হিন্দোল

মুৰ্চ্ছনা শইকীয়া গগৈ

:”নাই নাই,দাদা,নকৰিব,হাতযোৰ কৰিছোঁ।দাদা..”-সুনীতাৰ কাতৰ অনুৰোধত ৰঞ্জন কাকতিৰ উত্তেজিত তেজৰ উত্তেজনা আৰু বাঢ়িল।স্নানাগাৰটোৰ ঠেক পৰিসৰত তাই কোনদিশে অস্তিত্বক ৰক্ষা কৰিব ?সুনীতা অসহায়।
“আই বসুমতী,ফাট মেলা, মোৰ নাৰীসত্বাক ৰক্ষা কৰা।” তাইৰ কলিজাই চিৎকাৰ কৰিলে।এইবাৰ কাকতি একপ্ৰকাৰ জঁপিয়াই পৰিল সুনীতাৰ গাত।
হঠাতে
”টিং-টিং, টিং-টিং” কৈ কলিং বেলটো বাজিল।কাকতিয়ে  উত্তেজিত দেহাটোক কোনোমতে চম্ভালি বাহিৰলৈ ওলাই গ’ল এজন ভদ্ৰ স্বাভাৱিক মানুহ হৈ।

  ৰঞ্জন কাকতি গাঁৱৰ ভিতৰতে এজন ধনী মানুহ। ডাঙৰ ব্যৱসায় তেওঁৰ।গাঁৱৰ মানুহে সেয় জ্ঞান কৰে।নিজৰ বলত গঢ়া ঘৰখন সম্পত্তি বোৰে তেওঁক সন্মান দিয়ে‌।এজনী ছোৱালী আৰু পত্নীৰে সৈতে এখন ধনে-ধানে উভৈনদী সংসাৰ তেওঁলোকৰ।সুনীতাই তেওঁলোকৰ ঘৰত কাম কৰা আজি প্ৰায় চাৰিবছৰ মানেই হ’ল। আজি বাইদেউ নাই,মাকৰ ঘৰলৈ গৈছে অলপ সময়ৰ আগত।তাইক তাইৰ পাওনা টকাকেইটামান দি গৈছে।তাই তেওঁ যোৱাৰ পাছতে গ’লগৈহেঁতেন ,কিন্তু কাম দুটামান বাকী ৰোৱাৰ বাবেহে তাই ৰৈ গৈছিল।সেইজন কোন আহিল..!তেওঁ যেন দেৱতা হৈহে আহিল তাইৰ অস্তিত্ব ৰক্ষাৰ্থে। অ’ত বছৰে স্বামীয়ে এৰি থৈ যোৱা উকা কপাল আৰু দাগবিহীন কাপোৰৰ দৰেই তাই নিজকে এটাও দাগ নলগোৱাকৈ ৰাখিলে।আজি যে ..কি হৈ গ’ল হয়..উসঃ…
:”অ হাজৰিকা দা..আহক আহক।”-কাকতিয়ে মানুহ জনক  ভিতৰলৈ আনি আথে-বেথে বহুৱালে।

 কান্দি কান্দি জুৰুলা হোৱা সুনীতাই কোনোমতে গা-ধোৱা ঘৰটোৰপৰা ওলাই কাকতিৰ বাৰীৰ জেওৰা পাৰ হৈ ঘৰলৈ বাট ল’লে।চাদৰৰ আগটোতে বান্ধি লোৱা টকা কেইটা একপ্ৰকাৰ বুকুতে সাৱতিলে।
আজি মিনতিৰ জীয়েকৰ বিয়াৰ জোৰোণ দিবহি।তালৈ এপাক নগ’লে কাললৈ কথা থাকিব।সেয়ে কাকতিৰ ঘৈণীয়েকৰ পৰা পাওনা টকাকেইটা লৈছিল।কান্দি কান্দি বাটটোকে নেদেখা হৈছে তাই।দুচকুৰে যেন বাৰিষাৰ ঢল হৈ নামিছে।

             °  °  °  °

 ঘৰটো পথৰ দাঁতিত।তাই জপনাখন মেলি সোমালেগৈ।সোমায়ে গাতো দমকলটো চলাই কলহৰ কাণে গা ধুলে,যেন কলংকিত সেইজন ব্যক্তিৰ হাতৰ লেতেৰা পৰশ গাৰপৰা আঁতৰি যায়।

