সমীক্ষাত্মক দৃষ্টিত কৰম পৰৱ

অবিনাশপাটনায়ক

অসম এখন বিভিন্ন ধৰ্ম, বৰ্ণ, গোষ্ঠীৰ ৰাজনৈতিক, আৰ্থসামাজিক জীৱনৰ উপৰিও সাংস্কৃতিক সমাহাৰত গঢ় পোৱা ভাৰতৰ এক অংগ ৰাজ্য ৷ অসমৰ চিনাকিৰ সমলবোৰেই হৈছে এইবোৰ পিন্ধা উৰা, খোৱা বোৱা, বিশ্বাস, পৰম্পৰা, নিজা নিজা লোককৃষ্টি-লোকাচাৰ, সাহিত্য, সংগীত, জীৱন যাপনৰ পদ্ধতি, জীৱিকা আদিয়েই৷ এই অসমৰ প্ৰতিটো নৃসমাজৰে পৃথকে পৃথকে জন্ম বিবাহ মৃত্যুৰ নিয়ম, সকাম, অন্ধবিশ্বাস, অন্যান্য ভিতৰুৱা ৰীতিনীতি, দোৱান আদি আছে৷ এই সকলোবোৰ মিলিয়েই অসমৰ বৰ সংস্কৃতি৷
এই ভূমিলৈ জন আবিৰ্ভাৱৰ কাৰণ বহুতো -বিভিন্ন সময়ত বিভিন্ন কাৰণ উদ্দেশ্যত – কোনোবা গোট খাদ্যৰ সন্ধানত, কোনোবা জীৱিকা-সংস্থাপনৰ বাবে, কোনোবা যুদ্ধবন্দী হৈ, আৰু কোনোবা চলনাৰ চিকাৰ হৈ থিতাপি লৈ বসবাস কৰি আছে৷ এই প্ৰব্ৰজন পৰিক্ৰমা বহু ঐতিহাসিক – বহু ৰোমাঞ্চকৰ !
মূলতঃ চাহ উদ্যোগত নিয়োজিত শ্ৰমিকবোৰ সৰহ সংখ্যকেই ভাৰতৰ বিভিন্ন ৰাজ্যৰ অতি দৰিদ্ৰ আৰু মেহন্নতি পৰিয়াল গোটৰ, য’ত ‘গিৰমিটিয়া’ আৰু ‘আঁড়কাঠিয়া’ নাম অভিহিত দুটা ঠিকাদাৰী পদ্ধতিৰে চালান কৰি চাহ, কয়লা, অন্যান্য বৃটিছ অধীনৰ উদ্যোগবোৰত অতি অমানৱীয় নিকৃষ্ট সুবিধা দি কেৱল শ্ৰম কৰাবৰ বাবেই এক কোম্পেনী এক্টৰ মাজত আনি বান্ধি ৰাখে, য’ত সেই বণিকগোষ্ঠীৰ প্ৰভূত্ববাদী নিয়ম তথাকথিত স্বাধীন ভাৰতেও সাংবিধানিকভাৱে ওফৰাবলৈ সাহস কৰা নাই অৰ্থাৎ কৰিব নোৱাৰে আৰু পৰাও নাই ! কিন্তু, উল্লেখ্য যে কিছু ঐতিহাসিক অধ্যয়ণত পোৱা গৈছে – এই লোকসকল বিভিন্ন প্ৰদেশৰ পৰা অহা হ’লেও একেই বংশধৰৰ চিন, পৰিচয় আদি পূৰ্বৰ পৰাই ভূমিপুত্ৰ হিচাপে থকা কিছু কিছু সাদৃশ্য থকাৰ তথ্য, প্ৰমাণ পোহৰলৈ আহিছে | বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ বহুতো আদিপুত্ৰ জনজাতিৰ ভিতৰুৱা ৰীতি, প্ৰথা, বিশ্বাস, শব্দ আদিৰ অৰ্থ, শৰীৰৰ গঠণ, ৰূপ আদিৰ সাদৃশ্য থকা দেখা গৈছে আৰু বহু পুৰণি সভ্যতা সংস্কৃতিৰ ঐতিহ্যও উদ্ধাৰ হৈছে, কালক্ৰমত হয়তো বিভিন্নটা কাৰণত একাষৰীয়া একাষৰীয়া হ’লেও একে মূলৰে সেয়া অনুমান কৰাৰ স্থল আছে ! থাওকতে যদি চাওঁ – তেন্তে, ৫৯৯ বছৰীয়া আহোম ৰাজত্বত আৰু তাৰ আগে – আদিবাসী (তথাকথিত চাহজনগোষ্ঠী) সকলৰ ভূমিকা পোৱা যায়, যেনে – মৰাণ মটক ৰজাৰ মুখ্য সেনাধ্যক্ষজনেই (কোনোবা এটা সময়ৰ) আছিল আদিবাসী সন্তান লগতে সৈন্য-সামন্ততো, শংকৰদেৱ মাধৱদেৱৰ দিনতো ধৰ্মৰে দীক্ষিত হৈ শিষ্য আছিল, তেনেকৈ গোঁসাই কমল আলি বন্ধাওঁতেও এই লোকসকলৰ অৱদানৰ কথা পোৱা যায়, আৰু বৃটিছ খেদোৱা আন্দোলনৰ কথা নক’লেও হয় !
