুষ্ঠান, সংবাদ মাধ্যম, নিৰ্মান খণ্ড আদি সকলো বিভাগতে ট্ৰেড ইউনিয়ন আছে। কিন্তু, এইসমূহ ট্ৰেড ইউনিয়ন সাধাৰণতে conmonssionarate of labourৰ অধীনত। এন এফ ৰে’লৱে মজদুৰ ইউনিয়ন, অসম চাহ মজদুৰ, চেন্টাৰ অব ইণ্ডিয়ান ট্ৰেড ইউনিয়ন, সদৌ অসম কৰ্মচাৰী পৰিষদ,অসম অইল ফিল্ড ইউনিয়ন, অল ইণ্ডিয়া বেংক এম্পলইজ ইউনিয়ন আদি ৷ All India Trade Union Congress নামৰ সংগঠনটো সকলোৰে ভাতৃ সংগঠন। এই সংগঠনটো ১৯২০ চনত গঠিত হৈছিল। তথাপি আজিও বহু সময়ত শ্ৰমিক জনসাধাৰণৰ সমস্যাৰ শেষ নাই। অসমত চাহ মজদুৰ সকলৰো সমস্যা সমস্যা হৈয়েই আছে। যুগে যুগে বঞ্চিত হৈ আহিছে এওঁলোক। একেদৰে নিৰ্মান শ্ৰমিক সকলৰো সমস্যাৰ কথা কৈ শেষ কৰিব নোৱাৰি। বিভিন্ন বিভাগৰ ভিতৰত আজিও ট্ৰেড ইউনিয়ন গঢ়ি তোলাৰ মানসিকতা গঢ় লৈ উঠা নাই। ট্ৰেড ইউনিয়নে শ্ৰমিক সমাজত সততাৰ লগতে সমতাৰ ভাবো জাগ্ৰত কৰিব পাৰে। পিছে আজিকালি এনে ট্ৰেড ইউনিয়নৰ নেতাবোৰেও ৰাজনীতিবিদৰ জেপত সোমোৱা ধৰনৰহে মন্তব্য দিয়া দেখা গৈছে। এগৰাকী বিশিষ্ট ট্ৰেড ইউনিয়ন নেত্ৰী অনুশুয়া চাৰাভায়ে কৈছিল- মে দিৱসৰ দিনা এদিনৰ বাবে শ্ৰমিকসকলক দিয়া সন্মান সদায় দি থাকিলে ভাৰতবৰ্ষত কেতিয়াবাই গান্ধীজীৰ সপোনৰ ৰাম ৰাজ্য গঢ়িব পৰা গ’লহেতেন। মানৱতাবাদ আৰু সততাৰ পৰা আজি মালিক পক্ষ ভালেখিনি পিছুৱাই গৈছে বাবেই শ্ৰমিক-মালিক সংঘাত প্ৰতিবছৰে বাঢ়িব ধৰিছে। বছৰে বছৰে পঞ্জীভূত ক্ষোভ বৃদ্ধি পাইছে শ্ৰমিকৰ মাজত। পাবলগীয়া মাহেকীয়া দৰমহা,বোনাচ, পি এফ,ই এছ আই, ইনক্ৰীমেন আদি সময়মতে নাপালে কাৰ খং নুঠিব বাৰু? বহুজন শ্ৰমিকে পাবলগীয়া সুবিধা (টকাকেইটা) নাপালে তেওঁলোকৰ হাতত লাঠি,দা, দেগাৰ আদি উঠি যোৱাটো সহজ কথা। কাৰণ এই উপাৰ্জন খিনিৰেই শ্ৰমিকসকলে পৰিয়াল চলাই আছে।
পল ৰবচনে লিখিছিল মে দিৱসৰ বিখ্যাত গীতটো,গীতটো এনেধৰণৰ—
“জন হেনৰি।
তীখাৰে আখৰে লিখা নাম তাৰ
যেন এটা চলন্ত ইঞ্জিন
হাতুৰীৰ তালে তালে গান গায় সুহুৰি দি—”
আমাৰ দেশত ১৯২৩ চনত প্ৰথম চেন্নাইত চিংগাৰা ভেললু চেটিয়াৰ নামৰ নেতাজনৰ নেতৃত্বত এই মে দিৱস পালন কৰা হৈছিল। তেতিয়াৰে পৰা এতিয়ালৈ প্ৰতি বছৰে এক মেৰ দিনা দেশজুৰি এদিনৰ বাবে হলেও শ্ৰমিকক সন্মান জনোৱাটো এটা পৰম্পৰা।

মন্তব্য

পঢ়িব পাৰে

ৱিকিপিডিয়াত চাঞ্চল্যকৰ তথ্য: ভয়ানক স্থানৰূপে চিহ্নিত হ’ল ডকমকা

অসম সংবাদৰ প্ৰতিবেদন: প্ৰিয়ংকা চোপ্ৰাক অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচেদৰ সজাই বিজ্ঞাপনৰ নামত লাখ লাখ টকাৰ …