ছোৱালী জনী কলেজৰ পৰা অহাই নাই।আজি-কালি  তাই অকলে  আহিবলৈ ভয় কৰে।সেয়ে লগৰ কেইবাজনীও ছোৱালী একেলগ হৈ আহে।কলেজৰ কাষৰ পান ঘুমতি,তিনি আলিত পিলিঙা দুজন মান ৰৈ থাকে।সিহঁতক অশ্লীল কথাৰে হাঁহি হাঁহি তাচ্ছিল্য কৰে সেই পিলিঙা কেইজনে।সেই বাটেৰে অকলশৰে যাব নোৱাৰি।সেয়ে কেইবাজনী গোট হৈহে ঘৰলৈ আহে।তাই আহিলেহে আজৰি হৈ মিনতিৰ ঘৰলৈ যাব।

          °   °   °   °

   মিনতিৰ ঘৰত বহুত মানুহ।জীয়েকৰ জোৰোণ; সাধ্যানুসাৰে ডাঙৰকৈ পাতিছে।সুনীতাই ৰভাতলীলৈ সোমোৱাৰ আগেয়ে নিজৰ সাজযোৰ অলপ ঠিক-ঠাক কৰি ল’লে।লগতে খেলি-মেলি মনটোকো ।হৈ যোৱা ঘটনাটোও একাষৰীয়াকৈ থৈ ল’লে।তাই কণীৰ কুহুম যেন ৰঙৰ পুৰণা পাটৰ সাজযোৰকে পিন্ধি আহিল,বিয়া ঘৰ যিহেতু ;সেইযোৰ মানুহজনেই দি যোৱা।জীয়েকজনীক ৰঙা কাপোৰযোৰে বৰ মৰম লগা কৰি তুলিছে।মিনতি ইটো -সিটো কামতে ব্যস্ত আছিল, কইনাৰ মাক,ব্যস্ত হ’বই।বহু সময়ৰ পাছত মাত এষাৰ লগালেহি জানোবা-
:”অই,আহিলি ন..মোৰযে চা চোন,সময় মিলাবই পৰা নাই।জোৰোণ হেনো ৰাতিলৈ পাবহি।তহঁতে বিয়াৰ পিছদিনা লৈকে থাকিবি দেই।
অ’ মাজনী বাইদেউ ভিতৰতে আছে,যোৱা আকৌ ।” -খৰধৰকৈ কথাকেইটা ক’লে।
:”হ’ব যা ঔ,বিয়াখন সুকলমে হওঁক দে। আমি আছো।” সুনীতাই হাঁহি এটিৰে মিনতিক ক’লে।
:”সকলো ঠিকে-ঠাকে হৈছে বুইছ’।আজি-কালি ছোৱালীক উলিয়াই দিবলৈও ভয় জাননে,ক’ত বা ছোৱালীৰ জগৰ লাগে, সেয়ে সকলো আঁতি মাৰি যৌতুকৰ বস্তু যিমান পাৰো দি দিছো।ওচৰৰে ছোৱালী এজনীক জ্বলাই মাৰিলে ঔ স্বামীঘৰত।
মোৰ জোৱাঁই বৰ ভাল।তথাপিও…”
:”এই শুভক্ষণত তোৰ মুখত এইবোৰ আপদীয়া কথা কিয় অ’?ছোৱালীজনী নতুন জীৱন এটাৰ বাবে আগবাঢ়িছে।এইবোৰ কথা অমংগলীয়া অ’,নাপাতিবি।”
:”জানো জানো ঔ,তোক আকৌ এনেই কথাটো কৈছো দে।বাৰু বাদ দে এইবোৰ।
চাহ-জলপান খাবি দেই,মই কামত ধৰোগৈ।”