বৰ্তমানে এই আদিবাসী বুলি চিনাকিকৃত জনসমাজটোক একমাত্ৰ বঞ্চনা, প্ৰতাৰণাৰ বলি আৰু দাৰিদ্ৰতাৰে দু:খময় জীৱন কৰি তোলাৰ বাবেই আজিৰ তাৰিখতো অস্তিত্বৰ ওপৰত বিস্তাৰিত ৰূপৰ সঠিক কথাবোৰ ওলোৱা নাই, গোপনে হৈয়ে ৰৈ আছে, যথোপযুক্ত অধ্যয়ণ, গৱেষণাৰ অবিহনে শুদ্ধৰূপৰ কোনো এটা দিশৰেই সিদ্ধান্ত দিব বা লৈ ল’ব নোৱাৰি | ইংৰাজ ৰাজত্বৰ আগে পিছে সৃষ্টি বহুতো দেশী বিদেশী সাহিত্য লেখাই বহু কথা আৰু নিৰ্ণয়ন দি গৈছে, যাৰ পৰা আমি বহুতো কথাৰেই আঁত পাব পাৰোঁ বা স্পষ্ট হ’ব পাৰোঁহঁক|
যি কি নহওক, অধ্যয়ণত দেখা যায় এই জনসমাজৰ সৃষ্টি মুখ্যত: অষ্ট্ৰিক-মংগোলীয়, কিন্তু কম পৰিমানে আৰ্য, দ্ৰাবিড়ো সাঙোৰ খাই আছে | প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত থকা খেল বিভাজনৰ দৰে এই বৃহৎ আদিবাসীৰ সন্মিলিত সমাজখনতো বংশ, গোত্ৰ, বৰ্ণৰ বিভাজন আছে |
এই লেখাত ক’ব খোজা বিষয়টোৰ অৱতাৰনাৰ আগে এই কিঞ্চিত ৰূপত এক সম্যক ধাৰণা আহিবৰ বাবেই এনে পৰিচিতি উল্লেখ কৰিলোঁ, আহো মূল প্ৰসঙ্গলৈ –
আজিৰ তাৰিখত আমি অসমবাসীয়ে যেনেকৈ এই ভূখণ্ডত বসবাস কৰি থকা সকলো জাতি উপজাতি জনগোষ্ঠীৰ – উমৈহতীয়া চিনাকিৰ বাহক হিচাপে বিহুক পোষকতা কৰোঁ, ঠিক তেনেকৈ, আদিবাসীসকলৰ মাজতো – এক সময়ৰ বিৱৰ্তনৰ মাজেৰে আহি আহি ‘কৰম পূজা’টোকেই উমৈহতীয়া ধাৰণাৰে প্ৰতিষ্ঠিত কৰা হৈছে | চাব গ’লে – প্ৰথমে আৰ্য, দ্ৰাবিড় সমাজত এই কৰম পালনৰ নিয়ম পোনপটীয়াকৈ নাছিল, আজি সময়ৰ আহবানত সৱে আঁকোৱালি লৈছে আৰু শ্ৰীবৃদ্ধিৰ বাবেও আগ্ৰহান্বিত, এই সংঘবদ্ধতা সমাজখনৰ কাৰণে শুভ লক্ষণ আৰু সমন্বয়ৰ কাৰক !
বিহুবোৰ যেনেকৈ কৃষিভিত্তিক, কৰমো কৃষিভিত্তিক| খেতিত শস্য শ্যামলা হ’বৰ বাবেই কৰমক কিছু জাগতিক নিয়ম প্ৰণালীৰে পতা হয়, ই এক পৰম্পৰাগত বিশ্বাস| সমাজখনৰ মাজত প্ৰচলিত বহুতো পূজা – উৎসৱ
নহয়, কিন্তু কৰম পূজা যদিও ইয়াক উৎসৱ বুলিবও পাৰি, কিয়নো, ইয়াত মনৰ হেঁপাহেৰ নৃত্য, গীত বাদ্যবাদনেৰে কৰি আনন্দ কৰা দেখা যায়| এই কৰম পৰৱক শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ দৰেই দেখা যায়|
কৰম পূজা সাধাৰণতে তিনিটা, তিনিটা সময়ত পতা দেখা যায় —
১) ভাদ মাহৰ শুক্লা একাদশীৰ তিথিত পতাটোক কয় – ‘জীতিয়া কৰম’,
২) আহিন মাহৰ বিজয়া দশমী তিথিত পতাটোক কয় – ‘বুঢ়ী কৰম’ আৰু
৩) ৰাস পূৰ্ণিমা তিথিত পতাটোক কয় – ‘ৰাস ঝুমুৰ’ ¡ কিন্তু, সৰ্বোত্তম কৰমটোৱেই হ’ল – ‘জীতিয়া কৰম’ |
পালন কৰাৰ ক্ষেত্ৰত দেখা যায় – প্ৰথমে ‘যাৱা তোলা’ প্ৰথা, (যাৱা হ’ল সেই শস্য, যি পূজাৰ বাবে ৰূপিত অংকুৰিত শস্য) পূজা পালনাৰ্থে কেইজনীমান ৰমণীয়ে (যাক কৰমতী কোৱা হয়) পূজাৰ ৩/৫/৭ দিনৰ আগতেই কোনো নদীৰ ঘাটলৈ ঢাক, মাদল বজাই, ধূপ, দীপ, নৈবদ্য লৈ স্নান আদি কৰি নিৰ্দিষ্ট এক ঠাইত পূজা আগবঢ়ায়, তাতেই প্ৰয়োজন হয় বালিৰ| সেই বালিত লগত লৈ যোৱা মাটিমাহ, মগুমাহ, বাজড়া, ধানৰ বীজ সিঁচি দি নিজৰ নিজৰ চিন ৰাখি থৈ আহে | এক বিশ্বাস আছে যে, যদি পূজাৰ দিনৰলৈকে সেই বীজ অংকুৰিত হৈ (যাক যাৱা কোৱা হয়) লহপহাই উঠিব, তেন্তে, সেইবছৰৰ বতৰত খেতি ভাল হ’ব, এয়াই কৰম পূজাৰ বিশেষ বিশ্বাস |
নিয়মানুসাৰে পূজা সমাপ্ত নোহোৱা পৰ্যন্ত পূজাটোত জড়িত কোনো লোক কাজিয়া পেচাল কৰিবলৈ নাপায়, গৰম বস্তু সেৱন নকৰে, থিয় হৈ প্ৰস্বাৱ কৰিব নালাগে, সেইকেইদিন সম্পূৰ্ণ সাত্বিক নিয়মৰ মাজত থাকি প্ৰতি গধুলী মূল পূজা পাতিব লোৱা ঠাইত (প্ৰায়ে মানুহৰ ঘৰৰ চোতালতে হয়) সকলোৱে মিলি নাচ গান বাজনা কৰে, এয়া হেনো ‘যাৱা জগোৱা’ প্ৰথা |
যিদিনাই পূজা কৰা হ’ব তাৰ ২/৩ দিনৰ আগত, ধূপ, চাকি আদিৰে গৈ কৰম গছ এজোপাক নিমন্ত্ৰণ কৰি আহে পূজা সেৱা এভাগিৰে — আৰু নিৰ্দিষ্ট দিনা নৃত্য গীত বাদ্যৰ মাজেৰে গৈ সেই গছৰ ডাল কাটি আনি নিৰ্দিষ্ট কৰি ৰখা ঠাইত আনি পোতেহি আৰু যথা নিয়ম অনুসৰি পূজা পাতল কৰে | বেদীৰ চাৰিও কাষে সকলোৱে বহাটো নিয়ম | পূজা শেষ কৰাৰ পাছতেই এজন দায়িত্ব অৰ্পিত লোকে (যাক কহনী বুঢ়া কোৱা হয়) সাধুকথা কোৱাৰ দৰে