ভাস্কৰ কলিতাৰ মৃত্যু আৰু বুলেটপ্ৰুফ জেকেট: ৰাজ্যৰ গৃহ বিভাগত উন্মোচিত হ’ব নেকি বৃহৎ কেলেংকাৰীৰ?

অসম সংবাদৰ বিশেষ প্ৰতিবেদন: দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত চৰকাৰে এটা শকত পুঁজি ব্যয় কৰি আহিলেও এইক্ষেত্ৰত দুৰ্নীতি হোৱাটো কোনো নতুন কথা নহয়৷ ইতিমধ্যে সংঘটিত ব’ফৰ্ছ কেলেংকাৰীও তাৰেই এক উদাহৰণ৷ চুবুৰীয়া পাকিস্তান বা চীনৰ পৰা অহৰহ ভাবুকি লাভ কৰি অহাৰ সময়তে এনেবোৰ দিশে দিশবাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে৷ এইবাৰ ৰাজ্যৰ গৃহ বিভাগতো প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ কেলেংকাৰী উন্মোচিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে বহুতে৷

তিনিচুকীয়া জিলাৰ বৰডুমছাত শুক্ৰবাৰে আলফা(স্বাঃ)ৰে সংঘৰ্ষত অ’ চি ভাস্কৰ কলিতাৰ মৃত্যুৱে তেনে এক ইংগিতেই বহন কৰিছে৷ উল্লেখ্য যে সংঘৰ্ষৰ সময়ত সাহসী আৰক্ষী বিষয়াগৰাকীয়ে পৰিধান কৰি আছিল বুলেটপ্ৰুফ জেকেট৷ কিন্তু এই বুলেটপ্ৰুফ জেকেট ভেদিয়ে আলফাৰ কেবাজাঁই গুলীয়ে আঘাত কৰে ভাস্কৰ কলিতাৰ বুকু৷ পৰিণাম- অসমে হেৰুৱালে এগৰাকী সাহসী আৰক্ষী বিষয়া৷ কাজেই এতিয়া বুলেটপ্ৰুফ জেকেটৰ মানক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে৷ ছ’চিয়েল মিডিয়াতো বিষয়টোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ প্ৰশ্ন উঠিছে যদি বুলেটে ভেদিবই পাৰে তেনেহ’লে বুলেটপ্ৰুফ জেকেটৰ প্ৰয়োজন ক’ত? আৰক্ষীক কোনোধৰণে নিৰাপত্তা দিব নোৱৰা এই বুলেটপ্ৰুফ জেকেটসমূহ কোন কোম্পানীয়ে যোগান ধৰিছে তাৰো তদন্তৰ দাবী উঠিছে৷ এই বিষয়টোৱে ৰাজ্যৰ গৃহ বিভাগকো অস্বস্তিত পেলোৱাটো স্বাভাৱিক৷

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …