গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন পংকজ পল্লব শৰ্মাৰ গ্ৰন্থ “অসমীয়া লোক সংস্কৃতিৰ আঁহে আঁহে”

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ,অসম সংবাদ: অসম শিল্পী সন্থাৰ সভাপতি তথা শ্বহীদ সুনন্দ শালৈ কোঠাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক,  ৰঙিয়াৰ পংকজ পল্লব শৰ্মাৰ ৰচিত “অসমীয়া লোক সংস্কৃতিৰ আঁহে আঁহে শীৰ্ষক গ্ৰন্থ খন আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ সভাত উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে, গুৱাহাটী বিশ্ববিদ্যালয়ত আমি বহু পলমকৈ লোক সংস্কৃতিৰ বিষয় বা পাঠ্যপুথি হিচাপে পালো। পাশ্চাত্যৰ বহু আগৰে পৰা এয়া গুৰুত্বপূৰ্ণ বিষয় বা পাঠ্যপুথি হিচাপে প্ৰচলিত হৈ আছে। অসমত এই বিষয়বোৰ যিমান অধ্যয়ন হব লাগিছিল, এতিয়াও সিমান হোৱা নাই। অৱশ্যে তেজপুৰ বিশ্ববিদ্যালয়ত সম্প্ৰতি বিষয়বোৰ প্ৰণালীবদ্ধ গৱেষণা চলি আছে। লগতে ৰাজবংশীয়ে কয় যে,  লোক সংস্কৃতি আমাৰ বুনিয়াদ। ইয়াৰ জৰিয়তে সাৰ্বজনীন সংস্কৃতি পৰিস্ফুট হয়। শিক্ষক তথা শিল্পী পংকজ পল্লব শৰ্মাৰ গ্ৰন্থ খনত সৃজনমূলক প্ৰতিভা অংকুৰিত হৈছে।এই উন্মোচনী অনুষ্ঠানটিত অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ ননী গোপাল মহন্তই কয় যে,  লোক- কলাই একোখন সমাজৰ পৰিচয় দিয়ে। বাঁহ, কাহ – পিতল,  নদ-নদী আৰু খাদ্য সম্ভাৰ —এই চাৰিটা অসমীয়া কৃষ্টিৰ সদায়ে আকৰ্ষণীয় দিশ হিচাপে পৰিগণিত হৈ আহিছে। বৰ্তমানক সময়ক বিশ্বাষনোত্তৰ যুগ বুলি অভিহিত কৰি তেওঁ উৎসৱ অৰ্থনীতি, অপসংস্কৃতিৰ দিশবোৰ ফহিয়াই ব্যখ্যা কৰে। সাংবাদিক জয়ন্ত কুমাৰ শৰ্মা আৰু অলকাই আত ধৰা অনুষ্ঠানটোত উপস্থিত থাকি বক্তব্য আগবঢ়োৱাৰ লগতে সৌন্দৰ্য্যবঢ়াই  উত্তৰ পূৱ লঘু উদ্যোগ ভাৰতীৰ সম্পাদক প্ৰধান অৰূপ বৰপূজাৰী, ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ অসমৰ সভাপতি ৰাজীৱ কাকতি, অভিনেত্ৰী প্ৰিয়ঙ্কা শৰ্মা, প্ৰাক্তন আৰক্ষী অধীক্ষক পৰেশ বৰদলৈ, অভিনেতা মোহন কলিতা, সাংবাদিক মুকুল কলিতা, দিগন্ত কুমাৰ নাথ,শিক্ষক কন্দৰ্পেশ্বৰ শৰ্মা, সমাজ সেৱক শান্তনু কলিতাই। অনুষ্ঠানটিত লেখক পংকজ পল্লব শৰ্মাই কয় যে,অসমীয়া মানুহৰ কলা সংস্কৃতিৰ প্ৰতি অৱহেলা অনীহা তথা আনক অন্ধভাৱে কৰা অনুকৰণেই গ্ৰন্থ খন লিখিবলৈ অনুপ্ৰাণিত কৰা বুলি ব্যক্ত কৰে।  

মন্তব্য

পঢ়িব পাৰে

নলবাৰী জিলা লেখিকা পৰিষদৰ অধিৱেশন সামৰণি

অসম সংবাদ,নলবাৰী: আজি দিন যোৰা কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নলবাৰী জিলা লেখিকা পৰিষদৰ …