কৰম পূজাৰ সৃষ্টি, প্ৰাসঙ্গিকতা, গুৰুত্বতা, তাৎপৰ্য, ৰীতি নীতি সকলো বিৱৰি কয়, শুনি সকলোৱে মাজে মাজে শলাগ লোৱাৰ মাত, ভঙ্গী আদি দিয়াটো নিয়ম| কহনী বুঢ়াই মাজে মাজে শুনোঁতাসকলক প্ৰশ্নও কৰে, সেইমতে উত্তৰ দিয়াটো এটা নিয়ম | এনেদৰে গৈ কাহিনী কোৱা শেষ হ’লেই পূজা পতা গৃহস্থৰ ঘৰে নিজৰ ইষ্ট, মৃতকক পূজা সেৱা আগবঢ়ায়, তাৰপাছতেই আৰম্ভ হয় আখড়াৰ| এই পৰ্বত কেতিয়াবা দেখা যায় – ‘ঝুপা উঠা’ ! ঝুপা উঠা মানে কোনোবা ব্যক্তিৰ শৰীৰত কোনো অশৰীৰী আত্মা আহে আৰু তেতিয়াই মানুহজন সাংঘাতিক কায়িক ভঙ্গীমাৰে বিশেষ লহৰত জঁপিয়াব ধৰে, তেতিয়াই আশা পালি থকা বহুলোকে নিজৰ নিজৰ ঘৰুৱা, ব্যক্তিগত সমস্যা, গ্ৰহদোষ, যোগিনীদোষ, অপায় অমঙ্গল মোচনৰ বাবে উপায় বিচাৰে, আৰু সেইমতে পৰামৰ্শ আগবঢ়ায়, সেইসময়ত সেই মানহজন অপ্ৰকৃতিস্থ ৰূপত অৱচেতন মনত থাকে |
থাওকতে এটা কথা উনুকিয়াওঁ যে, পূৰ্বতে এই পূজাত কৰমডাল বা কদমডালহে কাটি আনি পূজাৰস্থলীত পুতিছিল, আজিকালি চিকামৰলীয়া গছৰ ডাল পোতা দেখা যায়, ক’ৰৱাত ক’ৰৱাত অভাৱৰ কাৰণত হয়তো বাঁহ গছৰ গুৰি অংশৰ ফালে ফালি ফুলৰ দৰে বনাই পোতাও দেখা পোৱা যায়, এনে কৰমক ‘ফুল কৰম’ বুলি কয় |
এয়াই হ’ল আদিবাসী সকলৰ মাজত প্ৰচলিত উমৈহতীয়া ৰূপৰ কৰম পূজা অৰ্থাৎ কৰম উৎসৱ| বিজ্ঞান আৰু প্ৰযুক্তিৰ দিনত এই পূজাক বিজ্ঞানসন্মতভাৱে উপস্থাপন কৰিলে নিশ্চয় জনসমাজখন উন্নতি, স্ববিকাশত সকাহ পাব, আজি কৰম মঞ্চলৈ পৰ্যবসিত হ’ল, বিভিন্ন বিষয়ৰ ওপৰত আলোচনাচক্ৰ, কাৰ্যসূচীও ৰূপায়ন কৰা হৈছে, তাৰেই ধ্বজাবাহক নিশ্চয় ‘কৰম সন্মিলন’বোৰ, ই এক জনমানসৰ প্ৰগতিৰ ইচাৰা ! যিয়েই নহওক, কৰমৰ প্ৰকৃত মান, মৰ্যদা, স্বকীয়তা, গুৰুত্বতা আৰু প্ৰকাশ, প্ৰচাৰ, প্ৰসাৰ নিৰ্ভুলভাৱে হওক — এয়া যে গঠণ হ’ব ধৰা বৃহত্তৰ অসমীয়া জাতিৰে এক অঙ্গাঙ্গি সংস্কৃতি, গতিকে আমি – সকলো জনসমাজৰ জনগোষ্ঠীয় সন্নিহিত বিশ্বাস পৰম্পৰা আদিবোৰ জানি নিজৰ বুলি লৈ গঠণ কৰোঁ আহক আমাৰ শান্তিৰ আধাৰ অসমীয়া জাতি – এয়াই হ’ব আমাৰ ভাই ভাইৰ অমল ‘শ্লোগান’ — তেতিয়াহে কোৱাৰ সাৰ্থকতা থাকিব – আমি যে এক – একেটা জাতিৰ !

মন্তব্য

পঢ়িব পাৰে

সোনোৱাল কছাৰীসকলৰ লগ বিহু : এটি চমু আলোকপাত

কৰৱী বৰশইকীয়া : নিজা কৃষ্টি-সংস্কৃতিৰে চহকী উজনি অসমৰ এটি অন্যতম জনগোষ্ঠী হ’ল সোনোৱাল কাছাৰীসকল।বৃহত্তৰ অসমীয়া …