             °  °  °  °

  আয়তীৰ পবিত্ৰ উৰুলিৰ  ধ্বনিৰে বিয়াঘৰ উদুলি-মুদুলি।হাঁহি-ধেমালিৰে সকলোৰে মাজত বিয়নি মেল। জোৰোণৰ মংগলকাৰ্য আৰম্ভ হ’ল । সখীয়েকৰ ছোৱালীৰ বিয়া।সুনীতাৰো মনটোত অলপ উখল-মাখল লগালে।একান্তমনে  সুনীতাই এচুকত বহি মাংগলিক জোৰোণ দিয়া নীতি-নিয়মবোৰ  চাই থাকোতে হঠাতে এগৰাকী যুৱতী আহি মিনতিৰ কথামতে তাইক অলপ সময়ৰ বাবে বাহিৰলৈ ওলাই দিবলৈ ক’লেহি।
:”বাইদেউ, মিনতি বাইদেউয়ে আপোনাক জোৰোণ দিয়া শেষ হোৱালৈকে এই সময়কণ অকণমান আঁতৰি দিবলৈ কৈছে।মানে বাইদেউ……”
 তাই বুজিলে। মিচিকিয়া হাঁহিৰে তাইক মৌন ভাষাৰেই প্ৰত্যুত্তৰ দিলে আৰু লাহেকৈ বাহিৰত সজাই থোৱা চকী এখনতে বহিলহি।তাইৰ ছোৱালী জনী কইনাৰ কাষতে আছিল। নিজৰ উকা কঁপাল খনক এবাৰ চুই চালে তাই।ৰঙা সেন্দুৰখিনি যে নিয়তিয়ে তাইৰপৰা কাঢ়ি নিলে সেয়ে, তাইক আজি মংগলকাৰ্যৰপৰা আতঁৰাই পঠালে।
তপত অনল এটুপি গালত সৰিল।মানুহ জন লগত থকা হ’লে সেই পাপৰ টকা খোৱা কাকতিৰ হাত তাইৰ গালৈ নাহিল হেঁতেন চাগে।ভাবনাত আৰু বিভোৰ নহ’ল তাই।নিজকে চম্ভালি কোনো মতে পিছদিনা বিয়াখন খাই ঘূৰি যোৱাৰ কথা চিন্তা কৰিলে।জোৰোণ হৈ গ’ল। ৰাতিটো তেনেকৈ শুৱা নহ’লেই।পিছদিনা বিয়াখনত দৰা আহি পোৱাৰ আগতেই তাই বিয়াঘৰৰপৰা গুছি আহিলে জীয়েকক লগতে লৈ। ঘৰ আহি পাওঁতে প্ৰায় একমান বাজিল।বাটতে শুনিলে-গাঁৱৰে জেতুকী আইতাৰ কথা। কালি ডাইনী বুলি বহুত মানুহে মাৰ-ধৰ কৰিলে।বেচেৰী  বৃদ্ধাগৰাকী অকলেই আছিল।কাৰো একো অন্যায় নকৰাকৈ।অথচ তেওঁ অকলশৰীয়া  নাৰী বাবেই আজি মানুহৰ এনে বৰ্বৰতাৰ সন্মুখীন হ’ব লগাত পৰিল।
সুনীতাৰ মনটো সেমেকি উঠিল।সমাজ খন কোন দিশে আজি,জড় হৈ গ’ল নে মানুহৰ হৃদয়‌?কিয় ইমান গ্ৰাসত ডুব গ’ল,অমানৱীয়তাৰ ক্লেষত লুতুৰি-পুতুৰি হৈ কিয় মানুহ মানুহ হোৱাৰ গৌৰৱ নোহোৱা কৰিছে?নাৰীয়েই বাৰে বাৰে কিয় নিৰ্যাতনৰ বলি হ’ব লগা হৈ আছে?নাৰী জননী অথচ নাৰীয়েই কামনাৰ বলি হয় সদায়!তেনে পূজা কিয় কৰে নাৰীক?
হাহাঁকাৰ কৰি উঠা গধুৰ মন এটা লৈ তাই বিচনাত বাগৰিল।কাইলৈৰপৰা তাই আৰু কাকতিৰ ঘৰলৈ নোযোৱাটো ঠিক কৰি নতুনকৈ কিবা এটি কৰিবলৈ মন বান্ধি নিজক শান্ত কৰাৰ চেষ্টা কৰিলে।যদিও কাকতিৰ সেই দৃশ্য, সেই ৰূপ,বিয়াঘৰত তাইৰ লগত হোৱা ঘটনা তেতিয়াও তাইৰ চকুৰ সন্মুখত ,মানসপটত ভাঁহি থাকিল।
তেতিয়া জীয়েকৰ ম’বাইলত লাহে লাহে বাজি থকা সুধাকণ্ঠৰ কালজয়ী গীত এটিৰ এটি অন্তৰা তাই কাণত গুঞ্জিত হ’ল-

“মানুহ যদিহে নহয় মানুহ,
দানৱ কাহানিও নহয় মানুহ,
যদি দানৱ কাহানিবা হয়য়ে মানুহ,
লাজ পাব কোনেনো কোৱা সমনীয়া..
মানুহে মানুহৰ বাবে……”

মন্তব্য

পঢ়িব পাৰে

সন্ধিক্ষণ

(এক) “চিঃ চিঃ হৰি হৰি নাপায় দেউ পুৱাই পুৱাই কাৰ মুখ দেখিলো পাপে নুচুলেহে ৰক্ষা …