নাগৰিকত্ব সংশোধনী বিধেয়ক কি ?

ভাৰতীয় সংবিধানৰ ৫-১১ নং অনুচ্ছেদত সন্নিৱিষ্ট নাগৰিকত্বৰ বিষয়ে সন্নিৱিষ্ট কৰা হৈছে। সংবিধানে ভাৰতীয় সংসদক নাগৰিকত্ব সম্পৰ্কে আইন গ্ৰহণ কৰাৰো ক্ষমতা দিছে। সেই অনুসৰি নাগৰিকত্ব আইন,১৯৫৫ সংসদত গৃহীত হয় আৰু এই আইন খন ১৯৫৭, ১৯৬০, ১৯৮৫, ১৯৮৬, ১৯৯২, ২০০৩, ২০০৫ আৰু ২০১৬ চনত সংশোধন হৈছে। এই আইন অনুসৰি এজন ব্যক্তি পাছ প্ৰকাৰে ভাৰতৰ নাগৰিক হব পাৰে। এই বিষয়ে জানেই সকলোৱে, এতিয়া কথাটো হল— নাগৰিকত্ব সংশোধনী আইনত কি কি মূল বিষয় আছে আৰু কেনেকৈ ক্ষতিকাৰক ?

এই বিধেয়কখনৰ তিনিটা মূল বিষয় হল—
১) এই বিধেয়কখনে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা অহা হিন্দু, পাৰ্চী, খ্ৰীষ্টান, বৌদ্ধ, শিখ, জৈন ধৰ্মৰ অবৈধ প্ৰব্ৰজনকাৰীক নাগৰিকত্বৰ যোগ্য হিচাপে ঘোষনা কৰিছে। নাগৰিকত্ব আইন, ১৯৫৫ মতে কোনো অবৈধ প্ৰবজনকাৰী নাগৰিকত্বৰ বাবে যোগ্য নহয়। এই ব্যৱস্থাটোক সংশোধন কৰি এই ৬ টা বিশেষ ধৰ্মৰ (যাক ৩ খন দেশত ধৰ্মীয় সংখ্যালঘূ বুলি ধৰা হয় আৰু বিভিন্ন সময়ত উৎপীড়নৰ সন্মুখীন হৈ আহিছে) ব্যক্তিক নাগৰিকত্ব প্ৰদানৰ বাট মুকলি হব।

২)নাগৰিকত্ব আইন, ১৯৫৫ মতে দেশীয়কৰণ পদ্ধতিৰে ব্যক্তি এজনে নাগৰিকত্ব লাভ কৰিবলৈ আবেদন কৰাৰ সময়ৰ পৰা পূৰ্বৰ এক বছৰ সময় ভাৰতত বসবাস কৰিব লাগিব আৰু যোৱা ১৪ বছৰৰ অতি কমেওঁ ১১ বছৰ ভাৰতত বসবাস কৰিব লাগিব। কিন্তু সংশোধনী বিধেয়কখনে এই সময়সীমা ১১ বছৰৰ পৰা ৬ বছৰ কৰাৰ প্ৰস্তাৱ দিছে।

৩) এই সংশোধনী মতে overseas citizenship of India কাৰ্ড (যিটো ২০১৫ত আৰম্ভণি কৰা হৈছিল) গ্ৰহণ কৰোতা জনক যিকোনো নিয়ম ভঙাৰ বাবে অযোগ্য বুলি ঘোষনা কৰিব পাৰে। উল্লেখ আছে যে, ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত অহা অবৈধ প্ৰবজনকাৰীয়েহে নাগৰিকত্ব লাভৰ সুবিধা পাব। পিছত অহাখিনিয়ে এই যোগ্যতা নাপায়। এই বিধেয়কখন ২০১৬ চনৰ জুলাইত লোকসভাত উত্থাপন কৰা হৈছিল আৰু আগষ্টত ইয়াক সংযুক্ত সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা হয় । আৰোপ আছে যে এই বিধেয়কখন গৃহীত হলে সংবিধানৰ ১৪ নং অনুচ্ছেদত থকা সমানতাৰ অধিকাৰ ভংগ হব পাৰে কাৰণ ইয়াক কিছু বিশেষ ধৰ্মক প্ৰাধান্য দিয়া হৈছে অৰ্থাৎ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা হব। আকৌ সংবিধানত উল্লেখিত আছে যে নাগৰিকত্ব সম্পৰ্কত যিকোনো আইন সংসদে গ্ৰহণ কৰিব পাৰে।

মন্তব্য

পঢ়িব পাৰে

নাৰায়ণপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নাৰায়ণপুৰৰ পৰা গোপাল গোৱালা,অসম সংবাদ: নাৰায়ণপুৰৰ মাঘনোৱাত অচিনাক্ত মৃতদেহ উদ্ধাৰ।জীতেন শৰ্মাৰ পথৰ দাতিত থকা পুখুৰীৰ …